--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰত প্ৰতিটো দিন এজন নহয় এজন দেৱতাৰ প্ৰতি উৎসৰ্গিত। সোমবাৰৰ দিনটো ভোলেনাথৰ পূজাৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত আন্তৰিকতাৰে শিৱৰ নাম জপ কৰিলে তেওঁ ভক্তৰ সকলো বিপদ আৰু সমস্যা দূৰ কৰি আশীৰ্বাদ প্ৰদান কৰে।

 ভগৱান শিৱক নিয়মিতভাৱে পূজা কৰা হয়, কিন্তু তেওঁক সন্তুষ্ট কৰিবলৈ সোমবাৰৰ দিনটোক অতি বিশেষ বুলি গণ্য কৰা হয়। এই দিনটোত শিৱলিংগত কিছুমান বস্তু পদ্ধতিগতভাৱে আগবঢ়ালে ভোলেনাথ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ দূৰ কৰি আকাংক্ষিত ফল প্ৰদান কৰে। সেয়েহে কিছুমান সহজ প্ৰতিকাৰৰ বিষয়ে জানো আহক।

সোমবাৰে এই প্ৰতিকাৰসমূহ কৰক-

* জ্যোতিষশাস্ত্ৰ অনুসৰি সোমবাৰে শিৱলিংগত কেঁচা চাউল আগবঢ়ালে ভক্তৰ বিশেষ ইচ্ছা পূৰণ হয়। কিন্তু চাউল আগবঢ়োৱাৰ সময়ত মন কৰিবলগীয়া কথা যে চাউল ভঙা হ’ব নালাগে।

* ইয়াৰ বাহিৰেও শিৱলিংগত নিয়মিতভাৱে চাউল আগবঢ়ালে জীৱনত কেতিয়াও ধন-শস্যৰ অভাৱ নহয়।

* জ্যোতিষৰ মতে যদি আপুনি ধন-সম্পত্তি লাভ কৰিব বিচাৰে তেন্তে প্ৰতি সোমবাৰে শিৱলিংগক পদ্ধতিগতভাৱে পূজা কৰক আৰু ১১মুঠি কেঁচা চাউল পূজাত ৰাখক। ইয়াৰে শিৱলিংগত এমুঠি চাউল আগবঢ়াই বাকী চাউলখিনি কোনো ব্যক্তিক দান কৰিব বা আৰ্তজনক দিব। ৭ সোমবাৰে এই প্ৰতিকাৰ অবিৰতভাৱে কৰিলে ভোলেনাথৰ কৃপাত এজন ব্যক্তিয়ে জীৱনত ধন-সম্পত্তি লাভ কৰে।

* শিৱলিংগত যদি নিয়মিতভাৱে চাউল আগবঢ়োৱা হয়, তেন্তে ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সুখ-সমৃদ্ধি প্ৰদান কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু