--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নহয়, এজন ছাত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দিছিল৷ হত্যাৰ ভাবুকি দিয়াৰ  অভিযোগত নয়ডা আৰক্ষীয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক শুক্ৰবাৰে লক্ষ্ণৌৰ পৰা আৰক্ষীয়ে আটক কৰে৷ 

কিশোৰজনে মোদী আৰু যোগীক হত্যা কৰাৰ ভাবুকি দি এটা সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ ইমেইল প্ৰেৰণ কৰিছিল। সংবাদ মাধ্যমৰ কাৰ্যালয়ে উক্ত ই-মেইল পোৱাৰ পিছতে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল আৰু  আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল৷ ৫ এপ্ৰিলতে  আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। লগে লগে আৰম্ভ হৈছিল তদন্তও৷  শুকুৰবাৰে আৰক্ষীয়ে ১৬ বছৰীয়া লৰা গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা কিশোৰজন বিহাৰৰ বাসিন্দা। 

ছাত্ৰ জনে চলিত বৰ্ষতে   একাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কিশোৰজনে কিয় প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ ইমেইল প্ৰেৰণ কৰিছিল তাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই৷ অধিক জেৰাৰ পিছত এই সন্দৰ্ভত তথ্য পোৱা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷উল্লেখ্য পূৰ্বেও  প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া হৈছিল। যোৱা বছৰ মুম্বাই ট্ৰেফিক পুলিচৰ হেল্পলাইন নম্বৰৰ হোৱাটছএপত মোদীক হত্যাৰ   ভাবুকি দিয়া এটা বাৰ্তা পোৱা গৈছিল।

 ইয়াৰ পূৰ্বে ২০১৮ চনত দিল্লীৰ আৰক্ষী আয়ুক্তলৈ প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি এটা ইমেইল প্ৰেৰণ কৰা হৈছিল। যোগীলৈও এটা ভাবুকি বাৰ্তাও প্ৰেৰণ কৰা হৈছিল। যোৱা বছৰৰ আগষ্টত আৰক্ষীয়ে যোগীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছিল। সেই মাহত উত্তৰ প্ৰদেশ আৰক্ষীৰ হেল্পলাইন নম্বৰলৈ এটা হোৱাটছএপ বাৰ্তাত যোগীক হত্যা কৰা হ’ব বুলি কোৱা হৈছিল৷

আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। ইয়াৰ পূৰ্বে ২০২১ চনত চিআৰপিএফ কাৰ্যালয়লৈ অহা এটা ইমেইলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু যোগীক হত্যাৰ ভাবুকি দিয়া হৈছিল।আত্মঘাতী বিস্ফোৰণ ঘটাই তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল