--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা কেৰালাৰ পৰা বিজেপিৰ প্ৰথমজন সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে। শপতগ্ৰহণৰ পিছত হোৱা এক সাক্ষাৎকাৰত তেওঁ মন্ত্ৰী পদ বিচৰা নাই বুলি উল্লেখ কৰি শীঘ্ৰে এই পদৰ পৰা মুক্তি পাব বুলি আশাবাদী বুলি ব্যক্ত কৰে।


মন্ত্ৰী পদ ত্যাগ কৰিব বিচৰাৰ কাৰণ হিচাপে তেওঁ কৈছিল যে মই চিনেমাত চহী কৰিছো আৰু মই চিনেমাখন কৰিব লাগিব। সুৰেশ গোপীয়ে কয়, ‘মই থ্ৰিছুৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিম।’ সুৰেশ গোপীয়ে ত্ৰিছুৰ সংসদীয় সমষ্টিৰ পৰা জয়লাভ কৰি কেৰালাৰ প্ৰথমজন বিজেপি সাংসদ হিচাপে ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী ভি এছ সুনীলকুমাৰক ৭৪৬৮৬ ভোটত পৰাস্ত কৰে সুৰেশ গোপীয়ে।

সুৰেশ গোপীয়ে কয়, ‘মোৰ উদ্দেশ্য সাংসদ হিচাপে কাম কৰা। মই একো বিচৰা নাছিলো, কলো এই পোষ্টটোৰ প্ৰয়োজন নাই। পোষ্টটোৰ পৰা সোনকালে সকাহ পাম বুলি ভাবো। থ্ৰিছুৰৰ ভোটাৰৰ কোনো সমস্যা নাই। তেওঁলোকে এই কথা জানে আৰু এজন সাংসদ হিচাপে মই তেওঁলোকৰ বাবে সঁচাকৈয়ে ভাল কাম কৰিম। যিকোনো মূল্যৰ বিনিময়ত মোৰ ছবিবোৰ কৰিব লাগিব।


যিখন আসনৰ পৰা সুৰেশ গোপীয়ে জয়লাভ কৰিছিল, সেইখন আসন বিগত নিৰ্বাচনত কংগ্ৰেছলৈ গৈছিল। সুৰেশ গোপী লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদো আছিল। ২০১৬ চনত তেওঁ ৰাজ্যসভালৈ মনোনীত হৈছিল। ৰাজ্যসভাত তেওঁৰ কাৰ্যকাল ২০২২ চনলৈকে আছিল।


সুৰেশ গোপী মূলত কেৰালাৰ আলাপ্পুঝাৰ। তেখেতৰ জন্ম হৈছিল ১৯৫৮ চনত। কোল্লামৰ পৰা বিজ্ঞান বিষয়ত ডিগ্ৰী লৈ ইংৰাজীত স্নাতকোত্তৰ কৰিছিল। সুৰেশ ছবিৰ লগতো সম্পৰ্কিত। শিশু শিল্পী হিচাপে ছবিত কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত বহু ছবিত কাম কৰিছিল। সুৰেশ গোপীয়ে বহু ছবিতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ১৯৯৮ চনৰ কলিয়াট্টম ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ দীৰ্ঘদিন ধৰি টিভি শ্ব’ও আয়োজন কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু