--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামৰ লেংপুই বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক পিছতে ভাগি পৰে  ম্যানমাৰৰ এখন  সামৰিক বিমান।এই বিমান দুৰ্ঘটনাত কমেও আঠ জন লোক গুৰুতৰভাবে আহত হৈছে।জানিব পৰা মতে  যোৱা সপ্তাহত ইণ্ডো-ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি মিজোৰামত প্ৰৱেশ কৰা সৈনিকসকলক বিমানেৰে নিজৰ দেশলৈ নিয়াৰ বাবে সামৰিক বিমানখন ম্যানমাৰৰ পৰা মিজোৰামলৈ  আহিছিল।

 কিন্তু বিমান খনে অৱতৰণ কৰাৰ পিছতে নিয়ন্ত্ৰণ হেৰাৱাই পেলায় আৰু দুৰ্ঘটনাত পতিত হয়।  এই  দুৰ্ঘটনাত  বিমানখনত থকা ১৩ জন কৰ্মচাৰীৰ ভিতৰত ৮ জন আঘাতপ্ৰাপ্ত হয় । ম্যানমাৰৰ সামৰিক বিমানখনে মিজোৰামৰ আইজলৰ ওচৰৰ লেংপুই বিমানবন্দৰত ম্যানমাৰ সেনাৰ ১৮৪ জন জোৱানক বিমানেৰে নিজৰ দেশলৈ নিয়াৰ বাবে আহিছিল।

 ম্যানমাৰৰ সেই সেনা জোৱান কেইজনে ম্যানমাৰৰ বিদ্ৰোহীৰ আক্ৰমণ সহিব নোৱাৰি মিজোৰামত প্ৰৱেশ কৰি অঞ্চলটোত আশ্ৰয় বিচাৰিছিল। এই সৈন্যসকলে আৰাকান আৰ্মি নামৰ   উগ্ৰপন্থীৰ সংগঠনৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ  মিজোৰামৰ লংটলাই জিলালৈ পলাই আহিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ম্যানমাৰৰ সামৰিক শাসক জুণ্টাৰ মাজত হোৱা আলোচনাৰ পিছত এই সৈনিকসকলক তেওঁলোকৰ অস্ত্ৰসহ দুটা গোটত ম্যানমাৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা  হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু