--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিজেপিৰ সৈতে একে সুৰত সুৰ মিলাইছে আম আদমী পাৰ্টীয়ে৷সততে তীব্ৰ বিজেপি বিৰোধী  ৰূপে দেখা পোৱা আম আদমী পাৰ্টীয়ে একক নাগৰিক সংহিতা সন্দৰ্ভত কেন্দ্ৰক সমৰ্থন কৰিছে৷ শেহতীয়াকৈ ইউচিচিক সমৰ্থন প্ৰকাশ কৰি আম আদমী পাৰ্টিয়ে নীতিগতভাৱে ইউচিচিক সমৰ্থন কৰা বুলি কয়। সকলো ধৰ্ম, ৰাজনৈতিক দল-সংগঠনৰ সৈতে ব্যাপক আলোচনা কৰি এই বিষয়ে সযতনে বিবেচনা কৰি একমতত উপনীত হ’ব লাগে। আনহাতে, ইউনিফৰ্ম চিভিল কোডৰ কেন্দ্ৰৰ বিৰোধী কংগ্ৰেছ।

বুধবাৰে সন্দীপ পাঠকে কয় যে, "৪৪ নং অনুচ্ছেদতো কোৱা হৈছে যে ইউচিচি হ’ব লাগে, কিন্তু আম আদমী পাৰ্টিৰ মতে এই বিষয়টো সকলো ধৰ্ম আৰু ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰা উচিত। সকলোৰে সন্মতিৰ পিছতহে ইয়াক কাৰ্যকৰী কৰিব লাগে।"

অৱশ্যে আপ নেতা সন্দীপ পাঠকে ইউ চি চি সন্দৰ্ভত কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি বিজেপি চৰকাৰক সমালোচনা কৰা দেখা গৈছে৷ সন্দীপ পাঠকে কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মশৈলীত পৰিৱৰ্তন তেতিয়াহে আহে যেতিয়া নিৰ্বাচন আহে৷ ইউচিচি কাৰ্যকৰী কৰা আৰু এই সমস্যা সমাধানৰ লগত বিজেপিৰ কোনো সম্পৰ্ক নাই। বিজেপিয়ে মাথোঁ বিভ্ৰান্তিৰ অৱস্থা সৃষ্টি কৰে, যাতে দেশত বিভাজনৰ সৃষ্টি হয় আৰু তাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যায়।

উল্লেখযোগ্য যে ইউনিফৰ্ম চিভিল কোড মানে সকলোৰে বাবে এখন উমৈহতীয়া আইন। ইয়াৰ অধীনত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, আৰু ভৰণ-পোষণৰ দৰে বিষয়ত সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে একেধৰণৰ আইন প্ৰযোজ্য হ’ব। দেশৰ সকলো নাগৰিকৰ বাবে উমৈহতীয়া ‘ফৌজদাৰী সংহিতা’ আছে যদিও উমৈহতীয়া দেৱানী আইন নাই। কেৱল মাত্ৰ গোৱাতহে ইউচিচি দেখা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে