--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো খলা-বমা পথ অথবা পাহাৰৰ থিয় গড়াত নহয়, ভৰা নদীৰ মাজত বাইক চলাই সকলোকে আচৰিত কৰি দিছে এজন যুৱকে। ইতিমধ্যে নদীৰ মাজত যুৱকজনে বাইক চলোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন  যুৱকে এখন বাইক লৈ বাঁহৰ  দলঙৰ ওপৰত থিয় হৈ আছে। মূৰত তেওঁৰ  হেলমেট, পিছফালে মোনা। খালি ভৰি। তেওঁ বাইকখন চলাই দিলে।

বাইকখনে লাহে লাহে গৈ নদীৰ একেবাৰে মাজ পালে। নদীৰ মাজত বাইক চলাই থকা যুৱকজনক দেখি বহু নেটিজেন হতবাক হৈ পৰিছে। কিছুমানে সুধিছে এয়া কেনেকৈ সম্ভৱ? নদীৰ মাজত কোনো ৰাস্তা আছিল নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে। কিন্তু নদীৰ মাজত ৰাস্তাত থাকিলেও পানীৰ তলত সেয়া দেখাটো অসম্ভৱ! কিছুমানে প্ৰশ্ন উত্থাপন কৰিছে যদি বাইক খনৰ ইঞ্জিন নদীৰ মাজত বন্ধ হৈ গ’লহেঁতেন তেন্তে কি হ'লহেঁতেন?

কোনোবাই এইবুলিও মন্তব্য কৰিছিল যে এনে ধৰণৰ বিপজ্জনক কাম কেতিয়াও কোনেও কৰিব নালাগে।  ভিডিঅ'টো এতিয়া  যথেষ্ট ভাইৰেল হৈ পৰিছে। প্ৰাগ নিউজ ডিজিটেলে  অৱশ্যে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই।এই ভিডিঅ'টো 'মটৰঅকটেন' নামৰ টুইটাৰ একাউণ্টত পোষ্ট হৈছে। শিৰোনামটোত লিখা আছে, "যদি ইচ্ছা আছে, উপায়ো আছে, এই ঘটনাটোৱেই ইয়াৰ এক সঠিক উদাহৰণ। আপুনি কেতিয়াবা এনেদৰে বাইক চলোৱাৰ কথা ভাবিব পাৰেনে?"









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু