--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সলনি হ’ল দুটাকৈ বিশেষ স্থানৰ নাম৷এইবাৰ ঘটনাৰ অভিকেন্দ্ৰ মহাৰাষ্ট্ৰ৷ মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰে মুম্বাইৰ বাৰ্চোভা-বান্দ্ৰা সাগৰীয় লিংকৰ নাম সলনি কৰি বীৰ সাৱাৰকাৰ সেঁতুলৈ ৰূপান্তৰ কৰিছে৷ একে সময়তে মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংকৰ নামো সলনি কৰা হৈছে। এতিয়া ইয়াৰ নাম অটল বিহাৰী বাজপেয়ী স্মৃতি সেঁতু বুলি জনা যাব। এই সন্দৰ্ভত বুধবাৰে ২৮ জুনত ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই যোৱা মাহত সাৱাৰকাৰৰ জন্মদিন অৰ্থাৎ ২৮ মে’ত ঘোষণা কৰিছিল যে বান্দ্ৰা-বাৰ্চোভা সাগৰীয় সংযোগৰ নাম হিন্দুত্ববাদী মতাদৰ্শবাদী বীৰ সাৱাৰকাৰৰ নামেৰে নামাকৰণ কৰা হ’ব। সিন্দেয়ে লগতে কৈছিল যে কেন্দ্ৰীয় বীৰত্ব বঁটাৰ দৰেই ৰাজ্যিক পৰ্যায়ৰ বীৰত্ব বঁটাও স্বাধীনতা সংগ্ৰামী সাৱাৰকাৰৰ নামেৰে নামাকৰণ কৰা হ’ব।

কেবিনেট বৈঠকৰ বিষয়ে তথ্য দি মুখ্যমন্ত্ৰী সিন্দেই কয় যে, আজি আমি ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছো। ইয়াৰ দ্বাৰা ১,২০,০০০ লোকে কৰ্মসংস্থাপন লাভ কৰিব। মহাৰাষ্ট্ৰলৈ আৰু বহু উদ্যোগ আহি আছে। আমাৰ ৰাজ্যত বহু সম্ভাৱনা আছে। এতিয়া মহাৰাষ্ট্ৰ পুনৰ এফ ডি আইত ১ নম্বৰত পৰিণত হৈছে।কেবিনেট বৈঠকত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৭০০ স্থানত বালাচাহেব থাকৰে ক্লিনিক আৰম্ভ কৰাৰ সিদ্ধান্তও লোৱা হয়। ইয়াৰ বাবে ২১০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ভামা আসখেদ প্ৰকল্পৰ দ্বাৰা জান খন্দা বাতিলৰ সিদ্ধান্তও এই কেবিনেট বৈঠকত লোৱা হৈছে। তিনিখন তালুকৰ কৃষকে লাভ কৰিব ইয়াৰ সুবিধা।

ইয়াৰ উপৰিও মহাত্মা জ্যোতিৰাও ফুলে জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা যৌথভাৱে ৰূপায়ণ কৰা হ’ব। ২ কোটি হেল্থ কাৰ্ড বিতৰণ কৰা হ’ব, যাৰ অধীনত ৫ লাখ টকাৰ স্বাস্থ্য বীমা যোজনা উপলব্ধ হ’ব। সঞ্জয় গান্ধী নিৰাধাৰ যোজনা আৰু শ্ৰৱণ বল যোজনাৰ ধনৰাশি ১০০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে