--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নহয়, এজন ছাত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দিছিল৷ হত্যাৰ ভাবুকি দিয়াৰ  অভিযোগত নয়ডা আৰক্ষীয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক শুক্ৰবাৰে লক্ষ্ণৌৰ পৰা আৰক্ষীয়ে আটক কৰে৷ 

কিশোৰজনে মোদী আৰু যোগীক হত্যা কৰাৰ ভাবুকি দি এটা সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ ইমেইল প্ৰেৰণ কৰিছিল। সংবাদ মাধ্যমৰ কাৰ্যালয়ে উক্ত ই-মেইল পোৱাৰ পিছতে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল আৰু  আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল৷ ৫ এপ্ৰিলতে  আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। লগে লগে আৰম্ভ হৈছিল তদন্তও৷  শুকুৰবাৰে আৰক্ষীয়ে ১৬ বছৰীয়া লৰা গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা কিশোৰজন বিহাৰৰ বাসিন্দা। 

ছাত্ৰ জনে চলিত বৰ্ষতে   একাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কিশোৰজনে কিয় প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ ইমেইল প্ৰেৰণ কৰিছিল তাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই৷ অধিক জেৰাৰ পিছত এই সন্দৰ্ভত তথ্য পোৱা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷উল্লেখ্য পূৰ্বেও  প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া হৈছিল। যোৱা বছৰ মুম্বাই ট্ৰেফিক পুলিচৰ হেল্পলাইন নম্বৰৰ হোৱাটছএপত মোদীক হত্যাৰ   ভাবুকি দিয়া এটা বাৰ্তা পোৱা গৈছিল।

 ইয়াৰ পূৰ্বে ২০১৮ চনত দিল্লীৰ আৰক্ষী আয়ুক্তলৈ প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি এটা ইমেইল প্ৰেৰণ কৰা হৈছিল। যোগীলৈও এটা ভাবুকি বাৰ্তাও প্ৰেৰণ কৰা হৈছিল। যোৱা বছৰৰ আগষ্টত আৰক্ষীয়ে যোগীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছিল। সেই মাহত উত্তৰ প্ৰদেশ আৰক্ষীৰ হেল্পলাইন নম্বৰলৈ এটা হোৱাটছএপ বাৰ্তাত যোগীক হত্যা কৰা হ’ব বুলি কোৱা হৈছিল৷

আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। ইয়াৰ পূৰ্বে ২০২১ চনত চিআৰপিএফ কাৰ্যালয়লৈ অহা এটা ইমেইলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু যোগীক হত্যাৰ ভাবুকি দিয়া হৈছিল।আত্মঘাতী বিস্ফোৰণ ঘটাই তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement