--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ আমৰোহাত ৯ জুনৰ গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যিক ঘাইপথ গজৰৌলা সম্ভল পথত দুখন অনিয়ন্ত্ৰিত গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৪ জন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে ২ জন লোক আহত হয়। মৃত্যু হোৱা চাৰিজন যুৱক ইউটিউবাৰ বুলি জানিব পৰা গৈছে। চাৰিওজন ইউটিউবাৰে হাছানপুৰৰ পৰা জন্মদিনৰ পাৰ্টি উদযাপন কৰি ঘৰলৈ গৈ আছিল।

এই কাণ্ডৰ পিছত সেই স্থানত ভিৰ হয়। দুৰ্ঘটনাগ্ৰস্ত লোকসকলক চি এইচ চি গজৰৌলালৈ লৈ যায় লোকসকলে। তাত উপস্থিত চিকিৎসকে চাৰিজন যুৱকক মৃত ঘোষণা কৰে। ঘটনাৰ পিছতে পৰিয়ালৰ লোক আৰু আৰক্ষী বিষয়াক খবৰ দিয়া হয়, তাৰ পিছতে তেওঁলোক সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে জনোৱা মতে, অধিক তদন্ত চলি আছে। 
Amroha Youtubers Road Accident
জানিব পৰা মতে, দুৰ্ঘটনাত নিহত যুৱকজনে এৰটিগা গাড়ীৰে জন্মদিন উদযাপন কৰি উভতি আহিছিল। এই সময়তে সন্মুখৰ পৰা আহি থকা এখন বলেৰো গাড়ীৰ সৈতে খুন্দা মাৰে। মৃত্যুমুখত পৰা চাৰিজন ইউটিউবাৰৰ ইউটিউব চেনেলৰ নাম ৰাউণ্ড ২ ৱৰ্ল্ড বুলি জানিব পৰা গৈছে, য’ত তেওঁলোকে কমেডী ভিডিঅ’ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ ইউটিউব চেনেলটো ২০৬ লাখ লোকে চাবস্ক্ৰাইব কৰিছে।

এই ক্ষেত্ৰত হাছানপুৰ চক্ৰৰ চি অ’ পন্ত কুমাৰে কয় যে হাছানপুৰ এলেকাৰ অন্তৰ্গত মনোটা পুলিয়াৰ কাষত এখন এৰটিগা বাহন গৈ আছিল। এই সময়তে সংঘটিত হৈছে এই ঘটনা। ৪ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। বাকী দুজন গুৰুতৰভাৱে আহত লোকক চিকিৎসাৰ বাবে আমৰোহা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃতক কেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত যুৱককেইজন শ্বাহৰুখ, ছলমান, শ্বাহনৱাজ আৰু চাহাফাত বুলি চিনাক্ত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ