--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক উচ্চ ন্যায়ালয়ে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা সন্দৰ্ভত ১৩ এপ্ৰিলৰ আগতে স্থিতি  স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা দিয়াত পলম হোৱাৰ বাবে আপে আদালতৰ কাষ চপাৰ পিছত আদালতে এই নিৰ্দেশ দিয়ে। আপৰ কৰ্ণাটক গোটৰ আহ্বায়ক পৃথ্বী ৰেড্ডীয়ে আদালতত এই বিষয়ত আবেদন দাখিল কৰিছিল।

আবেদনখনত আপে কৈছে যে ই ৰাষ্ট্ৰীয় দল হিচাপে মনোনীত হ'বলৈ প্ৰয়োজনীয় সকলো চৰ্তাৱলী পূৰণ কৰিছে। তথাপিও দলটোক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা দিয়াত পলম হৈছে। আপে  নিৰ্বাচনী চিহ্ন (সংৰক্ষণ আৰু আৱণ্টন) আদেশ, ১৯৬৮ ৰ দফা ৬বিক কথা  উল্লেখ কৰিছে। য'ত ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতিৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰা হৈছে।চৰ্তসমূহৰ অধীনত দলটোৱে নিম্নলিখিত যিকোনো এটা পূৰণ কৰিব লাগিব: "দলটোৱে, যিকোনো চাৰি বা ততোধিক ৰাজ্যত, যোৱা সাধাৰণ নিৰ্বাচনত সংশ্লিষ্ট ৰাজ্যৰ বিধান সভাত প্ৰতিখন ৰাজ্যত লাভ কৰা মুঠ বৈধ ভোটৰ ছয় শতাংশতকৈ কম লাভ কৰা হ'ব নালাগিব; আৰু ইয়াৰ উপৰি দল এটাই  যিকোনো ৰাজ্যত যোৱা সাধাৰণ নিৰ্বাচনত কমেও চাৰিজন সদস্যকবিধানসভালৈ নিৰ্বাচিইত কৰিব পাৰিব লাগিব। ''

আপে এনে চৰ্ত পূৰণ কৰিছে। কিয়নো  দলটোৱে কমেও চাৰিখন ৰাজ্য, যেনে দিল্লী, পঞ্জাৱ, গোৱা আৰু গুজৰাটত ৰাজ্যিক দল হিচাপে স্বীকৃত হৈছে।

"সমস্যাটো সমাধান কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত প্ৰায় তিনি মাহৰো অধিক সময় আছিল। তথাপিও, নিৰ্বাচন আয়োগে এই বিষয়ত সিদ্ধান্ত লোৱা নাই। " আবেদনখনত কোৱা হৈছে। এএপি 
আপে কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিলে দলটোৰ বাবে সহায়ক হ'ব।

আপৰ কৰ্ণাটক গোটৰ আহ্বায়ক পৃথ্বী ৰেড্ডীয়ে কয়, "আমি সুখী যে উচ্চ ন্যায়ালয়ে মুখ্য নিৰ্বাচন আয়ুক্তক ১৩ এপ্ৰিলৰ পূৰ্বে আপৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা সম্পৰ্কে সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছে। আমি আশাবাদী যে সিদ্ধান্তটো আমাৰ পক্ষত হ'ব আৰু ই আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনত আপৰ প্ৰচাৰৰ বাবে এক উৎসাহ হৈ পৰিব ।" কৰ্ণাটকৰ ২২৪ খন বিধানসভা আসনত ১০ মে'ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু ভোটগণনা ১৩ মে'ত  হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ