--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। আজি সন্ধিয়া ৭-১৫ বজাত মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব।  শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে দেওবাৰে পুৱাই মোদীয়ে  ৰাজনাথৰ সৈতে মহাত্মাগান্ধীৰ সমাধিস্থল ৰাজঘাটলৈ যায় আৰু মহামানৱগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাত্মা গান্ধীৰ স্মৃতিসৌধৰ সন্মুখত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মোদীয়ে  প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মাৰক 'সদৈৱ অটল'লৈও গৈ শ্ৰদ্ধা নিবেদন কৰে। 

তেওঁৰ লগত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো। গান্ধী আৰু বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নতুন দিল্লীত থকা  ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধলৈ যায় মোদী।  তাত মোদীয়ে প্ৰাৰ্থনা কৰে। দেওবাৰে সন্ধিয়া ৭.১৫ বজাত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মোদীয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপতবাক্য  পাঠ কৰোৱাব। মোদীৰ লগতে দেওবাৰে সন্ধিয়া মন্ত্ৰীসভাৰ আনসকলেও শপতগ্ৰহণ কৰিব। এই অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুকে ধৰি বহু দেশৰ  নেতা উপস্থিত থাকিব।

মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ কেৱল বিদেশৰেই  নহয়, দেশৰ ৰাজনৈতিক দলসমূহৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে তেওঁ যাব নে নাযায় সেয়া স্পষ্ট হোৱা নাই।  ইপিনে  শনিবাৰে কালিঘাটত এখন সংবাদমেলত মমতাই কৈছিল যে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হোৱা নাই। 


উল্লেখ্য এইবেলি বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত ২৯২ খন আসন লাভ কৰিছে। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই লাভ কৰিছে ২৩৩খন আসন। সংখ্যাগৰিষ্ঠতা লাভ কৰি এন ডি এয়ে চৰকাৰ গঠন কৰিলেও বিজেপিয়ে একক দল হিচাবে সংখ্যাগৰিষ্ঠতা নাপালে। ফলত দলটো কিছু হেঁচাৰ মাজত আছে। অংশীদাৰ দলসমূহকলৈয়েই চৰকাৰ গঠন কৰিব লাগিব বিজেপিয়ে। এন ডি এৰ সদস্যসকলে মোদীক প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰিছিল।
 মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ  সামগ্ৰিক সুৰক্ষা নিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজধানী চহৰ খনতে  কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চল কাৰ্যতঃ ঘেৰাও কৰি ৰখা হৈছে আৰু তিনি তৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি  সমগ্ৰ ৰাজধানী চহৰ খনতে  জি-২০ বৈঠকৰ পূৰ্বে যেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ঠিক একেধৰণৰ নিৰাপত্তা বেহুৱেই গঢ়ি তোলা হৈছে। তিনি তৰপীয়া নিৰাপত্তা বেহুৰ প্ৰথম দুটা স্তৰতআছে  দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। তৃতীয় পৰ্যায়ত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ৰখা হৈছে।  চোৰাংচোৱা বিষয়া আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়েও নিৰাপত্তা নিশ্চিত কৰিব।

মোডীৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিবলৈ বিদেশৰ বহু  ৰাষ্ট্ৰনেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। ৰাজধানীৰ ডাঙৰ ডাঙৰ হোটেলত ৰখা হ’ব তেওঁলোকক । সেই হোটেলসমূহৰ সন্মুখতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। শনিবাৰে বিয়লিৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চলত  ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছিল।

ইফালে, ৰাজধানী চহৰ খনৰ  ওপৰত চকু ৰাখিবলৈ দেওবাৰে পুৱাৰে পৰা বায়ুসেনা আৰু সেনাবাহিনীৰ  হেলিকপ্টাৰ সক্ৰিয় কৰা হ’ব। এই হেলিকপ্টাৰত এন এছ জি আৰু সেনাৰ বিষয়া থাকিব। দিল্লীৰ গুৰুত্বপূৰ্ণ ওখ অট্টালিকাবোৰত  মোতায়েন কৰা হ’ব এন এছ জি আৰু সেনাৰ স্নাইপাৰ। 


.


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement