--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এইমুহূৰ্তত আটাইতকৈ জনপ্ৰিয় কেইগৰাকীমান নায়িকাৰ ভিতৰত এগৰাকী হৈছে অভিনেত্ৰী সোণাক্ষী সিনহা। অভিনয় দক্ষতাৰ বাবে সামাজিক মাধ্যমতো জনপ্ৰিয়তা অৰ্জন কৰিছে সোণাক্ষীয়ে। দিনদিয়েক আগেয়ে ছলমান খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ গুঞ্জনো উঠিছিল বলীউড এৰিনাত। পাছে এই মুহূৰ্তত সোণাক্ষীক লৈ আন এটা খবৰ পোহৰলৈ আহিছে। শুনিবলৈ পোৱা মতে, অতি সোনকালে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ বৌৱেক হ'বলৈ গৈ আছে সোণাক্ষী।

এই খবৰটো পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত বিৰাট কোহলী আৰু সোণাক্ষী সিনহাক লৈ অনুৰাগীয়ে একাধিক পোষ্ট কৰা দেখা গৈছে। কেনেকৈ সোণাক্ষী বিৰাট কোহলীৰ বৌৱেক হ’বলৈ ওলাইছে, ইয়াকে জানিবলৈ উত্‍সুক অনুৰাগী। যদি তেনেকোৱাই হয়, তেনেহলে বিৰাটৰ ককায়েক কোন? কাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে সোণাক্ষী? 

পোহৰলৈ অহা তথ্য অনুসৰি, এই খবৰ সম্পূৰ্ণৰূপে সত্য নহয় যদিও মিছাও নহয়। ক’বলৈ গ’লে বিৰাট কোহলী আৰু সোণাক্ষী সিনহা দুয়ো নিজৰ নিজৰ জগতত ছুপাৰষ্টাৰ। এফালে বিৰাট কোহলী যিদৰে এগৰাকী সুদক্ষ বেটছমেন তেনেদৰে সোণাক্ষী জনাজাত তেওঁৰ সাৱলীল অভিনয়ৰ বাবে। তেন্তে কিদৰে বিৰাটৰ পৰিয়ালৰ অংশ হ’বলৈ ওলাইছে সোণাক্ষী?

আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ, পোনপতীয়াকৈ বিৰাট কোহলীৰ পৰিয়ালৰ সদস্য কিন্তু হ’বলৈ ওলোৱা নাই সোণাক্ষী। অৱশ্যে, বিৰাটে ককায়েক জ্ঞান কৰা বন্ধু বাণ্টি সচদেৱৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছে সোণাক্ষী! ছলমান খানৰ সৈতে কিছুদিন আগেয়ে সোণাক্ষীৰ বিবাহৰ হনুবাৰ্তা বিয়পি পৰিছিল সৰ্বত্ৰে। কিন্তু এই সকলো গুজৱক একাষৰীয়া কৰি সোণাক্ষীৰ স্পষ্টমত, এইবোৰ মানুহে সৃষ্টি কৰা উৰাবাতৰি। এইবাৰ বাণ্টিৰ সৈতে সোণাক্ষীৰ বিয়াৰ কথা ওলাইছে। পাছে এই সম্পৰ্কই অন্তিম মুহূৰ্তলৈকে কেনেদৰে আগবাঢ়ে সেয়া লক্ষ্যণীয় হ’ব! যদি বাণ্টিৰ সৈতে অভিনেত্ৰী বিবাহ পাশত আৱদ্ধ হয়  তেনেহ’লে সোণাক্ষী বিৰাটৰ বৌৱেক হোৱাটো খাটাং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ