--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ আন্দোলনৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশীক স্বাস্থ্যৰ বাবে অহা মাহত অযোধ্যাৰ ৰামলালাৰ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ বয়স। বয়সৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে এই অনুৰোধ।

অযোধ্যাত ৰাম মন্দিৰ আন্দোলনত অগ্ৰণী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীয়ে স্বাস্থ্য আৰু বয়সৰ কাৰণে অহা মাহত মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা নাই! সোমবাৰে মন্দিৰ ন্যাসে এই তথ্য অৱগত কৰে।

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ সংস্থা শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে সাংবাদিকৰ আগত কয় যে স্বাস্থ্য আৰু বয়স সম্পৰ্কীয় কাৰণত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আদৱানী আৰু প্ৰাক্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী যোশীয়ে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

ৰায়ে কয়, ‘‘অভিষেক অনুষ্ঠানৰ সকলো প্ৰস্তুতি অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব। ১৬ জানুৱাৰীৰ পৰা প্ৰাণ প্ৰতিষ্ঠাৰ পূজা আৰম্ভ হ’ব আৰু অহা ২২ জানুৱাৰীলৈকে চলিব। ইয়াত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত বিভিন্ন পৰম্পৰাৰ ১৫০ গৰাকী ঋষি আৰু সাধু আৰু ছয় দৰ্শন পৰম্পৰাৰ শংকৰাচাৰ্যকে ধৰি ১৩ টা গোটে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানলৈ প্ৰায় ৪০০০ সাধুক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰিও আৰু ২২০০ অতিথিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।”

ৰায়ে কয় যে কাশী বিশ্বনাথ, বৈষ্ণোদেৱীৰ দৰে ডাঙৰ মন্দিৰৰ মুৰব্বী, ধৰ্মীয় আৰু সাংবিধানিক অনুষ্ঠানৰ প্ৰতিনিধিকো আমন্ত্ৰণ জনোৱা হৈছে।

ৰায়ে অৱগত কৰে যে আধ্যাত্মিক গুৰু দালাই লামা, কেৰেলাৰ মাতা অমৃতানন্দময়ী, যোগগুৰু বাবা ৰামদেৱ, অভিনেতা ৰজনীকান্ত, অমিতাভ বচ্চন, মাধুৰী দীক্ষিত, অৰুণ গোভিল, চলচ্চিত্ৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰ আৰু আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানী, অনিল আম্বানী, বিখ্যাত চিত্ৰশিল্পী বাসুদেৱ, নীলেশ দেশাইৰ লগতে বহু পৰিচিত ব্যক্তিয়েও অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে আদৱানীৰ বয়স এতিয়া ৯৬ বছৰ আৰু অহা মাহত যোশীৰ বয়স ৯০ বছৰ হ’ব। .

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক