--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতৰে বাবে বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত ছবি খনৰ  অৱশেষত মুক্তিৰ দিন ঘোষণা কৰা হ’ল।আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ পুষ্পা ২ ছবিখনে ২০২৪ চনৰ ১৫ আগষ্টত বিশ্বজুৰি বহু ছবিগৃহত মুক্তি পাব। শেহতীয়াকৈ ছবি খনৰ  নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি এখন আনুষ্ঠানিক পোষ্টাৰ মুকলি কৰিছে। এই খবৰে এতিয়া  ছ'চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছে। 

আল্লু অৰ্জুনে শেহতীয়াকৈ ৬৯ সংখ্যক  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ  বঁটাত পুষ্পা ছবিত কৰা অভিনয়ৰ   বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। তেওঁৰ  পুষ্পা ২-ৰ ছবি খনৰ বাবে কেৱল দৰ্শকেই নহয়, বাণিজ্য জগতেও  অপেক্ষা কৰি আছে। পুষ্পা ছবি খনে  বক্স অফিচত ধুমুহাৰ  সৃষ্টি কৰিছিল ছবি খনৰ  সংলাপ, কাহিনী আৰু হৃদয়জয়ী গানে  সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছে। 

পুষ্পা ২ - ছবি খন  বিশ্বজুৰি একাধিক ভাষাত  মুক্তি পাব।  সুকুমাৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আল্লু অৰ্জুন, ৰশ্মিকা মান্দন্না আৰু ফাহাদ ফাচিলকে ধৰি বহু জনে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱী শ্ৰী প্ৰসাদে ছবিখনত সংগীত পৰিচালনা কৰিছে।



 চলচ্চিত্ৰখনৰ প্ৰথম সংস্কৰণে  ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ বিশেষকৈ ছবি খনৰ গীত মানুহৰ মুখে মুখে বাগৰি গৈছিল৷ ছবি অনুৰাগীসকলে এতিয়া  'পুষ্পা ’ৰ দ্বিতীয় অংশটোক লৈ উৎসাহিত হৈ পৰিছে। 'পুষ্পা: ' ছবি খনে  মহামাৰী আৰু লকডাউনৰ পিছত বিধ্বস্ত হৈ পৰা  বজাৰতো বক্স অফিচত প্ৰায় ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। 

এইবাৰ জনা গৈছে যে আন এগৰাকী দক্ষিণ ভাৰতৰ  তাৰকা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিব৷ শুনা গৈছে যে অভিনেত্ৰী সাই পল্লৱীক 'পুষ্পা'ৰ দ্বিতীয় অংশত দেখা যাব।অভিনেত্ৰী ৰশ্মিকা মান্দন্নাক 'পুষ্পা'ত আল্লু অৰ্জুনৰ বিপৰীতে দেখা গৈছিল। আনহাতে,এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আন এজন দক্ষিণ তাৰকা ফাহাদ ফাচিল আছিল। 'পুষ্পা: দ্য ৰুল'ত ফাহাদ ফাচিলৰ বিপৰীতে দেখা যাব অভিনেত্ৰী সাই পল্লৱী। শুনা গৈছে যে অভিনেত্ৰীগৰাকীয়ে অহা কেইদিনমানৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণতভাগ ল’ব । 

'পুষ্পা' ফ্ৰেঞ্চাইজিৰ দ্বিতীয় খন চলচ্চিত্ৰ 'পুষ্পা: দ্য ৰুল'ৰ দৃশ্যগ্ৰহণ বহু দুনৰে পৰা চলি আছে।বিশাখাপত্তনমৰ পিছত, বৰ্তমান হায়দৰাবাদত শ্বুটিং  চলিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক