--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ দুখী আছিল ৰাখী সাৱন্ত! ছলমান খানতো নহয় যে BMW-ৰ দৰে বিলাসী গাড়ীে এখনৰ গৰাকী হ’ব পাৰে। সংবাদ মাধ্যমৰ আগত এনেধৰণৰ মন্তব্য কৰা দেখা গৈছিল ৰাখীক। তেওঁৰ এই মন্তব্যৰ ভিডিঅ' সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ৰাখীৰ প্ৰাপ্তিযোগ। উপহাৰ হিচাপে ৪০ লাখ টকাৰ এখন BMW X1 গাড়ী লাভ কৰিছে ৰাখীয়ে। 

মন কৰিবলগীয়া যে, সামাজিত মাধ্যমতো সক্ৰিয় ৰাখী। নিজৰ জীৱনৰ বিষয়ে নানা ধৰণৰ তথ্য সামাজিক মাধ্যমতে শ্বেয়াৰ কৰে ৰাখীয়ে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ৰাখীয়ে BMW X1 গাড়ী লাভ কৰাৰ পাছত চেলিব্ৰেচনৰ এটা ভিডিঅ' পোষ্ট কৰিছিল ৰাখীয়ে। ৪০ লাখ টকাৰ এই উপহাৰৰ বাবে ৰাখীয়ে ধন্যবাদ জ্ঞাপন কৰিছে হেয়াৰ এণ্ড স্কিন স্পেছিয়েলিষ্ট ছেলী লাথেৰ,আদিল খান দুৰানী আৰু ৰাজ ভাইয়া নামৰ এগৰাকী ব্যক্তিক।

বলীউডৰ মিৰ্ছি গাৰ্ল ৰাখী সাৱন্ত। বিভিন্ন কাৰণত তেওঁৰ নাম বাতৰিৰ শিৰোনামত থাকে।  বিগত ফেব্ৰুৱাৰী মাহত ৰাখীৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল। BMW গাড়ীৰ শ্বৰূমৰ সন্মুখতে সাংবাদিকৰে মুখামুখী হৈছিল ৰাখী। জনাইছিল যে, তেওঁ ছলমান খান নহয়, সেয়েহে ইমান দামী গাড়ী ক্ৰয় কৰাৰ ক্ষমতা নাই তেওঁৰ। সেইবাবে কেৱল গাড়ীখন চাবলৈকে শ্বৰূমলৈ অহা বুলি জনাইছিল বলীউড অভিনেত্ৰীগৰাকীয়ে। সেই সময়ত অবশ্য ৰাখীয়ে লগতে কৈছিল যে, ‘মই সাধাৰণ মানুহ। অ’টো ৰিক্সাতহে যাতায়ত কৰোঁ। যি এখন গাড়ী আছে তাতে মই সুখী। তথাপি, এনেদৰে শ্বৰূমলৈ গাড়ী চাবলৈ অহাত ক্ষতি নো কি?’ 
স্বাভাৱিকতে, এনেদৰেই সুখী ৰাখী সাৱন্ত। গাড়ীখন লৈ পুনৰ ৰাজপথলৈ ওলাই যায় ৰাখী। BMW দৰে বিলাসবহুল গাড়ীখন চলাবলৈ পাই ৰাখীৰ যে কিমান আনন্দ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু