--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ছাত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ কৰ্তৃপক্ষই অভিযোগ কৰে যে ষ্টেচনৰ অত্যাধুনিক শৌচাগাৰৰ পৰা টেপ আৰু পাইপৰ ফিটিংছ চুৰি হৈছে। যাৰ মুঠ মূল্য ১ লাখ ২০ হাজাৰ টকা!

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে কৰ্তৃপক্ষই। চুৰি হোৱা সামগ্ৰীৰ ভিতৰত জেট স্প্ৰে, নল, টয়লেট চিটৰ কভাৰ, বটল ট্ৰেপ আৰু ষ্টপকক ভালভ আদিও আছে বুলি জানিবলৈ দিয়ে। অৱশ্যে চুৰিৰ লগত জড়িত লোকসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। অনুমানিকভাৱে কিছুমান ৰে’লৱে কৰ্মচাৰী বা ঠিকাভিত্তিক শ্ৰমিক চুৰিৰ সৈতে জড়িত হ’ব পাৰে।

এজন যাত্ৰীয়ে টয়লেটটোৰ এখন ছবি শ্বেয়াৰ কৰি এক্স হেণ্ডেলত পোষ্ট কৰে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোত স্পষ্টকৈ দেখা গৈছে যে ৱাছ বেচিনৰ টেপ আৰু প্ৰস্ৰাৱগাৰৰ সৈতে সংযুক্ত পানীৰ পাইপ নাইকিয়া হৈ গৈছে।

৭ দিন পূৰ্বে মুম্বাই সংমণ্ডলৰ কেন্দ্ৰীয় ৰেলৱেই জনাইছিল যে ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ শৌচাগাৰত কেইবাটাও অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এসপ্তাহৰ ভিতৰতে ইয়াৰ বহুখিনি চুৰি হৈ গ’ল।

কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাই এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে ৰে’লৱে এই চুৰি কাণ্ডক অতি গুৰুত্বসহকাৰে লৈছে। ৰে’ল আৰক্ষীত এফআইআৰ দাখিল কৰাৰ উপৰিও সতৰ্কতাও বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা