--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুটা বছৰত কোভিডে দেশৰ লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিছে। এইবাৰ আকৌ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে। দেশত দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। কেইবাজনো লোকৰ মৃত্যুও ঘটিছে। এনে সময়তে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে  এক পৰামৰ্শজাৰি কৰিছে। এই নিৰ্দেশনাত ৰাজ্যসমূহক সংক্ৰমণৰ হ্ৰাস কম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ  কৰিবলৈ আৰু ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা উন্নত কৰিবলৈ  কোৱা হৈছে ।পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।ক'ভিড নামতেই শংকিত হয়‌ জনতা। হোৱাতোও স্বাভাৱিক কাৰণ ক’ৰনাই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে কোটি কোটি লোকৰ জীৱন শেষ কৰি থৈ গৈছে ৷ শেষ কৰি থৈ গ'ল একো একোখন ঘৰ। পিছে ৰ'ব এই বিপজ্জনক ভাইৰাছ এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷ 

আচলতে আজিকালি কোনেও জানিবই নিবিচাৰে কৰ'নাৰ বিষয়ে। ক'তো বিশেষ আলোচনাও নহয়, গতিকে বহুতৰে মনলৈ আহে এটা প্ৰশ্ন যে ক'ৰ'না সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে নেকি? উত্তৰটো হ’ল- নাই। হয়, শেষ হোৱা নাই মহাসংহাৰী ক'ভিড।  যদিও ক'ভিডৰ বিষয়ে চৰ্চা কমি আহিছে, কিছু সময়ৰ পাছত নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। শেহতীয়াকৈ ক’ৰ’নাৰ এটা  চাব-ভেৰিয়েণ্ট JN-1এ আমেৰিকাত উত্তেজনাৰ সৃষ্টি কৰিছে, এতিয়া কেৰালাতো ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট। যোৱা ৮ ডিচেম্বৰত কেৰালাত JN.1  কোভিড ১৯ৰ উপ-প্ৰজাতিত আক্ৰান্ত   এগৰাকী  ৰোগী ধৰা পৰিছে। শনিবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে এই তথ্য।  ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰা হৈছিল, য’ত সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।

এফালে নতুন কোভিড ভেৰিয়েন্টৰ সংক্ৰমণ  নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতে  সংগ্ৰাম কৰি আছে। এতিয়া ভাৰতৰ জনসাধাৰণেও অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি কেৰালাত থাকে তেন্তে ইয়াৰ আশংকা অলপ বেছি।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্বেগ সৃষ্টি হৈছে কাৰণ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱ ৰাজ্যখনত ইতিমধ্যে বৃদ্ধি পোৱা ৰোগীৰ ওপৰত পৰিব পাৰে। ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ  ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ডাঃ ৰাজীব জয়দেৱনে কয় যে শেহতীয়াকৈ ভাৰতত বিশেষকৈ কেৰালাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জেএন.১ এটা কাৰক হ’ব পাৰে।

কোৰনাৰ  নতুন ভেৰিয়েন্ট JN.1 বিশ্বৰ বহু দেশত দ্ৰুতগতিত বিয়পি পৰিছে। ছিংগাপুৰত এই ভেৰিয়েন্টৰ বাবে মানুহক পুনৰ মাস্ক পিন্ধিবলৈ কোৱা হৈছে। খবৰ অনুসৰি ছিংগাপুৰত এসপ্তাহৰ ভিতৰতে কৰ’না সংক্ৰমণৰ সংখ্যা ৭৫ শতাংশ বৃদ্ধি পাইছে।এই সংক্ৰমণৰ অধিকাংশই জেএন.১ ভেৰিয়েণ্টৰ।কৰ্ণাটক চৰকাৰে কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক বাধ্যতামূলক কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক