--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতা লাভৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম, ধৈৰ্য্য আৰু অধ্যৱসায়েই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। লাখ লাখ মানুহৰ ভিতৰত যাত্ৰাত অটল হৈ থকাসকলেহে সফলতা লাভ কৰে। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এনে এটা সফলতাৰ কাহিনী, য'ত এজন ব্যক্তিয়ে নিজৰ দৰিদ্ৰতা দূৰ কৰি নিজৰ ভৱিষ্যত উন্নত কৰাত কেৱল কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ জৰিয়তে সফল হৈছিল।

বিহাৰৰ এখন সৰু চহৰৰ অংগদ ৰাজে প্ৰেৰণা যোগাইছে বহুতৰে জীৱনত। এটা, দুটা বা তিনিটা নহয়, পাঁচটা চৰকাৰী চাকৰিৰ পৰীক্ষা ক্লিয়াৰ কৰাত তেওঁ সফল হৈছিল। প্ৰথম অৱস্থাত ৰেলৱেৰ গ্ৰুপ ডি শিতানত চাকৰি পাইছিল যদিও কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ বাবে এতিয়া ৰাজ্যৰ সহকাৰী সচিবালয়ৰ পদত পদত অধিষ্ঠিত হৈছে।

বিহাৰৰ আৰহৰ উদৱন্ত নগৰ গাঁৱৰ বাসিন্দা অংগদ ৰাজ। অতি দৰিদ্ৰ পৰিয়ালৰ তেওঁৰ শৈশৱ সদায় সংগ্ৰামেৰে ভৰা আছিল। তেওঁৰ পিতৃ ৰমাশংকৰ সিং গাঁৱৰ খেতিয়ক আছিল। অংগদ ৰাজৰ যৌথ পৰিয়ালত ককাক আৰু খুড়া আছিল। তেওঁৰ ঘৰত উপাৰ্জনৰ একমাত্ৰ উৎস আছিল ককাক আৰু খুড়াক। ঘৰৰ আৰ্থিক অৱস্থা বেয়া বাবে অংগদে পঢ়া-শুনা ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। অতি কম বয়সতে টিউচন ক্লাছ লৈ তেওঁ পঢ়াৰ খৰচ উলিয়াইছিল।

বছৰ বছৰ ধৰি বহু সংগ্ৰামৰ অন্তত অংগদ ৰাজে ২০১৯ চনত প্ৰথম চৰকাৰী চাকৰি লাভ কৰে। মুম্বাইৰ ৰেলৱে গ্ৰুপ ডিৰ বাবে নিৰ্বাচিত হৈছিল। অংগদে ৰৈ থকা ৰেলতে থাকিছিল, শুইছিল আৰু পঢ়া-শুনা কৰিছিল। দুবছৰ এই কাম কৰি তেওঁ ৰেলৱেৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত ল’লে। তাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হৈ বিহাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক হয়।

অংগদৰ পৰিয়ালে তেওঁক আৰক্ষীৰ কাম কৰাটো বিচৰা নাছিল। তাৰ পিছত তেওঁ বি পি এছ চিৰ শাখা বিষয়াৰ পদৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত তেওঁ অধিক কষ্ট কৰি এতিয়া সচিবালয়ৰ সহায়ক পদত উপনীত হৈছে। অংগদ এতিয়াও এই কথাত সন্তুষ্ট হোৱা নাই আৰু তেওঁৰ লক্ষ্য হৈছে বি পি এছ চি উত্তীৰ্ণ হৈ ডি এছ পি হৈ ৰাজ্যবাসীক সেৱা আগবঢ়োৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক