--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলুক শাক-পাচলিৰ ৰজা বুলি কোৱা হয় কাৰণ মানুহে প্ৰায় প্ৰতি ভাজি-তৰকাৰীতে আলু মিহলাই ৰান্ধি খাই ভাল পায়। আলু ভাজি বহু মানুহৰে প্ৰিয় খাদ্য। বহুতে আলু ইমানেই ভাল পায় যে প্ৰতিসাঁজ আহাৰতে আলু খাবলৈ মন কৰে। আলু পিটিকা আমাৰ অসমীয়া মানুহৰ অতি আদৰৰ। সাধাৰণতে আমি আলুৰ বাকলি পেলাই দিওঁ, কিন্তু আলুৰ বাকলিত থকা পুষ্টিকৰ উপাদানৰ বিষয়ে যদি আপুনি জানে, তেন্তে আপুনি আৰু কেতিয়াও আলুৰ বাকলি পেলাই নিদিয়ে। আলুৰ বাকলি মানৱ শৰীৰৰ বাবে কিয় উপকাৰী সেই বিষয়ে জানো আহক।

আলুৰ বাকলিৰ পৰা পোৱা পুষ্টিকৰ উপাদান

আলুৰ বাকলিক পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি গণ্য কৰা হয়। ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত আইৰণো প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ বাহিৰেও আলুৰ বাকলিত ভিটামিন বি ৩ৰ কোনো অভাৱ দেখা নাযায়।

আলুৰ বাকলিৰ উপকাৰিতা

১)হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভালঃ আলুৰ বাকলিয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰে কাৰণ ইয়াত থকা পটাছিয়াম, মেগনেছিয়াম আৰু কেলচিয়ামৰ সহায়ত ৰক্তচাপ নিয়ন্ত্ৰিত হয়। এতিয়া ভাৰতত য’ত হৃদৰোগীৰ সংখ্যা অতি বেছি, তাত আলুৰ বাকলি বহুতৰ বাবে উপযোগী হ’ব পাৰে।

২)কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰিবঃ আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে, যিবোৰ শক্তিশালী এন্টিঅক্সিডেন্ট। ইয়াৰ লগতে এই খোলাবোৰত ক্ল’ৰ’জেনিক এচিড পোৱা যায়, যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

৩)হাড়বোৰ শক্তিশালী কৰি তোলেঃ আলুৰ বাকলিত কেলচিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ থাকে, গতিকে ই স্বাভাৱিকতে হাড় শক্তিশালী কৰাৰ কাম কৰে। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰে।

সেয়েহে আলু কাটোতে কেতিয়াবা বাকলিৰ সৈতে কাটি ভাজি খাবলৈ চেষ্টা কৰিব লাগে আৰু বইল কৰোতেও আলুৰ সৈতে বইল কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক