--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি চৰকাৰী ভ্ৰমণসূচীলৈ নতুন দিল্লীলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদমাধ্যমৰ আগত কেইবাটাও কথা প্ৰকাশ কৰে।  মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ফেব্ৰুৱাৰী মাহত কাৰ্ৱি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ জনোৱা হৈছে। একেদৰে ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কামাখ্যা কৰিডৰ মুকলি কৰাৰ বাবে আমন্ত্ৰণ  জনোৱা হৈছে। 

নিয়াৰ সঞ্চালক প্ৰধানৰ সৈতে ত্ৰিপুৰা হৈ অসমত প্ৰৱেশ কৰা ৰোহিংগিয়া অনুপ্ৰবেশকাৰীৰ বিষয় সন্দৰ্ভতো  মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰা বুলি সংবাদমাধ্যমৰ আগত কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বহুবিবাহৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত অসম বিধানসভাত এখন  বিধেয়ক অনা হ'ব। ইনটেলিজেঞ্চ ব্যুৰ’ৰ সঞ্চালক তথা অসম সন্তান  তপন কুমাৰ ডেকাক দিল্লীত  সৌহাদ্যমুলক সাক্ষাৎ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আলফাৰ আলোচনাপন্থী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰক্ৰিয়া আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

 জানুৱাৰীৰ প্ৰথম সপ্তাহত শান্তি চুক্তি স্বাক্ষৰিত তেওঁ প্ৰকাশ কৰে। চুক্তিখনৰ খচৰাত  "৬ নং দফা" ৰ বিষয়টোৱে  গুৰুত্ব পাইছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় -আলোচনাপন্থী আলফাৰ সৈতে চুক্তি সম্পাদিত হোৱাৰ পিছত আমি পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰিম ৷

দুটামান গ্ৰেনেড ফুটালে অসম স্বাধীন হ'ব নেকি  বুলিও মুখ্যমন্ত্ৰী শৰ্মাই প্ৰশ্ন কৰে। অসমত এনে পৰিস্থিতি হৈ থাকিলে অসম পিছুৱাইহে  যাব ৷ নিজৰ জননী জনমভূমিৰ ওপৰত কোনোবাই বোমা ফুটাই নেকি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন