--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ দুখী আছিল ৰাখী সাৱন্ত! ছলমান খানতো নহয় যে BMW-ৰ দৰে বিলাসী গাড়ীে এখনৰ গৰাকী হ’ব পাৰে। সংবাদ মাধ্যমৰ আগত এনেধৰণৰ মন্তব্য কৰা দেখা গৈছিল ৰাখীক। তেওঁৰ এই মন্তব্যৰ ভিডিঅ' সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ৰাখীৰ প্ৰাপ্তিযোগ। উপহাৰ হিচাপে ৪০ লাখ টকাৰ এখন BMW X1 গাড়ী লাভ কৰিছে ৰাখীয়ে। 

মন কৰিবলগীয়া যে, সামাজিত মাধ্যমতো সক্ৰিয় ৰাখী। নিজৰ জীৱনৰ বিষয়ে নানা ধৰণৰ তথ্য সামাজিক মাধ্যমতে শ্বেয়াৰ কৰে ৰাখীয়ে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ৰাখীয়ে BMW X1 গাড়ী লাভ কৰাৰ পাছত চেলিব্ৰেচনৰ এটা ভিডিঅ' পোষ্ট কৰিছিল ৰাখীয়ে। ৪০ লাখ টকাৰ এই উপহাৰৰ বাবে ৰাখীয়ে ধন্যবাদ জ্ঞাপন কৰিছে হেয়াৰ এণ্ড স্কিন স্পেছিয়েলিষ্ট ছেলী লাথেৰ,আদিল খান দুৰানী আৰু ৰাজ ভাইয়া নামৰ এগৰাকী ব্যক্তিক।

বলীউডৰ মিৰ্ছি গাৰ্ল ৰাখী সাৱন্ত। বিভিন্ন কাৰণত তেওঁৰ নাম বাতৰিৰ শিৰোনামত থাকে।  বিগত ফেব্ৰুৱাৰী মাহত ৰাখীৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল। BMW গাড়ীৰ শ্বৰূমৰ সন্মুখতে সাংবাদিকৰে মুখামুখী হৈছিল ৰাখী। জনাইছিল যে, তেওঁ ছলমান খান নহয়, সেয়েহে ইমান দামী গাড়ী ক্ৰয় কৰাৰ ক্ষমতা নাই তেওঁৰ। সেইবাবে কেৱল গাড়ীখন চাবলৈকে শ্বৰূমলৈ অহা বুলি জনাইছিল বলীউড অভিনেত্ৰীগৰাকীয়ে। সেই সময়ত অবশ্য ৰাখীয়ে লগতে কৈছিল যে, ‘মই সাধাৰণ মানুহ। অ’টো ৰিক্সাতহে যাতায়ত কৰোঁ। যি এখন গাড়ী আছে তাতে মই সুখী। তথাপি, এনেদৰে শ্বৰূমলৈ গাড়ী চাবলৈ অহাত ক্ষতি নো কি?’ 
স্বাভাৱিকতে, এনেদৰেই সুখী ৰাখী সাৱন্ত। গাড়ীখন লৈ পুনৰ ৰাজপথলৈ ওলাই যায় ৰাখী। BMW দৰে বিলাসবহুল গাড়ীখন চলাবলৈ পাই ৰাখীৰ যে কিমান আনন্দ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ