--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো খলা-বমা পথ অথবা পাহাৰৰ থিয় গড়াত নহয়, ভৰা নদীৰ মাজত বাইক চলাই সকলোকে আচৰিত কৰি দিছে এজন যুৱকে। ইতিমধ্যে নদীৰ মাজত যুৱকজনে বাইক চলোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন  যুৱকে এখন বাইক লৈ বাঁহৰ  দলঙৰ ওপৰত থিয় হৈ আছে। মূৰত তেওঁৰ  হেলমেট, পিছফালে মোনা। খালি ভৰি। তেওঁ বাইকখন চলাই দিলে।

বাইকখনে লাহে লাহে গৈ নদীৰ একেবাৰে মাজ পালে। নদীৰ মাজত বাইক চলাই থকা যুৱকজনক দেখি বহু নেটিজেন হতবাক হৈ পৰিছে। কিছুমানে সুধিছে এয়া কেনেকৈ সম্ভৱ? নদীৰ মাজত কোনো ৰাস্তা আছিল নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে। কিন্তু নদীৰ মাজত ৰাস্তাত থাকিলেও পানীৰ তলত সেয়া দেখাটো অসম্ভৱ! কিছুমানে প্ৰশ্ন উত্থাপন কৰিছে যদি বাইক খনৰ ইঞ্জিন নদীৰ মাজত বন্ধ হৈ গ’লহেঁতেন তেন্তে কি হ'লহেঁতেন?

কোনোবাই এইবুলিও মন্তব্য কৰিছিল যে এনে ধৰণৰ বিপজ্জনক কাম কেতিয়াও কোনেও কৰিব নালাগে।  ভিডিঅ'টো এতিয়া  যথেষ্ট ভাইৰেল হৈ পৰিছে। প্ৰাগ নিউজ ডিজিটেলে  অৱশ্যে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই।এই ভিডিঅ'টো 'মটৰঅকটেন' নামৰ টুইটাৰ একাউণ্টত পোষ্ট হৈছে। শিৰোনামটোত লিখা আছে, "যদি ইচ্ছা আছে, উপায়ো আছে, এই ঘটনাটোৱেই ইয়াৰ এক সঠিক উদাহৰণ। আপুনি কেতিয়াবা এনেদৰে বাইক চলোৱাৰ কথা ভাবিব পাৰেনে?"









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ