--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিজেপিৰ সৈতে একে সুৰত সুৰ মিলাইছে আম আদমী পাৰ্টীয়ে৷সততে তীব্ৰ বিজেপি বিৰোধী  ৰূপে দেখা পোৱা আম আদমী পাৰ্টীয়ে একক নাগৰিক সংহিতা সন্দৰ্ভত কেন্দ্ৰক সমৰ্থন কৰিছে৷ শেহতীয়াকৈ ইউচিচিক সমৰ্থন প্ৰকাশ কৰি আম আদমী পাৰ্টিয়ে নীতিগতভাৱে ইউচিচিক সমৰ্থন কৰা বুলি কয়। সকলো ধৰ্ম, ৰাজনৈতিক দল-সংগঠনৰ সৈতে ব্যাপক আলোচনা কৰি এই বিষয়ে সযতনে বিবেচনা কৰি একমতত উপনীত হ’ব লাগে। আনহাতে, ইউনিফৰ্ম চিভিল কোডৰ কেন্দ্ৰৰ বিৰোধী কংগ্ৰেছ।

বুধবাৰে সন্দীপ পাঠকে কয় যে, "৪৪ নং অনুচ্ছেদতো কোৱা হৈছে যে ইউচিচি হ’ব লাগে, কিন্তু আম আদমী পাৰ্টিৰ মতে এই বিষয়টো সকলো ধৰ্ম আৰু ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰা উচিত। সকলোৰে সন্মতিৰ পিছতহে ইয়াক কাৰ্যকৰী কৰিব লাগে।"

অৱশ্যে আপ নেতা সন্দীপ পাঠকে ইউ চি চি সন্দৰ্ভত কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি বিজেপি চৰকাৰক সমালোচনা কৰা দেখা গৈছে৷ সন্দীপ পাঠকে কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মশৈলীত পৰিৱৰ্তন তেতিয়াহে আহে যেতিয়া নিৰ্বাচন আহে৷ ইউচিচি কাৰ্যকৰী কৰা আৰু এই সমস্যা সমাধানৰ লগত বিজেপিৰ কোনো সম্পৰ্ক নাই। বিজেপিয়ে মাথোঁ বিভ্ৰান্তিৰ অৱস্থা সৃষ্টি কৰে, যাতে দেশত বিভাজনৰ সৃষ্টি হয় আৰু তাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যায়।

উল্লেখযোগ্য যে ইউনিফৰ্ম চিভিল কোড মানে সকলোৰে বাবে এখন উমৈহতীয়া আইন। ইয়াৰ অধীনত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, আৰু ভৰণ-পোষণৰ দৰে বিষয়ত সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে একেধৰণৰ আইন প্ৰযোজ্য হ’ব। দেশৰ সকলো নাগৰিকৰ বাবে উমৈহতীয়া ‘ফৌজদাৰী সংহিতা’ আছে যদিও উমৈহতীয়া দেৱানী আইন নাই। কেৱল মাত্ৰ গোৱাতহে ইউচিচি দেখা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু