--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত পাঁচ বছৰ বয়সৰ ৰামৰ  ৰাম লালাৰ মূৰ্তি বিশাল ৰাম মন্দিৰত স্থাপন কৰা হৈছে। ইয়াৰ পিছতে অযোধ্যাক পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় তীৰ্থকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰস্তুতি আৰম্ভ হৈছে। জানিব পৰা মতে   যোগী চৰকাৰে আৰু ১৩ টা মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি  চলাইছে।  

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ কোষাধ্যক্ষ গুৰুদেৱ গিৰিজীয়ে কয় যে ৰাম মন্দিৰ চৌহদৰ ভিতৰত ছটা আৰু বাহিৰত সাতটা মন্দিৰ নিৰ্মাণ কৰা হ'ব। ইয়াৰ উপৰি  মুখ্য মন্দিৰৰ নিৰ্মাণৰ কামো আৰু ভালেখিনি বাকী আছে বুলি তেওঁ কয়।  অৱশ্যে, সকলো কাম পূৰ্ণ গতিত চলি আছে। তেওঁ কয় "প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাম মন্দিৰত ৰাম লালাৰ মূৰ্তি মুকলি   কৰে। কিন্তু মন্দিৰটো মাত্ৰ এমহলীয়া হৈ আছে। ইয়াত এটা দ্বিতীয় মহলা থাকিব আৰু তাৰ পিছত মন্দিৰৰ চূড়াটো নিৰ্মাণ কৰা হ'ব। ইয়াৰ পিছত, ৰামৰ পৰিয়ালৰ পাঁচটা মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। যিহেতু ৰামক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়, সেয়েহে ইয়াত  ভগৱান গণেশ, শিৱ, সূৰ্য দেৱ আৰু ভগৱান জগদম্বাৰ মন্দিৰো স্থাপন কৰা হ'ব। এই চাৰিটা মন্দিৰ মূল মন্দিৰৰ চাৰিটা কোণত স্থাপন কৰা হ'ব। "

তাত ভগৱান হনুমানৰ এটা মন্দিৰো থাকিব। সেই বোৰ মন্দিৰ নিৰ্মাণৰ কাম বহু আগবাঢ়িছে। মন্দিৰবোৰত মূৰ্তি স্থাপনৰ কামও চলি আছে। অন্নপূৰ্ণাৰ মন্দিৰটো মন্দিৰ চৌহদটোতে  নিৰ্মাণ কৰা হ'ব,  যাক সীতা ৰছোই অৰ্থাৎ সীতাৰ পাকঘৰ বুলি কোৱা হ’ব। ইয়াৰ উপৰি মুখ্য মন্দিৰৰ বাহিৰৰ অংশ আৱৰি মুঠ সাতটা মন্দিৰ থাকিব। ৰামায়ণত উল্লেখিত বিভিন্ন চৰিত্ৰৰ মন্দিৰ থাকিব যেনে শাবাৰী, জটায়ূ, বশিষ্ঠ মুনি, বিশ্বমিত্ৰা আদি। তাত ৰামায়ণৰ জনক  মহৰ্ষি বাল্মীকিৰ মন্দিৰো নিৰ্মাণ কৰা হ'ব।

ৰাম লাল্লাৰ জীৱন প্ৰতিষ্ঠা হোৱাৰ পিছদিনাৰে  পৰা ৰাম মন্দিৰত ভক্ত উপচি পৰিছে। ইফালে, ৰাম লালাৰ আন এটা মূৰ্তি থকাৰ কথাও  পোহৰলৈ আহিছে। গৰ্ভগৃহত স্থাপনৰ  দৌৰত মুঠ তিনিটা মন্দিৰ আছিল। তাৰে ভিতৰত সত্যনাৰায়ণ পাণ্ডেৰ দ্বাৰা নিৰ্মিত ৰাম লালাৰ বগা শিলৰ মূৰ্তিটোও চৰ্চালৈ আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক