--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰৰ পৰিৱৰ্তনৰ ভয়াবহ ইংগিত পোৱা গ’ল দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত। দুদিন আগলৈকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে জনজীৱন ব্যাহত কৰা নতুন দিল্লীত  হঠাতে নামি আহিল পুহমহীয়া শীত ! ৪১ বছৰৰ পিছত ৰাজধানী চহৰ খনত  সৰ্বনিম্ন হ’ল তাপমাত্ৰা। ১৯৮২ চনৰ ২ মে'ত চহৰ খনৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৫.২  ডিগ্ৰী চেলচিয়াছ। 

তাৰ পিছত ২০২৩ চনকৰ আজিৰ  দিনটোত তাপমাত্ৰা হ’ল ১৫.৮  ডিগ্ৰী চেলচিয়াছ। শেহতীয়াকৈ বৰষুণৰ বাবেই ৰাজধানী চহৰ খনৰ তাপমাত্ৰা হ্ৰাস পোৱা পৰিবেশ যেন পুনৰ ঘূৰাই আনিছে। উল্লেখ্য মাত্ৰ কেইদিন পূৰ্বে  দিল্লীৰ তাপমাত্ৰা ৪৫-৪৬ ডিগ্ৰীত উপনীত হৈছিল। কোনেও কল্পনাও কৰিব পৰা নাছিল যে তাপমাত্ৰা এটা ঢাপতে এনেদৰে  ১৫ ডিগ্ৰীলৈ হ্ৰাস পাব। 

কেৱল তাপমাত্ৰা হ্ৰাস পোৱাই  নহয়, বৃহস্পতিবাৰে পুৱাৰে পৰা  সমগ্ৰ ৰাজধানী চহৰ খন  কুঁৱলীৰ ডাঠ কম্বলে ঢাকি ধৰে। চহৰ খনত  দৃশ্যমানতাও যথেষ্ট হ্ৰাস পায়। পুৱা পাতলীয়া বৰষুণো হয়। চহৰ খনত আজি প্ৰায় ৩০ মিলিমিটাৰ বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।  প্ৰকৃতিৰ এনে বিচিত্ৰ ৰূপত এতিয়া হতবাক হৈ পৰিছে চহৰ খনৰ বাসিন্দাসকল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস