--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন ডে’ গ’ল। এই বিশেষ দিনটোত মনৰ মানুহজনক কাষত পোৱাৰ হেঁপাহনো কাৰ নাজাগিব! আজিৰ এই বিশেষ দিনটোতে পৃথিৱীৰ প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনৰ হাতে হাতে ধৰি আগলৈ আগবাঢ়ি যোৱাৰে যেন কৰিছে দৃঢ় অংগীকাৰ। ভেলেণ্টাইন ডে’ৰ দিনাখন পিছ পৰি ৰোৱা নাই বলীউড তাৰকাসকলো। ভেলেণ্টাইন ডে’ৰ বাবেই শ্বুটিঙৰ কাম সামৰি বিকি-কেট মুম্বাইলৈ উভতি আহিছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, দেওবাৰে নিশা মুম্বাই বিমানবন্দৰত বিকি কৌশল আৰু কেটৰিনা কাঈফক ইজনে সিজনৰ হাতে হাত ধৰি থকা ফটোখন ভাইৰেল হৈ পৰে। প্ৰেমৰ দিনটো উদযাপন কৰিবলৈ দুয়োজনে তেওঁলোকৰ কামৰ পৰা বিৰতি লৈ মুম্বাইলৈ উভতি আহিছে। ভাইৰেল হোৱা ভিডিঅ'টোত বলীউডৰ নৱ দম্পতীক দেখা গ’ল এক ব্যতিক্ৰম ৰূপত। এক মুহূৰ্তৰ বাবেও ইজনে সিজনৰ হাত এৰি দিয়া নাছিল। নীলা জীন্স আৰু ডেনিম জেকেট পিন্ধা অৱস্থাতে কেমেৰাবন্দী হৈছিল বলীউডৰ এই দম্পতী। উল্লেখ্য যে, কেইমাহমান আগতে বিবাহপাশত আৱদ্ধ হৈছিল বিকি কৌশল আৰু কেটৰিনা কাঈফে। বিবাহৰ পাছত তেওঁলোকৰ প্ৰথম ভেলেণ্টাইন ডে’ কেনেদৰে কটাব তাকে জানিবলৈ আগ্ৰহেৰে ৰৈ আছে অনুৰাগী। বিবাহিত জীৱন কেনেদৰে চলাই নিছে দুয়ো তাকো জানিবলৈ আগ্ৰহী অনুৰাগী। অৱশ্যে, বিয়াৰ কেইদিনমানৰ ভিতৰতে বিকি কৌশল আৰু কেটৰিনা কাঈফ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। ফলস্বৰূপে, তেওঁলোকৰ সংসাৰ যেন ঠিকে চলা নাই! তেনেই ভাৱ হৈছে অনুৰাগীৰ। বিয়াৰ এসপ্তাহ পাছতে বিকি কৌশল মধ্য প্ৰদেশলৈ গুচি গৈছিল। পৰৱৰ্তী সময়ত কেটৰিনাইয়ো ইন্দোৰলৈ গৈ বিকিক কৰিছিল। সেয়েহে এইবাৰ বিকি-কেটৰিনাই ভেলেণ্টাইন ডে’ উদযাপনৰ বাবে ইজনে সিজনৰ কাষ চাপিছে। কেটৰিনাই বিজয় সেতুপতিৰ সৈতে মেৰী খ্ৰীষ্টমাছত কাম আৰম্ভ কৰিব। ইয়াৰ উপৰিও, কেটৰিনাই ছলমান খানৰ সৈতে টাইগাৰ নামৰ ছবিখনৰ বাকী থকা দৃশ্যগ্ৰহণৰ কামত লগাৰ কথা। যি নহওক, এই বিশেষ দিনটোত দুয়োকে এইদৰে দেখিবলৈ পাই অনুৰাগী সকলো উচ্ছসিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু