--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সলনি হ’ল দুটাকৈ বিশেষ স্থানৰ নাম৷এইবাৰ ঘটনাৰ অভিকেন্দ্ৰ মহাৰাষ্ট্ৰ৷ মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰে মুম্বাইৰ বাৰ্চোভা-বান্দ্ৰা সাগৰীয় লিংকৰ নাম সলনি কৰি বীৰ সাৱাৰকাৰ সেঁতুলৈ ৰূপান্তৰ কৰিছে৷ একে সময়তে মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংকৰ নামো সলনি কৰা হৈছে। এতিয়া ইয়াৰ নাম অটল বিহাৰী বাজপেয়ী স্মৃতি সেঁতু বুলি জনা যাব। এই সন্দৰ্ভত বুধবাৰে ২৮ জুনত ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই যোৱা মাহত সাৱাৰকাৰৰ জন্মদিন অৰ্থাৎ ২৮ মে’ত ঘোষণা কৰিছিল যে বান্দ্ৰা-বাৰ্চোভা সাগৰীয় সংযোগৰ নাম হিন্দুত্ববাদী মতাদৰ্শবাদী বীৰ সাৱাৰকাৰৰ নামেৰে নামাকৰণ কৰা হ’ব। সিন্দেয়ে লগতে কৈছিল যে কেন্দ্ৰীয় বীৰত্ব বঁটাৰ দৰেই ৰাজ্যিক পৰ্যায়ৰ বীৰত্ব বঁটাও স্বাধীনতা সংগ্ৰামী সাৱাৰকাৰৰ নামেৰে নামাকৰণ কৰা হ’ব।

কেবিনেট বৈঠকৰ বিষয়ে তথ্য দি মুখ্যমন্ত্ৰী সিন্দেই কয় যে, আজি আমি ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছো। ইয়াৰ দ্বাৰা ১,২০,০০০ লোকে কৰ্মসংস্থাপন লাভ কৰিব। মহাৰাষ্ট্ৰলৈ আৰু বহু উদ্যোগ আহি আছে। আমাৰ ৰাজ্যত বহু সম্ভাৱনা আছে। এতিয়া মহাৰাষ্ট্ৰ পুনৰ এফ ডি আইত ১ নম্বৰত পৰিণত হৈছে।কেবিনেট বৈঠকত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৭০০ স্থানত বালাচাহেব থাকৰে ক্লিনিক আৰম্ভ কৰাৰ সিদ্ধান্তও লোৱা হয়। ইয়াৰ বাবে ২১০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ভামা আসখেদ প্ৰকল্পৰ দ্বাৰা জান খন্দা বাতিলৰ সিদ্ধান্তও এই কেবিনেট বৈঠকত লোৱা হৈছে। তিনিখন তালুকৰ কৃষকে লাভ কৰিব ইয়াৰ সুবিধা।

ইয়াৰ উপৰিও মহাত্মা জ্যোতিৰাও ফুলে জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা যৌথভাৱে ৰূপায়ণ কৰা হ’ব। ২ কোটি হেল্থ কাৰ্ড বিতৰণ কৰা হ’ব, যাৰ অধীনত ৫ লাখ টকাৰ স্বাস্থ্য বীমা যোজনা উপলব্ধ হ’ব। সঞ্জয় গান্ধী নিৰাধাৰ যোজনা আৰু শ্ৰৱণ বল যোজনাৰ ধনৰাশি ১০০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু