--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলু আমাৰ খাদ্যাভ্যাসৰ এক অপৰিহাৰ্য উপাদান। আমি আলু কেৱল তৰকাৰীতে নহয়, আন আন ধৰণেও আমি আলু খাব পাৰো।  আমাৰ শৰীৰৰ বাবে  প্ৰয়োজনীয় বহু গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান আলুত পোৱা যায়। 

আলুক মূলতঃ কাৰ্বহাইড্ৰেটৰ ভাণ্ডাৰ বুলি  কোৱা হয়। সেয়ে আলু খালে চৰ্বি বাঢ়ে বুলিও বহুতে ক’ব বিচাৰে। আলু সাত হাজাৰ বছৰ ধৰি চলি অহা পুষ্টিকৰ খাদ্য। মানৱ সভ্যতাত কৃষিৰ আৰম্ভণিৰ পৰাই আলুৰ খেতি চলি আহিছে। আলুত পটাছিয়াম বেছি পৰিমাণে থাকে, কিন্তু ছডিয়াম থাকে কম। আলুয়ে আমাক বহু দিশত উপকৃত কৰে; উদাহৰণস্বৰূপে আলুত ফছফৰাছ, মেগনেছিয়াম, কেলচিয়াম, ছডিয়াম, আইৰণ আৰু জিংক থাকে। ইয়াৰ উপৰি ইয়াত ভিটামিন বি ১ (থাইয়ামিন), ভিটামিন বি ২ (ৰাইবোফ্লেভিন), ভিটামিন বি ৩ (নিয়াচিন), ভিটামিন বি ৬ (পাইৰিডক্সিন), ভিটামিন বি ৯ (ফোলেট), ভিটামিন চি আৰু ভিটামিন ই আদি থাকে। ইয়াৰ উপৰি পুষ্টিকৰ উপাদান হিচাপে মনোঅনচেচুৰেটেড ফেট, পলিঅনচেচুৰেটেড ফেট আৰু চেচুৰেটেড ফেটো থাকে। আলুত মেংগানিজ, চেলেনিয়াম আৰু কপাৰ কম পৰিমাণে থাকে। আলুত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে বহু  উপকাৰী।

 আজিকালি পৰিবেশ, পৰিস্থিতি আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে হাৰ্ট এটেক অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু বৃদ্ধি পাইছে।স্বাস্থ্য বিজ্ঞানী সকলৰ  মতে  আলুৱে হৃদযন্ত্ৰ ভাল ৰখাত এক মূখ্য  ভূমিকা গ্ৰহণ  কৰে। বহু চিকিৎসকে কয় যে  হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ  আপুনি দৈনিক খাদ্য তালিকাত আলু ৰাখিব পাৰে। আলু ত্যাগ কৰা লোকতকৈ আলু খাবলৈ ভালপোৱা লোকৰ সংখ্যা কম নহয়। বহুলোকে  আলু অবিহনে কোনো পাচলি ৰন্ধাৰ কথা ভাবিবই নোৱাৰে। সোৱাদৰ উপৰি আলু শৰীৰৰ বাবেও বহু ক্ষেত্ৰত ভাল। 

আলুৱে কেনেদৰে হৃদযন্ত্ৰৰ সুৰক্ষা দিয়ে বাৰু?  আলুত কলেষ্টেৰল বা সংপৃক্ত চৰ্বিৰ পৰিমাণ একেবাৰে কম। হৃদৰোগৰ আক্ৰমণৰ আশংকা বৃদ্ধি কৰাত এই দুটা কাৰকে এক অগ্ৰণী ভূমিকা পালন কৰে। হৃদৰোগৰ আক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ আলু দৈনিক খাব  পাৰি। 

আলুত প্ৰচুৰ পটাছিয়াম হয়। কিন্তু ছডিয়ামৰ পৰিমাণ অতি কম। ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি হৃদযন্ত্ৰ ভালে ৰাখিবলৈ আলুৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।আঁহ সমৃদ্ধ আলুৱে তেজত গ্লুকোজৰ ভাৰসাম্য বজাই ৰাখে।

ফলস্বৰূপে, সামান্য পৰিমাণে আলু  খোৱাৰ পিছতো পেটটো দীৰ্ঘ সময়ৰ বাবে ভৰি থাকে। ফাইবাৰে হৃদযন্ত্ৰৰ সুৰক্ষাত সহায় কৰে। আলুত ভিটামিন চিৰ পৰিমাণ কম নহয়। ভিটামিন চি-য়ে ৰক্ত সঞ্চালন সক্ৰিয় কৰি ৰাখে। তেজ গোট মাৰিবলৈ নিদিব। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ দৰে সমস্যা বহু কমি যায় । হৃদৰোগৰ আক্ৰমণৰ আশংকাও কমি যায়।সেয়ে আলুক এলাগী নকৰাই ভাল হ’ব নিশ্চয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু