--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক উচ্চ ন্যায়ালয়ে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা সন্দৰ্ভত ১৩ এপ্ৰিলৰ আগতে স্থিতি  স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা দিয়াত পলম হোৱাৰ বাবে আপে আদালতৰ কাষ চপাৰ পিছত আদালতে এই নিৰ্দেশ দিয়ে। আপৰ কৰ্ণাটক গোটৰ আহ্বায়ক পৃথ্বী ৰেড্ডীয়ে আদালতত এই বিষয়ত আবেদন দাখিল কৰিছিল।

আবেদনখনত আপে কৈছে যে ই ৰাষ্ট্ৰীয় দল হিচাপে মনোনীত হ'বলৈ প্ৰয়োজনীয় সকলো চৰ্তাৱলী পূৰণ কৰিছে। তথাপিও দলটোক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা দিয়াত পলম হৈছে। আপে  নিৰ্বাচনী চিহ্ন (সংৰক্ষণ আৰু আৱণ্টন) আদেশ, ১৯৬৮ ৰ দফা ৬বিক কথা  উল্লেখ কৰিছে। য'ত ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতিৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰা হৈছে।চৰ্তসমূহৰ অধীনত দলটোৱে নিম্নলিখিত যিকোনো এটা পূৰণ কৰিব লাগিব: "দলটোৱে, যিকোনো চাৰি বা ততোধিক ৰাজ্যত, যোৱা সাধাৰণ নিৰ্বাচনত সংশ্লিষ্ট ৰাজ্যৰ বিধান সভাত প্ৰতিখন ৰাজ্যত লাভ কৰা মুঠ বৈধ ভোটৰ ছয় শতাংশতকৈ কম লাভ কৰা হ'ব নালাগিব; আৰু ইয়াৰ উপৰি দল এটাই  যিকোনো ৰাজ্যত যোৱা সাধাৰণ নিৰ্বাচনত কমেও চাৰিজন সদস্যকবিধানসভালৈ নিৰ্বাচিইত কৰিব পাৰিব লাগিব। ''

আপে এনে চৰ্ত পূৰণ কৰিছে। কিয়নো  দলটোৱে কমেও চাৰিখন ৰাজ্য, যেনে দিল্লী, পঞ্জাৱ, গোৱা আৰু গুজৰাটত ৰাজ্যিক দল হিচাপে স্বীকৃত হৈছে।

"সমস্যাটো সমাধান কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত প্ৰায় তিনি মাহৰো অধিক সময় আছিল। তথাপিও, নিৰ্বাচন আয়োগে এই বিষয়ত সিদ্ধান্ত লোৱা নাই। " আবেদনখনত কোৱা হৈছে। এএপি 
আপে কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিলে দলটোৰ বাবে সহায়ক হ'ব।

আপৰ কৰ্ণাটক গোটৰ আহ্বায়ক পৃথ্বী ৰেড্ডীয়ে কয়, "আমি সুখী যে উচ্চ ন্যায়ালয়ে মুখ্য নিৰ্বাচন আয়ুক্তক ১৩ এপ্ৰিলৰ পূৰ্বে আপৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা সম্পৰ্কে সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছে। আমি আশাবাদী যে সিদ্ধান্তটো আমাৰ পক্ষত হ'ব আৰু ই আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনত আপৰ প্ৰচাৰৰ বাবে এক উৎসাহ হৈ পৰিব ।" কৰ্ণাটকৰ ২২৪ খন বিধানসভা আসনত ১০ মে'ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু ভোটগণনা ১৩ মে'ত  হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল