--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ছাত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ কৰ্তৃপক্ষই অভিযোগ কৰে যে ষ্টেচনৰ অত্যাধুনিক শৌচাগাৰৰ পৰা টেপ আৰু পাইপৰ ফিটিংছ চুৰি হৈছে। যাৰ মুঠ মূল্য ১ লাখ ২০ হাজাৰ টকা!

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে কৰ্তৃপক্ষই। চুৰি হোৱা সামগ্ৰীৰ ভিতৰত জেট স্প্ৰে, নল, টয়লেট চিটৰ কভাৰ, বটল ট্ৰেপ আৰু ষ্টপকক ভালভ আদিও আছে বুলি জানিবলৈ দিয়ে। অৱশ্যে চুৰিৰ লগত জড়িত লোকসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। অনুমানিকভাৱে কিছুমান ৰে’লৱে কৰ্মচাৰী বা ঠিকাভিত্তিক শ্ৰমিক চুৰিৰ সৈতে জড়িত হ’ব পাৰে।

এজন যাত্ৰীয়ে টয়লেটটোৰ এখন ছবি শ্বেয়াৰ কৰি এক্স হেণ্ডেলত পোষ্ট কৰে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোত স্পষ্টকৈ দেখা গৈছে যে ৱাছ বেচিনৰ টেপ আৰু প্ৰস্ৰাৱগাৰৰ সৈতে সংযুক্ত পানীৰ পাইপ নাইকিয়া হৈ গৈছে।

৭ দিন পূৰ্বে মুম্বাই সংমণ্ডলৰ কেন্দ্ৰীয় ৰেলৱেই জনাইছিল যে ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ শৌচাগাৰত কেইবাটাও অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এসপ্তাহৰ ভিতৰতে ইয়াৰ বহুখিনি চুৰি হৈ গ’ল।

কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাই এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে ৰে’লৱে এই চুৰি কাণ্ডক অতি গুৰুত্বসহকাৰে লৈছে। ৰে’ল আৰক্ষীত এফআইআৰ দাখিল কৰাৰ উপৰিও সতৰ্কতাও বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক