--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ৰাৱণ'ৰ পিছত এইবাৰ  'নিগনি'! কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পুনৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অতি অশোভনীয়ভাবে আক্ৰমণ কৰিলে।ৰাজস্থানৰ আলোৱাৰত এখন ৰাজহুৱা সভাত দিয়া তেওঁৰ ভাষণক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে কি কৈছিল? তেওঁ অলপতে অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনৰ সেনাৰ আক্ৰমণৰ কথা উল্লেখ কৰি কেন্দ্ৰক আক্ৰমণ কৰে। খাৰ্গেই কয়"তেওঁ (মোদীয়ে) বাহিৰত সিংহৰ দৰে কথা কয়। কিন্তু ভিতৰৰ পৰা তেওঁ এটা  নিগনিহে। আমি দেশৰ সৈতে আছো। কিন্তু চৰকাৰে তথ্যবোৰ লুকুৱাই ৰাখিছে। "বিজেপিক আক্ৰমণ কৰি খাৰ্গেই কয়, " কংগ্ৰেছে দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ দৰে নেতাই নিজৰ জীৱন দেশৰ বাবে  উৎসর্গ কৰিছিল।

খাৰ্গেৰ মন্তব্যকলৈ  সংসদতো তীব্ৰ বাকবিতণ্ডা হয়। । মঙলবাৰে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিজেপিয়ে খাৰ্গেক তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায়। বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কয়, "আলোৱাৰত আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে মল্লিকাৰ্জুন খাৰ্গেই ক্ষমা বিচাৰিব লাগে। ইয়াৰ প্ৰত্যুত্তৰত খাৰ্গেই কয়, "আপুনি দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া লোকসকলক ক্ষমা বিচাৰিবলৈ কৈছে নেকি?"
 
উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে কয়, "দেশৰ ১৩৫ কোটি লোকে আপোনালোকক লক্ষ্য কৰি আছে। সংসদত  আমি এটা অতি বেয়া উদাহৰণ স্থাপন কৰি আছো।সেয়ে  মানুহৰ সংসদৰ প্ৰতি মোহভঙ্গ হৈছে"। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু