--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান ৰাম লালাৰ 'জলঅভিষেক' উপলক্ষ্যে বিশ্বৰ ১৫৫ খন দেশৰ নদীৰ পানী ব্যৱহাৰ কৰি সম্পাদন কৰা হ’ব । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সম্পাদন কৰিব এই বিশেষ 'জলঅভিষেক' ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে প্ৰকাশ কৰা  মতে ২৩ এপ্ৰিলত অযোধ্যাত পবিত্ৰ  'জলঅভিষেক' অনুষ্ঠান অনুষ্ঠিত হ'ব৷ 

১৫৫ খন দেশৰ নদীৰ পানী  ভগৱান ৰামৰ দিল্লীস্থিত ভক্তৰ দলে আদিত্যনাথক হস্তান্তৰ কৰিব৷ তাৰ পিছতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আদিত্যনাথে ২৩ এপ্ৰিলত মণিৰাম দাস চাওনী প্ৰেক্ষাগৃহত 'জল কলশ' পূজা কৰিব৷ ৰাজনাথ সিং আৰু যোগী আদিত্যনাথৰ উপৰি বিশিষ্ট ব্যক্তিসকলে  অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।  

সমগ্ৰ বিশ্বৰ পৰা অনা পানীৰ পাত্ৰত ৰাষ্ট্ৰসমূহৰ নাম উল্লেখ  থাকিব। চীন, চুৰিনাম, কানাডা, ৰাছিয়া, তিব্বত, কাজাখস্তান আৰু ইউক্ৰেইন সেই দেশবোৰৰ ভিতৰত থাকিব য'ৰ পৰা পানী অনা হৈছে৷  লক্ষণীয়ভাৱে পাকিস্তানৰ ৰবি নদীৰ পানীও 'জলঅভিষেক'ৰ বাবে ব্যৱহাৰ কৰিবলগা 'কলশ'ত অন্তৰ্ভুক্ত কৰা হ'ব। 

ইয়াৰ পানী প্ৰথমে হিন্দুসকলে পাকিস্তানৰ পৰা ডুবাইলৈ প্ৰেৰণ কৰিছিলআৰু পিছত  ইয়াক দিল্লীলৈ অনা হৈছে৷  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু আদিত্যনাথৰ নেতৃত্বত মন্দিৰৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে বুলি ৰায়ে কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু