--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব’হাগত আলিয়া-ৰণবীৰৰ বিবাহ৷ দুয়োটা পৰিয়ালে এই বিষয়ে কোনো তথ্য লাভ কৰা নাই যদিও ইতিমধ্যেই বিবাহৰ যো-জা তংগত উঠিছে৷ গাত মা-হালধি সানি সৌন্দৰ্য বৰ্ধনত ব্যস্ত অভিনেত্ৰী আলিয়াও৷ পিছে তেওঁলোকৰ বিবাহৰ বাবে বিশেষ সুৰক্ষাকৰ্মী নিয়োজিত কৰা হৈছে৷ বিবাহৰ সুৰক্ষাৰ ওপৰত বিশেষ নজৰ দিছে আলিয়াৰ পৰিয়ালে৷  

বিগত কেইমাহ ধৰি দুয়োজন তাৰকাৰ বিবাহৰ কথাই গুঞ্জৰিত কৰিছে বলীউড। কাপুৰৰ ঘৰটো অতি জাক-জমকতাৰে সজোৱা হৈছে। ভাট আৰু কাপুৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বিবাহৰ বাতৰি যাতে ৰাজহুৱা নহয় তাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। কেৱল সেয়াই নহয়, বিয়াখনত কঠোৰ নিৰাপত্তা থাকিব বুলিও জানিব পোৱা গৈছে। ড্ৰোন আৰু দেহৰক্ষীৰ সহায়ত বিবাহৰ মণ্ডপ নিৰীক্ষণ কৰা হ'ব। ২০০জন সুৰক্ষাকৰ্মীক ইতিমধ্যেই নিয়োজিত কৰা হৈছে। আলিয়াৰ সম্পৰ্কীয় ভাই ৰাহুল ভাটে এই সন্দৰ্ভত কয় যে তেওঁ নিজেই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত নজৰ ৰাখিব। পেছাত এজন স্বাস্থ্য-প্ৰশিক্ষক আৰু অভিনেতা ৰাহুলৰ মতে ড্ৰোন উৰুৱাই বতাহত নিৰন্তৰ নিৰীক্ষণ কৰা হ'ব। তেওঁৰ ভনীয়েকৰ বিয়াত যাতে কোনো অবাঞ্ছিত ঘটনা সন্মুখীন নহয় তাৰ বাবে কঠোৰ হৈ পৰিছে ভাট পৰিয়ালৰ সুৰক্ষা ব্যৱস্থা।

শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতেই বিবাহপাশত আবদ্ধ হ'ব। বিয়াৰ ঠিক পিছতে নৱদম্পতিহালে তেওঁলোকৰ মধুচন্দ্রিমা কটাবলৈ মুম্বাইৰ বাহিৰলৈ যাব। কাপুৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি দুয়োজনে প্ৰথমতে দক্ষিণ আফ্ৰিকাৰলৈ যোৱাৰ কথা ভাবিছিল। কিন্তু অভিনেতা ৰণবীৰৰ নতুন ছবি 'এনিমেল'ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ৰণবীৰে ২১ এপ্ৰিলৰ পৰা তেওঁৰ নতুন চলচ্চিত্ৰৰ কামলৈ উভতি আহিব লাগিব। কিন্তু ছবিখন সম্পূৰ্ণ হোৱাৰ পাছত তাৰকা দম্পতীহাল দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পৰিকল্পনা কৰিছে৷ 

এক পুৰণি সাক্ষাৎকাৰত আলিয়াই তেওঁ প্ৰেম বিবাহৰ বিষয়ে মন্তব্য কৰিছিল। লগতে তেওঁ কৈছিল যে তেওঁ এগৰাকী সাধাৰণ ছোৱালী, সেয়েহে সাধাৰণ মানুহৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু