--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰভু ৰামৰ জন্মনগৰী অযোধ্যাত আছে এজোপা অলৌকিক গছ। গছজোপাত আচৰিত ধৰণে নিজে নিজে খোদিত হয় এটা শব্দ। সেই শব্দটো হৈছে 'ৰাম'। সেয়েহে এই গছজোপা 'ৰামনাম' নামেৰে পৰিচিত। কদম প্ৰজাতিৰ এই গছজোপাক সেয়ে সকলোৱে পূজা কৰে।

অযোধ্যাৰ তকপূৰা গাঁৱত থকা ৰামনাম গছজোপা সকলোৰে বিশ্বাসৰ কেন্দ্ৰবিন্দু। ৩০ বছৰ ধৰি কদম প্ৰজাতিৰ এই গছজোপাৰ গা-গছ, কাণ্ড, ডাল আদিত নিজে নিজে ৰামৰ নাম খোদিত হৈ আছে। এগৰাকী সাধুৱে সপোনত দেখি এই গছজোপা আৱিষ্কাৰ কৰিছিল।

উল্লেখ্য যে সময়ৰ লগে লগে ৰামৰ নামৰ সংখ্যা বাঢ়ি গৈ আছে গছজোপাত। ইয়াৰ আশে-পাশে থকা মানুহে যেতিয়া এই গছজোপাৰ অলৌকিকতাৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁলোকে এই গছজোপাক নিতৌ পূজা কৰিবলৈ ধৰিলে।

বছৰত এবাৰ এই গছজোপাৰ তলত বিশাল মেলাৰ আয়োজন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰিবলৈ দেশৰ চুকে-কোণে থকা বহু ভক্ত ঢপলিয়াই আহে। বিশ্বাস কৰা হয় যে এই গছজোপা পূজা কৰা ব্যক্তিজনৰ সকলো শাৰীৰিক, মানসিক আৰু আৰ্থিক অসুবিধা নোহোৱা হৈ যায় আৰু তেওঁ সুখী জীৱন যাপন কৰে। প্ৰায় ত্ৰিশ বছৰ আগতে এনে এজোপা গছ আছিল প্ৰাচীন আৰু ঐতিহাসিক মণি পৰ্বতৰ ওচৰত। যিজোপা শুকাই গ’ল। এই একে ধৰণৰ গছ পুনৰ নিজাববীয়াকৈ গজি উঠিছে অযোধ্যাৰ তকপূৰা গাঁৱত।

ভিএইচপিৰ কেন্দ্ৰীয় ব্যৱস্থাপনা সমিতিৰ সদস্য পুৰুষোত্তম নাৰায়ণ সিঙে এনে দুষ্প্ৰাপ্য গছক শুভ বুলি অভিহিত কৰি কয় যে ''যিসকলে ভগৱান শ্ৰীৰামক কাল্পনিক বুলি অভিহিত কৰি আহিছে, তেওঁলোকে পবিত্ৰ অযোধ্যা ভূমিলৈ আহি এই অলৌকিক গছজোপা চাই যাবহি লাগে।''

উত্তৰ প্ৰদেশৰ ৰাজনৈতিক নেতা কেশৱ প্ৰসাদ মৌৰ্যই ইয়াক ভগৱানে দিয়া অলৌকিক উপহাৰ বুলি অভিহিত কৰিছে। তেওঁৰ মতে ভাৰতৰ ভূমি বহু অলৌকিকতাৰে ভৰি আছে। 

গাঁওবাসীয়ে এই গছজোপাক অতিশয় সন্মান আৰু ভক্তি কৰে।এই গছজোপাক শ্ৰীৰামৰ প্ৰতীক বুলি গণ্য কৰি নিয়মিতভাৱে পূজা কৰা হয়। এই গছজোপাৰ ডাল-পাত কোনেও নিছিঙে। ইয়াৰ চৌপাশে বান্দৰ আছে যদিও কেতিয়াও গছজোপাত বান্দৰ নুঠে। আগতে গছজোপাৰ চাৰিওফালে এখন হাবি আছিল। অৰ্জুন বাবা নামৰ এজন সাধু তালৈ আহি গছজোপাৰ বিষয়ে গাঁওবাসীক অৱগত কৰিলে। তেওঁ আৱিষ্কাৰ কৰা এই অলৌকিক গছজোপাক দূৰ-দূৰণিৰ পৰা আহিও বহু লোকে পূজা সেৱা কৰে। 

উল্লেখ্য যে দেশ-বিদেশৰ বহু গৱেষক, বিজ্ঞানী, উদ্ভিদবিদসকলে নানা গৱেষণা কৰাৰ পাছতো গছজোপাত ৰামৰ নাম কেনেকৈ খোদিত হয় তাৰ উত্তৰ বিচাৰি উলিয়াব পৰা নাই। তেওঁলোকে ইয়াক এক চমৎকাৰ বুলি অভিহিত কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল