--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰৰ পৰিৱৰ্তনৰ ভয়াবহ ইংগিত পোৱা গ’ল দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত। দুদিন আগলৈকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে জনজীৱন ব্যাহত কৰা নতুন দিল্লীত  হঠাতে নামি আহিল পুহমহীয়া শীত ! ৪১ বছৰৰ পিছত ৰাজধানী চহৰ খনত  সৰ্বনিম্ন হ’ল তাপমাত্ৰা। ১৯৮২ চনৰ ২ মে'ত চহৰ খনৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৫.২  ডিগ্ৰী চেলচিয়াছ। 

তাৰ পিছত ২০২৩ চনকৰ আজিৰ  দিনটোত তাপমাত্ৰা হ’ল ১৫.৮  ডিগ্ৰী চেলচিয়াছ। শেহতীয়াকৈ বৰষুণৰ বাবেই ৰাজধানী চহৰ খনৰ তাপমাত্ৰা হ্ৰাস পোৱা পৰিবেশ যেন পুনৰ ঘূৰাই আনিছে। উল্লেখ্য মাত্ৰ কেইদিন পূৰ্বে  দিল্লীৰ তাপমাত্ৰা ৪৫-৪৬ ডিগ্ৰীত উপনীত হৈছিল। কোনেও কল্পনাও কৰিব পৰা নাছিল যে তাপমাত্ৰা এটা ঢাপতে এনেদৰে  ১৫ ডিগ্ৰীলৈ হ্ৰাস পাব। 

কেৱল তাপমাত্ৰা হ্ৰাস পোৱাই  নহয়, বৃহস্পতিবাৰে পুৱাৰে পৰা  সমগ্ৰ ৰাজধানী চহৰ খন  কুঁৱলীৰ ডাঠ কম্বলে ঢাকি ধৰে। চহৰ খনত  দৃশ্যমানতাও যথেষ্ট হ্ৰাস পায়। পুৱা পাতলীয়া বৰষুণো হয়। চহৰ খনত আজি প্ৰায় ৩০ মিলিমিটাৰ বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।  প্ৰকৃতিৰ এনে বিচিত্ৰ ৰূপত এতিয়া হতবাক হৈ পৰিছে চহৰ খনৰ বাসিন্দাসকল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ