--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একে খনেই চহৰ নতুন দিল্লী। কিছু বছৰ বিদেশত ভাৰতীয় লোকে জমা কৰা ক’লা ধন দেশলৈ ওভতাই অনাৰ দাবীত   যোগগুৰু বাবা ৰামদেৱে দিল্লীৰ ৰামলীলা ময়দানত পালন  কৰিছিল অনশন কাৰ্যসূচী।  মাজ নিশা হঠাতে আৰক্ষী উপস্থিত হৈছে ৰামদেৱৰ প্ৰতিবাদস্লী লণ্ড-ভণ্ড কৰি পেলাইছিল। ৰামদেৱে কোনো মতে জঁপিয়াই মহিলা প্ৰতিবাদকাৰীৰ মাজত সোমাইহে নিজকে আৰক্ষীৰ পৰা ৰক্ষা কৰিছিল। এই ঘটনাত ৩০ জন প্ৰতিবাদকাৰী আহত হৈছিল। 

কিছু বছৰৰ বিৰতিত তদ্ৰুপ ঘটনাৰেই পুনৰাবৃত্তি ঘটিল দিল্লীত। কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগ তুলি আন্দোলন অব্যাহত ৰখা দেশৰ আগশাৰীৰ মল্লযোদ্ধাসকলৰ প্ৰতিবাদস্থলীত যোৱা নিশা হঠাতে আৰক্ষী উপস্থিত হৈ তাণ্ডৱ চলোৱাৰ অভিযোগ উঠিছে।  প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু কিছু আৰক্ষীৰ মাজত হতাহতি লগা বুলিও অভিযোগ উঠিছে। এনে ঘটনাৰ পিছে  দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ চাৰিওফালে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

সূত্ৰ অনুসৰি উক্ত স্থানত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটোত বেৰিকেড স্থাপন কৰা হৈছে। আৰক্ষীয়ে মল্লযোদ্ধাসকলক সমৰ্থন কৰা ৰাজ্যসভাৰ সাংসদ দীপেন্দ্ৰ হুডা আৰু দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষা স্বাতী মালিৱালকো আটক কৰিছে ।প্ৰায় ১৫ জন লোকক আটক কৰি  এখন বাছত তুলি নিয়া বুলিও জানিব পৰা গৈছে। অভিযোগ অনুসৰি আৰক্ষীৰে হোৱা হতাহতিত  কেইজনমান প্ৰতিবাদকাৰীয়ে মূৰত আঘাত পাইছে। মল্লযোদ্ধাসকলে অভিযোগ কৰিছে যে তেওঁলোকক আৰক্ষী কৰ্মীয়ে প্ৰহাৰ কৰিছে।

ঘটনাটোৰ পিছত কংগ্ৰেছ নেতা দীপেন্দ্ৰ হুদা আৰু আম আদমী পাৰ্টিৰ (আপ) বিধায়ক সোমনাথ ভাৰতীকে ধৰি চাৰিজন লোকক আটক কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত এটা ভিডিঅ'ত কিছুসংখ্যক  প্ৰতিবাদকাৰীয়ে এজন আৰক্ষী কৰ্মীয়ে সুৰাৰ নিচাত দুজন মল্লযোদ্ধাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা শুনা গৈছে। ইপিনে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ অব্যাহত ৰখা মল্লযোদ্ধাসকলৰ প্ৰতি  সমৰ্থন জনাইছে বিজেপিৰ এজন নেতাই৷  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ সিং আৰু হাৰিয়ানাৰ শক্তি মন্ত্ৰী ৰঞ্জিত সিং চৌটালাই শেহতীয়াকৈ মল্লযোদ্ধাসকলৰ পক্ষ লৈ কয় যে "তেওঁলোকৰ দ্বাৰা উত্থাপিত অভিযোগ গুৰুতৰ "।

 হাৰিয়ানাৰ বাসিন্দা বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিককে ধৰি প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে৷ সিঙৰ  বিৰুদ্ধে তেওঁলোকে যৌন নিৰ্যাতন আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগ উত্থাপন কৰিছে। জ্যেষ্ঠ বিজেপি নেতা বীৰেন্দ্ৰ সিঙে কৈছিল: "এই বিষয়ত এটা নিৰপেক্ষ তদন্ত হ'ব যিয়ে আন্দোলনকাৰী খেলুৱৈসকলক সন্তুষ্ট কৰিব’’।  তেওঁ লগতে কয় যে আমাৰ দেশত মল্লযুদ্ধত মহিলাসকলৰ অংশগ্ৰহণ খুব বেছিদিনৰ কথা  নহয়। সেয়েহে, তেওঁলোকক এই ক্ষেত্ৰত  উৎসাহিত লাগে ৷ আনহাতে মনোহৰ লাল খট্টৰ চৰকাৰক সমৰ্থন কৰা এজন নিৰ্দলীয়  বিধায়ক ৰঞ্জিত চৌটালাই লগতে কয় যে এনে ধৰণৰ  অভিযোগ উঠা ব্যক্তিয়ে নিজকে ৰক্ষা কৰিব নালাগে,  পদত্যাগৰ প্ৰস্তাৱ দিব লাগে। 

প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী দেৱী লালৰ পুত্ৰ ৰঞ্জিত চৌটালাই লগতে কৈছিল, "লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৫৬ চনত এটা ৰে’ল দুৰ্ঘটনাৰ বাবে পদত্যাগ পত্ৰ প্ৰদান কৰিছিল। মই হাৰিয়ানা মন্ত্ৰীসভাৰ পৰা আন ছয়জন মন্ত্ৰীৰ সৈতে পদত্যাগ কৰিছিলো যেতিয়া মেহামত (১৯৯০ চনত) গুলীচালনা হৈছিল ষ সেই ঘটনাত আঠজন লোকৰ মৃত্যু হৈছিল। সত্যটো সোনকালে ৰাইজৰ সন্মুখলৈ আহিব লাগে আৰু মই অনুভৱ কৰো যে এয়া  দীঘলীয়া হৈ থকা উচিত নহয়। চৰকাৰে জনসাধাৰণৰ বিশ্বাস আদায় কৰিব   লাগে।" 

উল্লেখ্য দিল্লীৰ যন্তৰ মন্তৰত ন্যায় লাভৰ আশাত প্ৰতিবাদ কৰি অহা মল্লযোদ্ধাসকলৰ কাষত থিয় দিছে কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতা-নেত্ৰীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকমাৰ, কেৰালা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, আৰএলডিৰ মুৰব্বী জয়ন্ত সিনহা আৰু দিল্লীৰ শাসনাধিষ্ঠ আম আদমী পাৰ্টীকে ধৰি বিৰোধী দলৰ নেতাসকলে শুকুৰবাৰে ভাৰতীয় ডব্লিউএফএছৰসভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে  আন্দোলন কৰি থকা শীৰ্ষ মল্লযোদ্ধাসকলৰ প্ৰতি   চৰ্তহীন সমৰ্থন আগবঢ়াইছে। ইপিনে বহুতে এইবুলি অভিযোগ কৰিছে যে চৰকাৰে মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ প্ৰতি বহুতে সমৰ্থন দিয়াৰ পিছতে বিষয়টোকলৈ সচেতন হৈ পৰিছে। অভিযোগ অনুসৰি বল প্ৰয়োগ কৰি হ’লেও চৰকাৰে মল্লযোদ্ধাসকলৰ প্ৰতিবাদ মষিমূৰ কৰিব বিচাৰিছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement