--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব’হাগত আলিয়া-ৰণবীৰৰ বিবাহ৷ দুয়োটা পৰিয়ালে এই বিষয়ে কোনো তথ্য লাভ কৰা নাই যদিও ইতিমধ্যেই বিবাহৰ যো-জা তংগত উঠিছে৷ গাত মা-হালধি সানি সৌন্দৰ্য বৰ্ধনত ব্যস্ত অভিনেত্ৰী আলিয়াও৷ পিছে তেওঁলোকৰ বিবাহৰ বাবে বিশেষ সুৰক্ষাকৰ্মী নিয়োজিত কৰা হৈছে৷ বিবাহৰ সুৰক্ষাৰ ওপৰত বিশেষ নজৰ দিছে আলিয়াৰ পৰিয়ালে৷  

বিগত কেইমাহ ধৰি দুয়োজন তাৰকাৰ বিবাহৰ কথাই গুঞ্জৰিত কৰিছে বলীউড। কাপুৰৰ ঘৰটো অতি জাক-জমকতাৰে সজোৱা হৈছে। ভাট আৰু কাপুৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বিবাহৰ বাতৰি যাতে ৰাজহুৱা নহয় তাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। কেৱল সেয়াই নহয়, বিয়াখনত কঠোৰ নিৰাপত্তা থাকিব বুলিও জানিব পোৱা গৈছে। ড্ৰোন আৰু দেহৰক্ষীৰ সহায়ত বিবাহৰ মণ্ডপ নিৰীক্ষণ কৰা হ'ব। ২০০জন সুৰক্ষাকৰ্মীক ইতিমধ্যেই নিয়োজিত কৰা হৈছে। আলিয়াৰ সম্পৰ্কীয় ভাই ৰাহুল ভাটে এই সন্দৰ্ভত কয় যে তেওঁ নিজেই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত নজৰ ৰাখিব। পেছাত এজন স্বাস্থ্য-প্ৰশিক্ষক আৰু অভিনেতা ৰাহুলৰ মতে ড্ৰোন উৰুৱাই বতাহত নিৰন্তৰ নিৰীক্ষণ কৰা হ'ব। তেওঁৰ ভনীয়েকৰ বিয়াত যাতে কোনো অবাঞ্ছিত ঘটনা সন্মুখীন নহয় তাৰ বাবে কঠোৰ হৈ পৰিছে ভাট পৰিয়ালৰ সুৰক্ষা ব্যৱস্থা।

শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতেই বিবাহপাশত আবদ্ধ হ'ব। বিয়াৰ ঠিক পিছতে নৱদম্পতিহালে তেওঁলোকৰ মধুচন্দ্রিমা কটাবলৈ মুম্বাইৰ বাহিৰলৈ যাব। কাপুৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি দুয়োজনে প্ৰথমতে দক্ষিণ আফ্ৰিকাৰলৈ যোৱাৰ কথা ভাবিছিল। কিন্তু অভিনেতা ৰণবীৰৰ নতুন ছবি 'এনিমেল'ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ৰণবীৰে ২১ এপ্ৰিলৰ পৰা তেওঁৰ নতুন চলচ্চিত্ৰৰ কামলৈ উভতি আহিব লাগিব। কিন্তু ছবিখন সম্পূৰ্ণ হোৱাৰ পাছত তাৰকা দম্পতীহাল দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পৰিকল্পনা কৰিছে৷ 

এক পুৰণি সাক্ষাৎকাৰত আলিয়াই তেওঁ প্ৰেম বিবাহৰ বিষয়ে মন্তব্য কৰিছিল। লগতে তেওঁ কৈছিল যে তেওঁ এগৰাকী সাধাৰণ ছোৱালী, সেয়েহে সাধাৰণ মানুহৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ