--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভাটৌ চৰাইৰ কাণ্ডই মুগ্ধ কৰিছে অনেকক। সাধুকথাৰ দৰেই এই ভাটৌ চৰাইৰ ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ আগ্ৰাত। এটা আফ্ৰিকান ভাটৌক লৈ দুজন লোকৰ বিবাদ হয়।

দুয়োজনে দাবী কৰে যে ভাটৌটো তেওঁৰ। আৰক্ষী থানাতো গৈ তেওঁলোকে নিজৰ নিজৰ দাবী কৰে। দুয়োজনে কয়- “ভাটৌটো মোৰ, তেওঁৰ নহয়”।

দুয়োজনৰ মাজত হোৱা তীব্ৰ বাক-বিতণ্ডাত বিমোৰত পৰে আৰক্ষী। কেনেদৰে সমাধান বাহিৰ কৰিব আৰক্ষীয়ে ভাবিব ধৰে। শেষত সকলো বিবাদৰ সমাধান দিলে ভাটৌটোৱে নিজে!

কথা ক’ব পৰা ভাটৌটোৱে নিজৰ মালিকৰ নাম কৈ দিয়ে আৰু সকলো বিবাদ অন্ত পৰে।

ভাটৌটোৰ দুই দাবীদাৰৰ নাম হ’ল অজয়কুমাৰ বাৰ্মা আৰু মুনেন্দ্ৰ জৈন। আৰক্ষীয়ে জনোৱামতে, ২০১৮ চনত অজয়ক এটা আফ্ৰিকান ভাটৌ উপহাৰ দিয়ে মুনেন্দ্ৰই। অজয়ৰ দাবী, যোৱা চাৰি বছৰ ধৰি ঘৰতে যত্ন কৰি পোহপাল দিয়া হৈছে ভাটৌটোক। তেওঁৰ কন্যা মুনমুনে ভাটৌটো চোৱাচিতা কৰে।

অজয়ে আৰু কয় যে মুনেন্দ্ৰই ভাটৌটো ভালদৰে পোহপাল দিব পৰা নাছিল বাবেই তেওঁক দি দিছিল। অজয়ৰ পৰিয়ালৰ এজনৰ দৰেই হৈ পৰিছে চৰাইটো।

কিন্তু শেহতীয়াকৈ মুনেন্দ্ৰই দাবী কৰে যে ভাটৌটো তেওঁক ঘূৰাই লাগে। এই দাবী মানিবলৈ নাৰাজ হয় অজয়।  আৰক্ষীৰ কাষ চাপে মুনেন্দ্ৰ। আৰক্ষীয়ে মাতে অজয়ক। শেষত থানাত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা হ’বলৈ ধৰে।

থানালৈ ভাটৌটোকো লৈ অহা হয়। অজয়-মুনেন্দ্ৰৰ বাক-বিতণ্ডাৰ মাজতে হঠাৎ ভাটৌটোৱে চিঞৰি উঠে- “মুনমুন তই ক’ত, মুনমুন তই ক’ত”। ভাটৌটোৱে এইদৰে অজয়ৰ কন্যা মুনমুনক মাতিছিল।

তাৰপাছতে আৰক্ষীয়ে সমাধান বাহিৰ কৰে। ভাটৌটোৱে মুনমুনৰ নাম লোৱাত আৰক্ষীয়ে বুজি পালে যে চৰাইটোৰ প্ৰকৃত পালক অজয়। সেয়ে অজয়ৰ হাততে ভাটৌটো গটাই দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক