--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান ৰাম লালাৰ 'জলঅভিষেক' উপলক্ষ্যে বিশ্বৰ ১৫৫ খন দেশৰ নদীৰ পানী ব্যৱহাৰ কৰি সম্পাদন কৰা হ’ব । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সম্পাদন কৰিব এই বিশেষ 'জলঅভিষেক' ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে প্ৰকাশ কৰা  মতে ২৩ এপ্ৰিলত অযোধ্যাত পবিত্ৰ  'জলঅভিষেক' অনুষ্ঠান অনুষ্ঠিত হ'ব৷ 

১৫৫ খন দেশৰ নদীৰ পানী  ভগৱান ৰামৰ দিল্লীস্থিত ভক্তৰ দলে আদিত্যনাথক হস্তান্তৰ কৰিব৷ তাৰ পিছতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আদিত্যনাথে ২৩ এপ্ৰিলত মণিৰাম দাস চাওনী প্ৰেক্ষাগৃহত 'জল কলশ' পূজা কৰিব৷ ৰাজনাথ সিং আৰু যোগী আদিত্যনাথৰ উপৰি বিশিষ্ট ব্যক্তিসকলে  অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।  

সমগ্ৰ বিশ্বৰ পৰা অনা পানীৰ পাত্ৰত ৰাষ্ট্ৰসমূহৰ নাম উল্লেখ  থাকিব। চীন, চুৰিনাম, কানাডা, ৰাছিয়া, তিব্বত, কাজাখস্তান আৰু ইউক্ৰেইন সেই দেশবোৰৰ ভিতৰত থাকিব য'ৰ পৰা পানী অনা হৈছে৷  লক্ষণীয়ভাৱে পাকিস্তানৰ ৰবি নদীৰ পানীও 'জলঅভিষেক'ৰ বাবে ব্যৱহাৰ কৰিবলগা 'কলশ'ত অন্তৰ্ভুক্ত কৰা হ'ব। 

ইয়াৰ পানী প্ৰথমে হিন্দুসকলে পাকিস্তানৰ পৰা ডুবাইলৈ প্ৰেৰণ কৰিছিলআৰু পিছত  ইয়াক দিল্লীলৈ অনা হৈছে৷  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু আদিত্যনাথৰ নেতৃত্বত মন্দিৰৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে বুলি ৰায়ে কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ