--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন ডে’ গ’ল। এই বিশেষ দিনটোত মনৰ মানুহজনক কাষত পোৱাৰ হেঁপাহনো কাৰ নাজাগিব! আজিৰ এই বিশেষ দিনটোতে পৃথিৱীৰ প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনৰ হাতে হাতে ধৰি আগলৈ আগবাঢ়ি যোৱাৰে যেন কৰিছে দৃঢ় অংগীকাৰ। ভেলেণ্টাইন ডে’ৰ দিনাখন পিছ পৰি ৰোৱা নাই বলীউড তাৰকাসকলো। ভেলেণ্টাইন ডে’ৰ বাবেই শ্বুটিঙৰ কাম সামৰি বিকি-কেট মুম্বাইলৈ উভতি আহিছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, দেওবাৰে নিশা মুম্বাই বিমানবন্দৰত বিকি কৌশল আৰু কেটৰিনা কাঈফক ইজনে সিজনৰ হাতে হাত ধৰি থকা ফটোখন ভাইৰেল হৈ পৰে। প্ৰেমৰ দিনটো উদযাপন কৰিবলৈ দুয়োজনে তেওঁলোকৰ কামৰ পৰা বিৰতি লৈ মুম্বাইলৈ উভতি আহিছে। ভাইৰেল হোৱা ভিডিঅ'টোত বলীউডৰ নৱ দম্পতীক দেখা গ’ল এক ব্যতিক্ৰম ৰূপত। এক মুহূৰ্তৰ বাবেও ইজনে সিজনৰ হাত এৰি দিয়া নাছিল। নীলা জীন্স আৰু ডেনিম জেকেট পিন্ধা অৱস্থাতে কেমেৰাবন্দী হৈছিল বলীউডৰ এই দম্পতী। উল্লেখ্য যে, কেইমাহমান আগতে বিবাহপাশত আৱদ্ধ হৈছিল বিকি কৌশল আৰু কেটৰিনা কাঈফে। বিবাহৰ পাছত তেওঁলোকৰ প্ৰথম ভেলেণ্টাইন ডে’ কেনেদৰে কটাব তাকে জানিবলৈ আগ্ৰহেৰে ৰৈ আছে অনুৰাগী। বিবাহিত জীৱন কেনেদৰে চলাই নিছে দুয়ো তাকো জানিবলৈ আগ্ৰহী অনুৰাগী। অৱশ্যে, বিয়াৰ কেইদিনমানৰ ভিতৰতে বিকি কৌশল আৰু কেটৰিনা কাঈফ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। ফলস্বৰূপে, তেওঁলোকৰ সংসাৰ যেন ঠিকে চলা নাই! তেনেই ভাৱ হৈছে অনুৰাগীৰ। বিয়াৰ এসপ্তাহ পাছতে বিকি কৌশল মধ্য প্ৰদেশলৈ গুচি গৈছিল। পৰৱৰ্তী সময়ত কেটৰিনাইয়ো ইন্দোৰলৈ গৈ বিকিক কৰিছিল। সেয়েহে এইবাৰ বিকি-কেটৰিনাই ভেলেণ্টাইন ডে’ উদযাপনৰ বাবে ইজনে সিজনৰ কাষ চাপিছে। কেটৰিনাই বিজয় সেতুপতিৰ সৈতে মেৰী খ্ৰীষ্টমাছত কাম আৰম্ভ কৰিব। ইয়াৰ উপৰিও, কেটৰিনাই ছলমান খানৰ সৈতে টাইগাৰ নামৰ ছবিখনৰ বাকী থকা দৃশ্যগ্ৰহণৰ কামত লগাৰ কথা। যি নহওক, এই বিশেষ দিনটোত দুয়োকে এইদৰে দেখিবলৈ পাই অনুৰাগী সকলো উচ্ছসিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ