(প্ৰবীণ ৰাজনীতিক, মৰণোত্তৰভাবে সদ্য ভাৰতৰত্ন প্ৰাপক তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জন নায়ক কৰ্পূৰী ঠাকুৰৰ ১০০ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি )
আজি জন নায়ক কৰ্পূৰী ঠাকুৰজীৰ জন্ম শতবাৰ্ষিকী, যিগৰাকী ব্যক্তিৰ সামাজিক ন্যায়ৰ নিৰন্তৰ সাধনাই কোটি কোটি লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছিল। মই কেতিয়াও কৰ্পূৰী জীক সোঁশৰীৰে লগ পোৱাৰ সুযোগ পোৱা নাছিলো কিন্তু মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা কৈলাশপতি মিশ্ৰজীৰ পৰা তেওঁৰ বিষয়ে বহু কথাই শুনিছিলো। তেওঁ সমাজৰ অন্যতম পিছপৰা শ্ৰেণী নাপিত সমাজৰ লোক আছিল। তথাপি অজস্ৰ বাধা অতিক্ৰম কৰি তেওঁ জীৱন সংগ্ৰামত আগুৱাই গৈছিল আৰু যথেষ্ট সফলতা অৰ্জন কৰিছিল । তেওঁ অহৰহ সামাজিক উন্নয়নৰ হকেই কাম কৰি গৈছিল।
জন নায়ক কৰ্পূৰী ঠাকুৰজীৰ জীৱন সৰলতা আৰু সামাজিক ন্যায়ৰ দ্বৈত স্তম্ভৰ চৌদিশে ঘূৰ্ণীয়মান আছিল। শেষ উশাহ থকালৈকে তেওঁ তেওঁৰ সৰল জীৱনশৈলী আৰু নম্ৰ প্ৰকৃতিৰে সাধাৰণ মানুহৰ সৈতে গভীৰভাৱে একাত্ম হ’ব পাৰিছিল, সকলোকে মোহাচ্ছন্ন কৰিব পাৰিছিল। কৰ্পূৰী জীৰ জীৱনৰ বহু ঘটনা আছে যিবোৰে তেওঁৰ সৰলতাকেই প্ৰতিফলিত কৰে। যিসকলে তেওঁৰ সৈতে কাম কৰিছিল তেওঁলোকে মনত পেলাইছে যে কেনেকৈ তেওঁ তেওঁৰ কন্যাৰ বিয়াকে ধৰি যিকোনো ব্যক্তিগত বিষয়ৰ বাবে কেৱল নিজৰ ধন খৰচ কৰিবলৈহে পছন্দ কৰিছিল। তেওঁ কেতিয়াও আনৰ ধনেৰে ব্যক্তিগত কাম কৰা নাছিল। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত, ৰাজনৈতিক নেতাসকলৰ বাবে এটা আবাসীক কল’নি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু তেওঁ নিজে ইয়াৰ বাবে কোনো ভূমি বা ধন গ্ৰহণ কৰা নাছিল। ১৯৮৮ চনত যেতিয়া তেওঁৰ মৃত্যু হয়, তেতিয়া কেইবাজনো নেতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ গাঁওলৈ গৈছিল। যেতিয়া তেওঁলোকে তেওঁৰ ঘৰৰ অৱস্থা দেখিছিল, তেওঁলোকৰ চকুলো নিগৰি আহিছিল- ইমান ডাঙৰ পদবীত থাকিও কাৰোবাৰ ইমান সাধাৰণ ঘৰ কেনেকৈ থাকিব পাৰে!
তেওঁৰ সৰলতাৰ আন এটা উদাহৰণ ১৯৭৭ চনৰ আনএকঘটনাৰপৰা পোৱা যায়। তেতিয়া তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলহে মাত্ৰ ।সেই সময়ত জনতা চৰকাৰ দিল্লী আৰু পাটনাত শাসনত আছিল। সেইবাৰ জনতা দলৰ নেতাসকলে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মদিন উপলক্ষে পাটনাত মিলিত হৈছিল। শীৰ্ষ নেতাসকলৰ সৈতে মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ জীয়ে ফটা কুৰ্তা পিন্ধি খোজ কাঢ়িছিল। তেনে দৃশ্য দেখি চন্দ্ৰশেখৰ জীয়ে নিজস্ব ভঙ্গীৰে তাত উপস্থিত থকা লোকসকলক কিছু টকা দান কৰিবলৈ কৈছিল, যাতে কৰ্পূৰী জীয়ে এটা নতুন কুৰ্তা ক্ৰয় কৰিব পাৰে। কিন্তু, কৰ্পূৰী জী কৰ্পূৰী জীয়েই আছিল- তেওঁ টকাখিনি গ্ৰহণ কৰিছিল, কিন্তু সেই ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰিছিল।
জন নায়ক কৰ্পূৰী ঠাকুৰ জীৰ বাবে সামাজিক ন্যায় আটাইতকৈ প্ৰিয় বিষয় আছিল। তেওঁ তেওঁৰ ৰাজনৈতিক যাত্ৰাত এনে এখন সমাজ গঢ়ি তোলাৰ বাবে চেষ্টা চলাইছিল য'ত সম্পদবোৰ নিৰপেক্ষভাৱে বিতৰণ কৰা হয় আৰু সকলোৱে সকলো সুবিধা তেওঁলোকৰ সামাজিক স্থিতি নিৰ্বিশেষে ভোগ কৰিব পাৰে। তেওঁ ভাৰতীয় সমাজক পীড়িত কৰা, বিধ্বস্ত কৰা প্ৰণালীগত অসমতাবোৰ দূৰ কৰিব বিচাৰিছিল।
আদৰ্শ বৰ্তাই ৰখাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিশ্ৰুতি এনে আছিল যে কংগ্ৰেছ দল সৰ্বব্যাপী হৈ থকা স্বত্বেও, তেওঁ স্পষ্টভাৱে কংগ্ৰেছ বিৰোধী অৱস্থান গ্ৰহণ কৰিছিল । কিয়নো তেওঁ নিশ্চিত হৈছিল যে কংগ্ৰেছ দলটো ইয়াৰ প্ৰতিষ্ঠা কালৰ নীতিৰ পৰা বিচ্যুত হৈছে।
তেওঁৰ নিৰ্বাচনী কেৰিয়াৰ ১৯৫০ ৰ দশকৰ আদিতে আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা তেওঁ অসমতাৰ বিৰুদ্ধে মাত মতা এক শক্তি হিচাবে পৰিচিত হৈছিল। শ্ৰমিক শ্ৰেণী, ক্ষুদ্ৰ কৃষক আৰু যুৱক-যুৱতীসকলৰ সংগ্ৰামক শক্তিশালী কৰাৰ বাবে তেওঁ সদায় মাত মাতিছিল। শিক্ষা তেওঁৰ হৃদয়ৰ খুব ওচৰৰ বিষয় আছিল। তেওঁৰ সমগ্ৰ ৰাজনৈতিক কেৰিয়াৰত তেওঁ দৰিদ্ৰ লোকসকলৰ বাবে শিক্ষাৰ সুবিধা উন্নত কৰাৰ হকে কাম কৰিছিল। তেওঁ স্থানীয় ভাষাত শিক্ষাদানৰ সপক্ষে মাত মাতিছিল, যাতে সৰু চহৰ আৰু গাঁৱৰ মানুহেও উন্নতিৰ জখলা বগাই সফলতা লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰী হিচাপে তেওঁ জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবেও বহু পদক্ষেপ গ্ৰহণ গ্ৰহণ কৰিছিল।
গণতন্ত্ৰ, বিতৰ্ক আৰু আলোচনা কৰ্পূৰী জীৰ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংগ আছিল। তেওঁৰ ব্যক্তিত্বৰ এনেবোৰ দিশ ভালদৰে পৰিস্ফূট হৈছিল যেতিয়া তেওঁ এজন যুৱক হিচাপে ভাৰত ত্যাগ আন্দোলনত নিজকে জড়িত কৰিছিল আৰু জৰুৰীকালীন অৱস্থাৰ সময়তো তেওঁ সৰ্ব শক্তিৰে নিজৰ প্ৰতিবাদ সাবস্ত্য কৰিছিল । জয়প্ৰকাশ নাৰায়ণ , ড০ লোহিয়া আৰু চৰণ সিং জীৰ দৰে ব্যক্তিসকলে তেওঁৰ অনন্য দৃষ্টিভংগী আৰু ব্যক্তিত্বৰ শলাগ লোৱাৰ লগতে যথেষ্ট প্ৰশংসা কৰিছিল।
ভাৰতলৈ জন নায়ক কৰ্পূৰী ঠাকুৰজীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানৰ ভিতৰত সম্ভৱতঃ এটা আছিল পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণৰ প্ৰচেষ্টাক শক্তিশালী কৰাত তেওঁ আগবঢ়োৱা ভূমিকা। তেওঁ মনে-প্ৰাণে এই আশা কৰিছিল যে পিছপৰা শ্ৰেণীৰ লোকসকলক তেওঁলোকৰ প্ৰাপ্য প্ৰতিনিধিত্ব আৰু সুযোগ প্ৰদান কৰা হওঁক । তেওঁৰ এনে সিদ্ধান্ত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কোনো কাৰণতে পিছ হুহুকি অহা নাছিল। তেওঁৰ নেতৃত্বত এনে নীতি ৰূপায়ণ কৰা হৈছিল যি নীতিয়ে এনে এক সামগ্ৰিক সমাজৰ ভিত্তি স্থাপন কৰিছিল, য'ত এটা দিশৰ জন্মই আন এটাৰ অন্ত নিৰ্ধাৰণ কৰা নাছিল। তেওঁ সমাজৰ অন্যতম পিছপৰা শ্ৰেণীৰ লোক আছিল, কিন্তু তেওঁ উদাৰচিত্তে সকলো মানুহৰ কল্যাণৰ হকে কাম কৰিছিল। তেওঁৰ মাজত লেশমানো তিক্ততাৰ চিহ্ন পৰিস্ফূট হোৱা নাছিল, যিবোৰ কথাই তেওঁক সঁচাকৈয়ে মহান কৰি তুলিছিল।
যোৱা দহটা বছৰত আমাৰ চৰকাৰে জন নায়ক কৰ্পূৰী ঠাকুৰ জীয়ে দেখুৱাই থৈ যোৱা পথৰেই অগ্ৰসৰ হৈছে। আমাৰ আঁচনি আৰু নীতিসমূহত তেওঁৰ নীতি আৰু আদৰ্শ প্ৰতিফলিত হৈছে, যিয়ে পৰিৱৰ্তনকামী সবলীকৰণৰ পৰিবেশ সৃষ্টি কৰিছে। আমাৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডী হৈছে এয়াই যে কৰ্পূৰী জীৰ দৰে কেইজনমান নেতাক একাষৰীয়া কৰি আওঁৰাই থকা সামাজিক ন্যায়ৰ আহ্বান কেৱল মাত্ৰ এটা ৰাজনৈতিক শ্ল'গানতহে সীমাবদ্ধ হৈ ৰৈছে। কৰ্পূৰী জীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি ইয়াক এক শাসনৰ কাৰ্যকৰী আৰ্হি হিচাপে ৰূপায়ণ কৰিছো। মই আত্মবিশ্বাস আৰু গৌৰৱেৰে এই কথা ক'ব পাৰোঁ যে যোৱা কেইটামান বছৰত আমি ভাৰতৰ ২৫ কোটি লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাৰ যি কৃতিত্ব অৰ্জন কৰিছো সেয়া দেখি জন নায়ক কৰ্পূৰী ঠাকুৰজী যথেষ্ট গৌৰৱান্বিত হ'লহেঁতেন।আমি দৰিদ্ৰতাৰ পৰা মুক্ত কৰা এই লোকসকল হৈছে সমাজৰ পিছপৰা শ্ৰেণীৰ লোক, যিসকল লোকক ঔপনিবেশিক শাসনৰ পৰা মুক্ত হোৱাৰ সাতটা দশকৰ পিছতো নূন্যতম সুবিধাকণৰ পৰাও বঞ্চিত কৰি অহা হৈছিল।
একে সময়তে, প্ৰতিখন আঁচনিয়ে ১০০% লোকক সামৰি লোৱাৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰাৰ বাবে আমি গ্ৰহণ কৰা প্ৰচেষ্টাৰ মাজতো তেওঁৰ আদৰ্শ আৰু নীতিৰ কথাই প্ৰতিধ্বনিত হৈ আহিছে। আজি যেতিয়া মুদ্ৰা ঋণৰ জড়িয়তে অ'বিচি, অনুসূচীত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ লোকসকল উদ্যোগী হৈ পৰিছে, ই কৰ্পূৰী ঠাকুৰ জীৰ অৰ্থনৈতিক স্বাধীনতাৰ দৃষ্টিভংগীকে মূৰ্ত কৰি তুলিছে। একেদৰে, আমাৰ চৰকাৰে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ সংৰক্ষণৰ ব্যৱস্থাটো সম্প্ৰসাৰণ কৰাৰ সৌভাগ্য লাভ কৰিছে। আমি অ'বিচি আয়োগ গঠন কৰাৰ সুবিধা লাভ কৰিছো (দুখৰ বিষয় ,যিটো কংগ্ৰেছে বিৰোধিতা কৰিছিল ), এইবোৰ কথাই আমি কৰ্পূৰী জীয়ে দেখুওৱা পথেৰে অগ্ৰসৰ হোৱাকে সূচায়।
আমাৰ প্ৰধানমন্ত্ৰী-বিশ্বকৰ্মা আঁচনিয়ে সমগ্ৰ ভাৰতৰ অ'বিচি সম্প্ৰদায়ৰ কোটি কোটি লোকৰ বাবে সমৃদ্ধিৰ নতুন পথ মুকলি কৰি দিছে। মই নিজেও পিছপৰা শ্ৰেণীৰ এজন লোক হিচাপে, জন নায়ক কৰ্পূৰী ঠাকুৰ জীক ধন্যবাদ জনাবলগীয়া বহু কথাই বিচাৰি পাইছো। দুৰ্ভাগ্যবশতঃ, আমি মাত্ৰ ৬৪ বছৰ বয়সতে কৰ্পূৰী জীক হেৰুৱাইছিলো। যেতিয়া তেওঁৰ আমাক আটাইতকৈ বেছি প্ৰয়োজন হৈছিল সেই সময়তে আমি তেওঁক হেৰুৱাইছিলো। তথাপি তেওঁ তেওঁৰ কামৰ বাবেই কোটি কোটি লোকৰ হৃদয় আৰু মনত সদায় জীয়াই থাকিব । প্ৰকৃততে তেওঁ এগৰাকী সঁচা জন নায়ক আছিল!