--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্ৰোহীৰ আক্ৰমণ নহয়, এইবাৰ  অসম ৰাইফলছৰ জোৱানেই গুলীয়ালে নিজৰেই সতীৰ্থক। অসম ৰাইফলছৰ এজন জোৱানে তেওঁৰ সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰাৰ ফলত  ছজন সৈনিক আহত হৈছে । অভিযুক্ত জোৱানজনে পিছত  নিজৰ মূৰত  গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায় ।

 আহত জোৱানসকলক চিকিৎসাৰ বাবে সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সেনাৰ  কৰ্তৃপক্ষই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।আৰক্ষীয়ে জনোৱা অনুসৰি মঙলবাৰে নিশা দক্ষিণ মণিপুৰৰ চাজিক টাম্পাক অঞ্চলত এই ঘটনা সংঘটিত হয়। অসম ৰাইফলছৰ এজন জোৱানে তেওঁৰ ছজন সহকৰ্মীৰ ওপৰত গুলীচালনা কৰে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে   ঘটনাটোৰে ৰাজ্যখনৰ গোষ্ঠীগত সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই। অভিযুক্ত আৰু আহত ছজন জোৱান মণিপুৰৰ বাসিন্দা নহয় বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে।  
 
উল্লেখ্য যোৱা বছৰ, ৪৮  ৰাষ্ট্ৰীয় ৰাইফলছৰ এজন জোৱানেও  জম্মু -কাশ্মীৰ সীমান্তত তেওঁৰ সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰিছিল। ঘটনাটোত কেইবাজনো জোৱান আহত হৈছিল। মণিপুৰতো একে ধৰণৰ ঘটনা সংঘটিত হ’ল। আক্ৰমণকাৰী জোৱান আৰু আহতসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু