--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদ আক্ৰমণৰ মাষ্টাৰমাইণ্ড ললিত ঝাই অৱশেষত আত্মসমৰ্পণ কৰিছে। তেওঁ বৃহস্পতিবাৰে মাজনিশা দিল্লীৰ কৰ্তব্যপথ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। সংসদ ভৱনৰ ভিতৰত তাণ্ডৱ চলোৱাৰ বাবে  মুঠ ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তসকলক  সংসদলৈ আনিব আৰু ঘটনাটো তদন্তৰ খাতিৰত নাটকীয় ৰূপত  পুনৰ উপস্থাপন কৰিব।আৰক্ষীয়ে ললিতক জেৰা চলাই আছে আৰু ললিতৰ পৰা বহু  চাঞ্চল্যকৰ তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে।

 অনুসন্ধানকাৰীসকলৰ মতে, ললিতে কেইবামাহ ধৰি সংসদত তাণ্ডৱ চলোৱাৰ পৰিকল্পনা কৰি আছিল। সংসদত  হোৱা ঘটনাৰ  পিছত প্ৰমাণ ধ্বংস কৰিবলৈ ললিতে সহযোগীসকলৰ মোবাইল ফোন জ্বলাই দিছিল। আক্ৰমণৰ পিছত ললিত দিল্লীৰ পৰা ৰাজস্থানলৈ গৈছিল। ৰাজস্থানৰ বাসিন্দা মহেশ নামৰ এজন যুৱক ললিতৰ বন্ধু। ললিতে তেওঁৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল।মহেশেই তেওঁক ৰাজস্থানত এখন হোটেলত  ভাড়া কোঠাৰ ব্যৱস্থা কৰি দিছিল। আৰক্ষীয়ে বৃহস্পতিবাৰে গোটেই দিনটো ললিতক বিচাৰিছিল। ললিতে নিশা পলমকৈ দিল্লীৰ কৰ্তব্যপথ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। 

অনুসন্ধানকাৰীসকলে ললিতৰ বন্ধু মহেশকো গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য বুধবাৰে দুজন লোকে  সংসদত হুলস্থূলৰ সৃষ্টি কৰিছিল। তেওঁলোকে অধিৱেশনৰ সময়ত স্মোক বোমাৰে প্ৰতিবাদ আৰম্ভ কৰিছিল। মাইচুৰুৰ এজন অভিযান্ত্ৰিক বিদ্যাৰ্থী সাগৰ শৰ্মাই সংসদত প্ৰৱেশ কৰিছিল। তেওঁৰ লগত আন এজন মাইচুৰু নিবাসী মনোৰঞ্জন ডি আছিল। হাৰিয়ানাৰ বাসিন্দা নীলম সিং বাহিৰত থিয় হৈ থকা দুগৰাকীৰ ভিতৰৰে এগৰাকী আছিল। 

আনজন মহাৰাষ্ট্ৰৰ অমল শিন্দে। অভিযুক্তসকলক জেৰা কৰাৰ উপৰি স্থানীয় আৰক্ষী আৰু চোৰাংচোৱা বিষয়াসকলেতেওঁলোকৰ ঘৰত তালাচী আৰম্ভ কৰিছে। সকলোকে কঠোৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত অভিযুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে। তেওঁ বৃহস্পতিবাৰে গোটেই দিনটো কেইবাখনো সভা অনুষ্ঠিত কৰে। ইফালে, সংসদত হোৱা আক্ৰমণ সন্দৰ্ভত ইতিমধ্যে আঠজন নিৰাপত্তা বিষয়াক নিলম্বন কৰা হৈছে। উক্ত আঠজন বিষয়া  সংসদ ভৱনৰ প্ৰৱেশদ্বাৰৰ নিৰাপত্তাৰ  দায়িত্বত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক