--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভাটৌ চৰাইৰ কাণ্ডই মুগ্ধ কৰিছে অনেকক। সাধুকথাৰ দৰেই এই ভাটৌ চৰাইৰ ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ আগ্ৰাত। এটা আফ্ৰিকান ভাটৌক লৈ দুজন লোকৰ বিবাদ হয়।

দুয়োজনে দাবী কৰে যে ভাটৌটো তেওঁৰ। আৰক্ষী থানাতো গৈ তেওঁলোকে নিজৰ নিজৰ দাবী কৰে। দুয়োজনে কয়- “ভাটৌটো মোৰ, তেওঁৰ নহয়”।

দুয়োজনৰ মাজত হোৱা তীব্ৰ বাক-বিতণ্ডাত বিমোৰত পৰে আৰক্ষী। কেনেদৰে সমাধান বাহিৰ কৰিব আৰক্ষীয়ে ভাবিব ধৰে। শেষত সকলো বিবাদৰ সমাধান দিলে ভাটৌটোৱে নিজে!

কথা ক’ব পৰা ভাটৌটোৱে নিজৰ মালিকৰ নাম কৈ দিয়ে আৰু সকলো বিবাদ অন্ত পৰে।

ভাটৌটোৰ দুই দাবীদাৰৰ নাম হ’ল অজয়কুমাৰ বাৰ্মা আৰু মুনেন্দ্ৰ জৈন। আৰক্ষীয়ে জনোৱামতে, ২০১৮ চনত অজয়ক এটা আফ্ৰিকান ভাটৌ উপহাৰ দিয়ে মুনেন্দ্ৰই। অজয়ৰ দাবী, যোৱা চাৰি বছৰ ধৰি ঘৰতে যত্ন কৰি পোহপাল দিয়া হৈছে ভাটৌটোক। তেওঁৰ কন্যা মুনমুনে ভাটৌটো চোৱাচিতা কৰে।

অজয়ে আৰু কয় যে মুনেন্দ্ৰই ভাটৌটো ভালদৰে পোহপাল দিব পৰা নাছিল বাবেই তেওঁক দি দিছিল। অজয়ৰ পৰিয়ালৰ এজনৰ দৰেই হৈ পৰিছে চৰাইটো।

কিন্তু শেহতীয়াকৈ মুনেন্দ্ৰই দাবী কৰে যে ভাটৌটো তেওঁক ঘূৰাই লাগে। এই দাবী মানিবলৈ নাৰাজ হয় অজয়।  আৰক্ষীৰ কাষ চাপে মুনেন্দ্ৰ। আৰক্ষীয়ে মাতে অজয়ক। শেষত থানাত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা হ’বলৈ ধৰে।

থানালৈ ভাটৌটোকো লৈ অহা হয়। অজয়-মুনেন্দ্ৰৰ বাক-বিতণ্ডাৰ মাজতে হঠাৎ ভাটৌটোৱে চিঞৰি উঠে- “মুনমুন তই ক’ত, মুনমুন তই ক’ত”। ভাটৌটোৱে এইদৰে অজয়ৰ কন্যা মুনমুনক মাতিছিল।

তাৰপাছতে আৰক্ষীয়ে সমাধান বাহিৰ কৰে। ভাটৌটোৱে মুনমুনৰ নাম লোৱাত আৰক্ষীয়ে বুজি পালে যে চৰাইটোৰ প্ৰকৃত পালক অজয়। সেয়ে অজয়ৰ হাততে ভাটৌটো গটাই দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু