--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামৰ লেংপুই বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক পিছতে ভাগি পৰে  ম্যানমাৰৰ এখন  সামৰিক বিমান।এই বিমান দুৰ্ঘটনাত কমেও আঠ জন লোক গুৰুতৰভাবে আহত হৈছে।জানিব পৰা মতে  যোৱা সপ্তাহত ইণ্ডো-ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি মিজোৰামত প্ৰৱেশ কৰা সৈনিকসকলক বিমানেৰে নিজৰ দেশলৈ নিয়াৰ বাবে সামৰিক বিমানখন ম্যানমাৰৰ পৰা মিজোৰামলৈ  আহিছিল।

 কিন্তু বিমান খনে অৱতৰণ কৰাৰ পিছতে নিয়ন্ত্ৰণ হেৰাৱাই পেলায় আৰু দুৰ্ঘটনাত পতিত হয়।  এই  দুৰ্ঘটনাত  বিমানখনত থকা ১৩ জন কৰ্মচাৰীৰ ভিতৰত ৮ জন আঘাতপ্ৰাপ্ত হয় । ম্যানমাৰৰ সামৰিক বিমানখনে মিজোৰামৰ আইজলৰ ওচৰৰ লেংপুই বিমানবন্দৰত ম্যানমাৰ সেনাৰ ১৮৪ জন জোৱানক বিমানেৰে নিজৰ দেশলৈ নিয়াৰ বাবে আহিছিল।

 ম্যানমাৰৰ সেই সেনা জোৱান কেইজনে ম্যানমাৰৰ বিদ্ৰোহীৰ আক্ৰমণ সহিব নোৱাৰি মিজোৰামত প্ৰৱেশ কৰি অঞ্চলটোত আশ্ৰয় বিচাৰিছিল। এই সৈন্যসকলে আৰাকান আৰ্মি নামৰ   উগ্ৰপন্থীৰ সংগঠনৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ  মিজোৰামৰ লংটলাই জিলালৈ পলাই আহিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ম্যানমাৰৰ সামৰিক শাসক জুণ্টাৰ মাজত হোৱা আলোচনাৰ পিছত এই সৈনিকসকলক তেওঁলোকৰ অস্ত্ৰসহ দুটা গোটত ম্যানমাৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা  হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক