--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ৰাৱণ'ৰ পিছত এইবাৰ  'নিগনি'! কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পুনৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অতি অশোভনীয়ভাবে আক্ৰমণ কৰিলে।ৰাজস্থানৰ আলোৱাৰত এখন ৰাজহুৱা সভাত দিয়া তেওঁৰ ভাষণক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে কি কৈছিল? তেওঁ অলপতে অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনৰ সেনাৰ আক্ৰমণৰ কথা উল্লেখ কৰি কেন্দ্ৰক আক্ৰমণ কৰে। খাৰ্গেই কয়"তেওঁ (মোদীয়ে) বাহিৰত সিংহৰ দৰে কথা কয়। কিন্তু ভিতৰৰ পৰা তেওঁ এটা  নিগনিহে। আমি দেশৰ সৈতে আছো। কিন্তু চৰকাৰে তথ্যবোৰ লুকুৱাই ৰাখিছে। "বিজেপিক আক্ৰমণ কৰি খাৰ্গেই কয়, " কংগ্ৰেছে দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ দৰে নেতাই নিজৰ জীৱন দেশৰ বাবে  উৎসর্গ কৰিছিল।

খাৰ্গেৰ মন্তব্যকলৈ  সংসদতো তীব্ৰ বাকবিতণ্ডা হয়। । মঙলবাৰে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিজেপিয়ে খাৰ্গেক তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায়। বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কয়, "আলোৱাৰত আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে মল্লিকাৰ্জুন খাৰ্গেই ক্ষমা বিচাৰিব লাগে। ইয়াৰ প্ৰত্যুত্তৰত খাৰ্গেই কয়, "আপুনি দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া লোকসকলক ক্ষমা বিচাৰিবলৈ কৈছে নেকি?"
 
উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে কয়, "দেশৰ ১৩৫ কোটি লোকে আপোনালোকক লক্ষ্য কৰি আছে। সংসদত  আমি এটা অতি বেয়া উদাহৰণ স্থাপন কৰি আছো।সেয়ে  মানুহৰ সংসদৰ প্ৰতি মোহভঙ্গ হৈছে"। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক