--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতা লাভৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম, ধৈৰ্য্য আৰু অধ্যৱসায়েই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। লাখ লাখ মানুহৰ ভিতৰত যাত্ৰাত অটল হৈ থকাসকলেহে সফলতা লাভ কৰে। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এনে এটা সফলতাৰ কাহিনী, য'ত এজন ব্যক্তিয়ে নিজৰ দৰিদ্ৰতা দূৰ কৰি নিজৰ ভৱিষ্যত উন্নত কৰাত কেৱল কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ জৰিয়তে সফল হৈছিল।

বিহাৰৰ এখন সৰু চহৰৰ অংগদ ৰাজে প্ৰেৰণা যোগাইছে বহুতৰে জীৱনত। এটা, দুটা বা তিনিটা নহয়, পাঁচটা চৰকাৰী চাকৰিৰ পৰীক্ষা ক্লিয়াৰ কৰাত তেওঁ সফল হৈছিল। প্ৰথম অৱস্থাত ৰেলৱেৰ গ্ৰুপ ডি শিতানত চাকৰি পাইছিল যদিও কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ বাবে এতিয়া ৰাজ্যৰ সহকাৰী সচিবালয়ৰ পদত পদত অধিষ্ঠিত হৈছে।

বিহাৰৰ আৰহৰ উদৱন্ত নগৰ গাঁৱৰ বাসিন্দা অংগদ ৰাজ। অতি দৰিদ্ৰ পৰিয়ালৰ তেওঁৰ শৈশৱ সদায় সংগ্ৰামেৰে ভৰা আছিল। তেওঁৰ পিতৃ ৰমাশংকৰ সিং গাঁৱৰ খেতিয়ক আছিল। অংগদ ৰাজৰ যৌথ পৰিয়ালত ককাক আৰু খুড়া আছিল। তেওঁৰ ঘৰত উপাৰ্জনৰ একমাত্ৰ উৎস আছিল ককাক আৰু খুড়াক। ঘৰৰ আৰ্থিক অৱস্থা বেয়া বাবে অংগদে পঢ়া-শুনা ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। অতি কম বয়সতে টিউচন ক্লাছ লৈ তেওঁ পঢ়াৰ খৰচ উলিয়াইছিল।

বছৰ বছৰ ধৰি বহু সংগ্ৰামৰ অন্তত অংগদ ৰাজে ২০১৯ চনত প্ৰথম চৰকাৰী চাকৰি লাভ কৰে। মুম্বাইৰ ৰেলৱে গ্ৰুপ ডিৰ বাবে নিৰ্বাচিত হৈছিল। অংগদে ৰৈ থকা ৰেলতে থাকিছিল, শুইছিল আৰু পঢ়া-শুনা কৰিছিল। দুবছৰ এই কাম কৰি তেওঁ ৰেলৱেৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত ল’লে। তাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হৈ বিহাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক হয়।

অংগদৰ পৰিয়ালে তেওঁক আৰক্ষীৰ কাম কৰাটো বিচৰা নাছিল। তাৰ পিছত তেওঁ বি পি এছ চিৰ শাখা বিষয়াৰ পদৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত তেওঁ অধিক কষ্ট কৰি এতিয়া সচিবালয়ৰ সহায়ক পদত উপনীত হৈছে। অংগদ এতিয়াও এই কথাত সন্তুষ্ট হোৱা নাই আৰু তেওঁৰ লক্ষ্য হৈছে বি পি এছ চি উত্তীৰ্ণ হৈ ডি এছ পি হৈ ৰাজ্যবাসীক সেৱা আগবঢ়োৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক