--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এইমুহূৰ্তত আটাইতকৈ জনপ্ৰিয় কেইগৰাকীমান নায়িকাৰ ভিতৰত এগৰাকী হৈছে অভিনেত্ৰী সোণাক্ষী সিনহা। অভিনয় দক্ষতাৰ বাবে সামাজিক মাধ্যমতো জনপ্ৰিয়তা অৰ্জন কৰিছে সোণাক্ষীয়ে। দিনদিয়েক আগেয়ে ছলমান খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ গুঞ্জনো উঠিছিল বলীউড এৰিনাত। পাছে এই মুহূৰ্তত সোণাক্ষীক লৈ আন এটা খবৰ পোহৰলৈ আহিছে। শুনিবলৈ পোৱা মতে, অতি সোনকালে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ বৌৱেক হ'বলৈ গৈ আছে সোণাক্ষী।

এই খবৰটো পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত বিৰাট কোহলী আৰু সোণাক্ষী সিনহাক লৈ অনুৰাগীয়ে একাধিক পোষ্ট কৰা দেখা গৈছে। কেনেকৈ সোণাক্ষী বিৰাট কোহলীৰ বৌৱেক হ’বলৈ ওলাইছে, ইয়াকে জানিবলৈ উত্‍সুক অনুৰাগী। যদি তেনেকোৱাই হয়, তেনেহলে বিৰাটৰ ককায়েক কোন? কাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে সোণাক্ষী? 

পোহৰলৈ অহা তথ্য অনুসৰি, এই খবৰ সম্পূৰ্ণৰূপে সত্য নহয় যদিও মিছাও নহয়। ক’বলৈ গ’লে বিৰাট কোহলী আৰু সোণাক্ষী সিনহা দুয়ো নিজৰ নিজৰ জগতত ছুপাৰষ্টাৰ। এফালে বিৰাট কোহলী যিদৰে এগৰাকী সুদক্ষ বেটছমেন তেনেদৰে সোণাক্ষী জনাজাত তেওঁৰ সাৱলীল অভিনয়ৰ বাবে। তেন্তে কিদৰে বিৰাটৰ পৰিয়ালৰ অংশ হ’বলৈ ওলাইছে সোণাক্ষী?

আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ, পোনপতীয়াকৈ বিৰাট কোহলীৰ পৰিয়ালৰ সদস্য কিন্তু হ’বলৈ ওলোৱা নাই সোণাক্ষী। অৱশ্যে, বিৰাটে ককায়েক জ্ঞান কৰা বন্ধু বাণ্টি সচদেৱৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছে সোণাক্ষী! ছলমান খানৰ সৈতে কিছুদিন আগেয়ে সোণাক্ষীৰ বিবাহৰ হনুবাৰ্তা বিয়পি পৰিছিল সৰ্বত্ৰে। কিন্তু এই সকলো গুজৱক একাষৰীয়া কৰি সোণাক্ষীৰ স্পষ্টমত, এইবোৰ মানুহে সৃষ্টি কৰা উৰাবাতৰি। এইবাৰ বাণ্টিৰ সৈতে সোণাক্ষীৰ বিয়াৰ কথা ওলাইছে। পাছে এই সম্পৰ্কই অন্তিম মুহূৰ্তলৈকে কেনেদৰে আগবাঢ়ে সেয়া লক্ষ্যণীয় হ’ব! যদি বাণ্টিৰ সৈতে অভিনেত্ৰী বিবাহ পাশত আৱদ্ধ হয়  তেনেহ’লে সোণাক্ষী বিৰাটৰ বৌৱেক হোৱাটো খাটাং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু