--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলু আমাৰ খাদ্যাভ্যাসৰ এক অপৰিহাৰ্য উপাদান। আমি আলু কেৱল তৰকাৰীতে নহয়, আন আন ধৰণেও আমি আলু খাব পাৰো।  আমাৰ শৰীৰৰ বাবে  প্ৰয়োজনীয় বহু গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান আলুত পোৱা যায়। 

আলুক মূলতঃ কাৰ্বহাইড্ৰেটৰ ভাণ্ডাৰ বুলি  কোৱা হয়। সেয়ে আলু খালে চৰ্বি বাঢ়ে বুলিও বহুতে ক’ব বিচাৰে। আলু সাত হাজাৰ বছৰ ধৰি চলি অহা পুষ্টিকৰ খাদ্য। মানৱ সভ্যতাত কৃষিৰ আৰম্ভণিৰ পৰাই আলুৰ খেতি চলি আহিছে। আলুত পটাছিয়াম বেছি পৰিমাণে থাকে, কিন্তু ছডিয়াম থাকে কম। আলুয়ে আমাক বহু দিশত উপকৃত কৰে; উদাহৰণস্বৰূপে আলুত ফছফৰাছ, মেগনেছিয়াম, কেলচিয়াম, ছডিয়াম, আইৰণ আৰু জিংক থাকে। ইয়াৰ উপৰি ইয়াত ভিটামিন বি ১ (থাইয়ামিন), ভিটামিন বি ২ (ৰাইবোফ্লেভিন), ভিটামিন বি ৩ (নিয়াচিন), ভিটামিন বি ৬ (পাইৰিডক্সিন), ভিটামিন বি ৯ (ফোলেট), ভিটামিন চি আৰু ভিটামিন ই আদি থাকে। ইয়াৰ উপৰি পুষ্টিকৰ উপাদান হিচাপে মনোঅনচেচুৰেটেড ফেট, পলিঅনচেচুৰেটেড ফেট আৰু চেচুৰেটেড ফেটো থাকে। আলুত মেংগানিজ, চেলেনিয়াম আৰু কপাৰ কম পৰিমাণে থাকে। আলুত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে বহু  উপকাৰী।

 আজিকালি পৰিবেশ, পৰিস্থিতি আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে হাৰ্ট এটেক অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু বৃদ্ধি পাইছে।স্বাস্থ্য বিজ্ঞানী সকলৰ  মতে  আলুৱে হৃদযন্ত্ৰ ভাল ৰখাত এক মূখ্য  ভূমিকা গ্ৰহণ  কৰে। বহু চিকিৎসকে কয় যে  হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ  আপুনি দৈনিক খাদ্য তালিকাত আলু ৰাখিব পাৰে। আলু ত্যাগ কৰা লোকতকৈ আলু খাবলৈ ভালপোৱা লোকৰ সংখ্যা কম নহয়। বহুলোকে  আলু অবিহনে কোনো পাচলি ৰন্ধাৰ কথা ভাবিবই নোৱাৰে। সোৱাদৰ উপৰি আলু শৰীৰৰ বাবেও বহু ক্ষেত্ৰত ভাল। 

আলুৱে কেনেদৰে হৃদযন্ত্ৰৰ সুৰক্ষা দিয়ে বাৰু?  আলুত কলেষ্টেৰল বা সংপৃক্ত চৰ্বিৰ পৰিমাণ একেবাৰে কম। হৃদৰোগৰ আক্ৰমণৰ আশংকা বৃদ্ধি কৰাত এই দুটা কাৰকে এক অগ্ৰণী ভূমিকা পালন কৰে। হৃদৰোগৰ আক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ আলু দৈনিক খাব  পাৰি। 

আলুত প্ৰচুৰ পটাছিয়াম হয়। কিন্তু ছডিয়ামৰ পৰিমাণ অতি কম। ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি হৃদযন্ত্ৰ ভালে ৰাখিবলৈ আলুৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।আঁহ সমৃদ্ধ আলুৱে তেজত গ্লুকোজৰ ভাৰসাম্য বজাই ৰাখে।

ফলস্বৰূপে, সামান্য পৰিমাণে আলু  খোৱাৰ পিছতো পেটটো দীৰ্ঘ সময়ৰ বাবে ভৰি থাকে। ফাইবাৰে হৃদযন্ত্ৰৰ সুৰক্ষাত সহায় কৰে। আলুত ভিটামিন চিৰ পৰিমাণ কম নহয়। ভিটামিন চি-য়ে ৰক্ত সঞ্চালন সক্ৰিয় কৰি ৰাখে। তেজ গোট মাৰিবলৈ নিদিব। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ দৰে সমস্যা বহু কমি যায় । হৃদৰোগৰ আক্ৰমণৰ আশংকাও কমি যায়।সেয়ে আলুক এলাগী নকৰাই ভাল হ’ব নিশ্চয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ