--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰভু ৰামৰ জন্মনগৰী অযোধ্যাত আছে এজোপা অলৌকিক গছ। গছজোপাত আচৰিত ধৰণে নিজে নিজে খোদিত হয় এটা শব্দ। সেই শব্দটো হৈছে 'ৰাম'। সেয়েহে এই গছজোপা 'ৰামনাম' নামেৰে পৰিচিত। কদম প্ৰজাতিৰ এই গছজোপাক সেয়ে সকলোৱে পূজা কৰে।

অযোধ্যাৰ তকপূৰা গাঁৱত থকা ৰামনাম গছজোপা সকলোৰে বিশ্বাসৰ কেন্দ্ৰবিন্দু। ৩০ বছৰ ধৰি কদম প্ৰজাতিৰ এই গছজোপাৰ গা-গছ, কাণ্ড, ডাল আদিত নিজে নিজে ৰামৰ নাম খোদিত হৈ আছে। এগৰাকী সাধুৱে সপোনত দেখি এই গছজোপা আৱিষ্কাৰ কৰিছিল।

উল্লেখ্য যে সময়ৰ লগে লগে ৰামৰ নামৰ সংখ্যা বাঢ়ি গৈ আছে গছজোপাত। ইয়াৰ আশে-পাশে থকা মানুহে যেতিয়া এই গছজোপাৰ অলৌকিকতাৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁলোকে এই গছজোপাক নিতৌ পূজা কৰিবলৈ ধৰিলে।

বছৰত এবাৰ এই গছজোপাৰ তলত বিশাল মেলাৰ আয়োজন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰিবলৈ দেশৰ চুকে-কোণে থকা বহু ভক্ত ঢপলিয়াই আহে। বিশ্বাস কৰা হয় যে এই গছজোপা পূজা কৰা ব্যক্তিজনৰ সকলো শাৰীৰিক, মানসিক আৰু আৰ্থিক অসুবিধা নোহোৱা হৈ যায় আৰু তেওঁ সুখী জীৱন যাপন কৰে। প্ৰায় ত্ৰিশ বছৰ আগতে এনে এজোপা গছ আছিল প্ৰাচীন আৰু ঐতিহাসিক মণি পৰ্বতৰ ওচৰত। যিজোপা শুকাই গ’ল। এই একে ধৰণৰ গছ পুনৰ নিজাববীয়াকৈ গজি উঠিছে অযোধ্যাৰ তকপূৰা গাঁৱত।

ভিএইচপিৰ কেন্দ্ৰীয় ব্যৱস্থাপনা সমিতিৰ সদস্য পুৰুষোত্তম নাৰায়ণ সিঙে এনে দুষ্প্ৰাপ্য গছক শুভ বুলি অভিহিত কৰি কয় যে ''যিসকলে ভগৱান শ্ৰীৰামক কাল্পনিক বুলি অভিহিত কৰি আহিছে, তেওঁলোকে পবিত্ৰ অযোধ্যা ভূমিলৈ আহি এই অলৌকিক গছজোপা চাই যাবহি লাগে।''

উত্তৰ প্ৰদেশৰ ৰাজনৈতিক নেতা কেশৱ প্ৰসাদ মৌৰ্যই ইয়াক ভগৱানে দিয়া অলৌকিক উপহাৰ বুলি অভিহিত কৰিছে। তেওঁৰ মতে ভাৰতৰ ভূমি বহু অলৌকিকতাৰে ভৰি আছে। 

গাঁওবাসীয়ে এই গছজোপাক অতিশয় সন্মান আৰু ভক্তি কৰে।এই গছজোপাক শ্ৰীৰামৰ প্ৰতীক বুলি গণ্য কৰি নিয়মিতভাৱে পূজা কৰা হয়। এই গছজোপাৰ ডাল-পাত কোনেও নিছিঙে। ইয়াৰ চৌপাশে বান্দৰ আছে যদিও কেতিয়াও গছজোপাত বান্দৰ নুঠে। আগতে গছজোপাৰ চাৰিওফালে এখন হাবি আছিল। অৰ্জুন বাবা নামৰ এজন সাধু তালৈ আহি গছজোপাৰ বিষয়ে গাঁওবাসীক অৱগত কৰিলে। তেওঁ আৱিষ্কাৰ কৰা এই অলৌকিক গছজোপাক দূৰ-দূৰণিৰ পৰা আহিও বহু লোকে পূজা সেৱা কৰে। 

উল্লেখ্য যে দেশ-বিদেশৰ বহু গৱেষক, বিজ্ঞানী, উদ্ভিদবিদসকলে নানা গৱেষণা কৰাৰ পাছতো গছজোপাত ৰামৰ নাম কেনেকৈ খোদিত হয় তাৰ উত্তৰ বিচাৰি উলিয়াব পৰা নাই। তেওঁলোকে ইয়াক এক চমৎকাৰ বুলি অভিহিত কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement