--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি চৰকাৰী ভ্ৰমণসূচীলৈ নতুন দিল্লীলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদমাধ্যমৰ আগত কেইবাটাও কথা প্ৰকাশ কৰে।  মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ফেব্ৰুৱাৰী মাহত কাৰ্ৱি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ জনোৱা হৈছে। একেদৰে ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কামাখ্যা কৰিডৰ মুকলি কৰাৰ বাবে আমন্ত্ৰণ  জনোৱা হৈছে। 

নিয়াৰ সঞ্চালক প্ৰধানৰ সৈতে ত্ৰিপুৰা হৈ অসমত প্ৰৱেশ কৰা ৰোহিংগিয়া অনুপ্ৰবেশকাৰীৰ বিষয় সন্দৰ্ভতো  মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰা বুলি সংবাদমাধ্যমৰ আগত কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বহুবিবাহৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত অসম বিধানসভাত এখন  বিধেয়ক অনা হ'ব। ইনটেলিজেঞ্চ ব্যুৰ’ৰ সঞ্চালক তথা অসম সন্তান  তপন কুমাৰ ডেকাক দিল্লীত  সৌহাদ্যমুলক সাক্ষাৎ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আলফাৰ আলোচনাপন্থী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰক্ৰিয়া আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

 জানুৱাৰীৰ প্ৰথম সপ্তাহত শান্তি চুক্তি স্বাক্ষৰিত তেওঁ প্ৰকাশ কৰে। চুক্তিখনৰ খচৰাত  "৬ নং দফা" ৰ বিষয়টোৱে  গুৰুত্ব পাইছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় -আলোচনাপন্থী আলফাৰ সৈতে চুক্তি সম্পাদিত হোৱাৰ পিছত আমি পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰিম ৷

দুটামান গ্ৰেনেড ফুটালে অসম স্বাধীন হ'ব নেকি  বুলিও মুখ্যমন্ত্ৰী শৰ্মাই প্ৰশ্ন কৰে। অসমত এনে পৰিস্থিতি হৈ থাকিলে অসম পিছুৱাইহে  যাব ৷ নিজৰ জননী জনমভূমিৰ ওপৰত কোনোবাই বোমা ফুটাই নেকি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক