--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ আমৰোহাত ৯ জুনৰ গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যিক ঘাইপথ গজৰৌলা সম্ভল পথত দুখন অনিয়ন্ত্ৰিত গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৪ জন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে ২ জন লোক আহত হয়। মৃত্যু হোৱা চাৰিজন যুৱক ইউটিউবাৰ বুলি জানিব পৰা গৈছে। চাৰিওজন ইউটিউবাৰে হাছানপুৰৰ পৰা জন্মদিনৰ পাৰ্টি উদযাপন কৰি ঘৰলৈ গৈ আছিল।

এই কাণ্ডৰ পিছত সেই স্থানত ভিৰ হয়। দুৰ্ঘটনাগ্ৰস্ত লোকসকলক চি এইচ চি গজৰৌলালৈ লৈ যায় লোকসকলে। তাত উপস্থিত চিকিৎসকে চাৰিজন যুৱকক মৃত ঘোষণা কৰে। ঘটনাৰ পিছতে পৰিয়ালৰ লোক আৰু আৰক্ষী বিষয়াক খবৰ দিয়া হয়, তাৰ পিছতে তেওঁলোক সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে জনোৱা মতে, অধিক তদন্ত চলি আছে। 
Amroha Youtubers Road Accident
জানিব পৰা মতে, দুৰ্ঘটনাত নিহত যুৱকজনে এৰটিগা গাড়ীৰে জন্মদিন উদযাপন কৰি উভতি আহিছিল। এই সময়তে সন্মুখৰ পৰা আহি থকা এখন বলেৰো গাড়ীৰ সৈতে খুন্দা মাৰে। মৃত্যুমুখত পৰা চাৰিজন ইউটিউবাৰৰ ইউটিউব চেনেলৰ নাম ৰাউণ্ড ২ ৱৰ্ল্ড বুলি জানিব পৰা গৈছে, য’ত তেওঁলোকে কমেডী ভিডিঅ’ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ ইউটিউব চেনেলটো ২০৬ লাখ লোকে চাবস্ক্ৰাইব কৰিছে।

এই ক্ষেত্ৰত হাছানপুৰ চক্ৰৰ চি অ’ পন্ত কুমাৰে কয় যে হাছানপুৰ এলেকাৰ অন্তৰ্গত মনোটা পুলিয়াৰ কাষত এখন এৰটিগা বাহন গৈ আছিল। এই সময়তে সংঘটিত হৈছে এই ঘটনা। ৪ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। বাকী দুজন গুৰুতৰভাৱে আহত লোকক চিকিৎসাৰ বাবে আমৰোহা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃতক কেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত যুৱককেইজন শ্বাহৰুখ, ছলমান, শ্বাহনৱাজ আৰু চাহাফাত বুলি চিনাক্ত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু