--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ আন্দোলনৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশীক স্বাস্থ্যৰ বাবে অহা মাহত অযোধ্যাৰ ৰামলালাৰ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ বয়স। বয়সৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে এই অনুৰোধ।

অযোধ্যাত ৰাম মন্দিৰ আন্দোলনত অগ্ৰণী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীয়ে স্বাস্থ্য আৰু বয়সৰ কাৰণে অহা মাহত মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা নাই! সোমবাৰে মন্দিৰ ন্যাসে এই তথ্য অৱগত কৰে।

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ সংস্থা শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে সাংবাদিকৰ আগত কয় যে স্বাস্থ্য আৰু বয়স সম্পৰ্কীয় কাৰণত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আদৱানী আৰু প্ৰাক্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী যোশীয়ে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

ৰায়ে কয়, ‘‘অভিষেক অনুষ্ঠানৰ সকলো প্ৰস্তুতি অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব। ১৬ জানুৱাৰীৰ পৰা প্ৰাণ প্ৰতিষ্ঠাৰ পূজা আৰম্ভ হ’ব আৰু অহা ২২ জানুৱাৰীলৈকে চলিব। ইয়াত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত বিভিন্ন পৰম্পৰাৰ ১৫০ গৰাকী ঋষি আৰু সাধু আৰু ছয় দৰ্শন পৰম্পৰাৰ শংকৰাচাৰ্যকে ধৰি ১৩ টা গোটে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানলৈ প্ৰায় ৪০০০ সাধুক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰিও আৰু ২২০০ অতিথিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।”

ৰায়ে কয় যে কাশী বিশ্বনাথ, বৈষ্ণোদেৱীৰ দৰে ডাঙৰ মন্দিৰৰ মুৰব্বী, ধৰ্মীয় আৰু সাংবিধানিক অনুষ্ঠানৰ প্ৰতিনিধিকো আমন্ত্ৰণ জনোৱা হৈছে।

ৰায়ে অৱগত কৰে যে আধ্যাত্মিক গুৰু দালাই লামা, কেৰেলাৰ মাতা অমৃতানন্দময়ী, যোগগুৰু বাবা ৰামদেৱ, অভিনেতা ৰজনীকান্ত, অমিতাভ বচ্চন, মাধুৰী দীক্ষিত, অৰুণ গোভিল, চলচ্চিত্ৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰ আৰু আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানী, অনিল আম্বানী, বিখ্যাত চিত্ৰশিল্পী বাসুদেৱ, নীলেশ দেশাইৰ লগতে বহু পৰিচিত ব্যক্তিয়েও অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে আদৱানীৰ বয়স এতিয়া ৯৬ বছৰ আৰু অহা মাহত যোশীৰ বয়স ৯০ বছৰ হ’ব। .

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক