--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতৰ ঘৰৰ আলমাৰীত আইনা লগোৱা থাকে। সেয়া আপুনি নিশ্চয় দেখিছে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত থকা প্ৰতিটো বস্তুৱে কিছুমান বিশেষ অৰ্থ বহন কৰে। কিছুমান বস্তুৱে শুভ প্ৰভাৱ পেলায় আৰু কিছুমানে অশুভ প্ৰভাৱ পেলায়। আলমাৰীত আইনা থকা কথাটোৰ বিষয়ে বাস্তুশাস্ত্ৰই কি কয় জানো আহক।

আলমাৰীত আইনা থকাটো অশুভ

বাস্তুশাস্ত্ৰৰ মতে ৱাৰ্ডৰ’ব বা আলমাৰীৰ বাহিৰৰ অংশত আইনা থকাটো অশুভ। ইয়াৰ বাবে ঘৰত নেতিবাচকতা বৃদ্ধি পায় আৰু পৰিয়ালৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে, যাৰ বাবে পৰিয়ালটো ঋণৰ ফান্দত আবদ্ধ হৈ পৰে। ইয়াৰ সমান্তৰালকৈ ভূমিকম্প, অগ্নিকাণ্ড বা আন কোনো দুৰ্যোগৰ ক্ষেত্ৰত কাঁচ ভাঙি সৰি পৰা আৰু আঘাত পোৱাৰ সম্ভাৱনা থাকে।

ঘৰত কেতিয়াও ভঙা আইনা নাৰাখিব

বাস্তু বিশেষজ্ঞৰ মতে যদি কোনো আইনা ভাঙি যায়, তেন্তে ঘৰত কেতিয়াও ৰাখিব নালাগে। এনে কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহত বাধা আহি পৰে আৰু অপশক্তিয়ে ঘৰত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে ঘৰৰ সদস্যসকলৰ মাজত বিবাদ আৰু পাৰস্পৰিক কাজিয়া আৰম্ভ হয়, যাৰ বাবে পৰিয়ালটো ভাঙিবলৈ বেছি সময় নালাগে।

হঠাতে আইনা এখন ভাঙি যোৱাটোৱেও আমাক কিছু ইংগিত দিয়ে। অৰ্থাৎ ঘৰত কিছু ডাঙৰ সমস্যা হবলৈ গৈ আছিল, যিটো এই আইনাখনত ডাইভাৰ্ট কৰি আপাততঃ ৰোধ কৰা হৈছে। এনে অৱস্থাত ভঙা আইনা ঘৰৰ পৰা বাহিৰলৈ পেলাই দিয়াই ভাল। এই কামটো নকৰিলে ইয়াৰ বেয়া পৰিণতিৰ সন্মুখীন হ’ব লাগিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ