--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। তাৰবাবে ব্যাপক আয়োজন চলি আছে। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালাই অযোধ্যাৰ ৮৪ কোচি পৰিক্ৰমা অঞ্চলত সুৰা উপলব্ধ নহ’ব বুলি ঘোষণা কৰে। এই অঞ্চলত সুৰা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। আঁতৰাই দিয়া হ’ব সকলো সুৰাৰ দোকান। 

ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ক সাক্ষাৎ কৰিবলৈ অযোধ্যালৈ আহে নীতিন আগৰৱালা। তেওঁ কয় যে শ্ৰী ৰাম মন্দিৰ এলেকাত ইতিমধ্যে সুৰা নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে। ৰাম মন্দিৰৰ অঞ্চলত সুৰা বিক্ৰী নহ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে।

অলপতে অযোধ্যালৈ অহা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সুৰা বিক্ৰী নিষিদ্ধ কৰাৰ ইংগিত দিছিল। আনহাতে, ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত আছে। অযোধ্যাক স্থানীয় আৰু বিদেশী ফুল আৰু তোৰণেৰে সজাই তোলা হৈছে। 

ইয়াৰ বাবে অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ বাহিৰেও পশ্চিমবংগ, মথুৰা আৰু সীতাপুৰৰ পৰা ৭০০-৮০০ শিপিনীৰ সমাগম হৈছে। কলকাতা, কানপুৰ, দিল্লী, বাংগালুৰুৰ উপৰিও অযোধ্যা সজোৱাৰ বাবে বহিঃৰাজ্যৰ পৰাও ফুল অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক