--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্ৰোহীৰ আক্ৰমণ নহয়, এইবাৰ  অসম ৰাইফলছৰ জোৱানেই গুলীয়ালে নিজৰেই সতীৰ্থক। অসম ৰাইফলছৰ এজন জোৱানে তেওঁৰ সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰাৰ ফলত  ছজন সৈনিক আহত হৈছে । অভিযুক্ত জোৱানজনে পিছত  নিজৰ মূৰত  গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায় ।

 আহত জোৱানসকলক চিকিৎসাৰ বাবে সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সেনাৰ  কৰ্তৃপক্ষই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।আৰক্ষীয়ে জনোৱা অনুসৰি মঙলবাৰে নিশা দক্ষিণ মণিপুৰৰ চাজিক টাম্পাক অঞ্চলত এই ঘটনা সংঘটিত হয়। অসম ৰাইফলছৰ এজন জোৱানে তেওঁৰ ছজন সহকৰ্মীৰ ওপৰত গুলীচালনা কৰে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে   ঘটনাটোৰে ৰাজ্যখনৰ গোষ্ঠীগত সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই। অভিযুক্ত আৰু আহত ছজন জোৱান মণিপুৰৰ বাসিন্দা নহয় বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে।  
 
উল্লেখ্য যোৱা বছৰ, ৪৮  ৰাষ্ট্ৰীয় ৰাইফলছৰ এজন জোৱানেও  জম্মু -কাশ্মীৰ সীমান্তত তেওঁৰ সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰিছিল। ঘটনাটোত কেইবাজনো জোৱান আহত হৈছিল। মণিপুৰতো একে ধৰণৰ ঘটনা সংঘটিত হ’ল। আক্ৰমণকাৰী জোৱান আৰু আহতসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক