--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুটা বছৰত কোভিডে দেশৰ লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিছে। এইবাৰ আকৌ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে। দেশত দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। কেইবাজনো লোকৰ মৃত্যুও ঘটিছে। এনে সময়তে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে  এক পৰামৰ্শজাৰি কৰিছে। এই নিৰ্দেশনাত ৰাজ্যসমূহক সংক্ৰমণৰ হ্ৰাস কম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ  কৰিবলৈ আৰু ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা উন্নত কৰিবলৈ  কোৱা হৈছে ।পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।ক'ভিড নামতেই শংকিত হয়‌ জনতা। হোৱাতোও স্বাভাৱিক কাৰণ ক’ৰনাই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে কোটি কোটি লোকৰ জীৱন শেষ কৰি থৈ গৈছে ৷ শেষ কৰি থৈ গ'ল একো একোখন ঘৰ। পিছে ৰ'ব এই বিপজ্জনক ভাইৰাছ এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷ 

আচলতে আজিকালি কোনেও জানিবই নিবিচাৰে কৰ'নাৰ বিষয়ে। ক'তো বিশেষ আলোচনাও নহয়, গতিকে বহুতৰে মনলৈ আহে এটা প্ৰশ্ন যে ক'ৰ'না সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে নেকি? উত্তৰটো হ’ল- নাই। হয়, শেষ হোৱা নাই মহাসংহাৰী ক'ভিড।  যদিও ক'ভিডৰ বিষয়ে চৰ্চা কমি আহিছে, কিছু সময়ৰ পাছত নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। শেহতীয়াকৈ ক’ৰ’নাৰ এটা  চাব-ভেৰিয়েণ্ট JN-1এ আমেৰিকাত উত্তেজনাৰ সৃষ্টি কৰিছে, এতিয়া কেৰালাতো ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট। যোৱা ৮ ডিচেম্বৰত কেৰালাত JN.1  কোভিড ১৯ৰ উপ-প্ৰজাতিত আক্ৰান্ত   এগৰাকী  ৰোগী ধৰা পৰিছে। শনিবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে এই তথ্য।  ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰা হৈছিল, য’ত সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।

এফালে নতুন কোভিড ভেৰিয়েন্টৰ সংক্ৰমণ  নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতে  সংগ্ৰাম কৰি আছে। এতিয়া ভাৰতৰ জনসাধাৰণেও অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি কেৰালাত থাকে তেন্তে ইয়াৰ আশংকা অলপ বেছি।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্বেগ সৃষ্টি হৈছে কাৰণ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱ ৰাজ্যখনত ইতিমধ্যে বৃদ্ধি পোৱা ৰোগীৰ ওপৰত পৰিব পাৰে। ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ  ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ডাঃ ৰাজীব জয়দেৱনে কয় যে শেহতীয়াকৈ ভাৰতত বিশেষকৈ কেৰালাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জেএন.১ এটা কাৰক হ’ব পাৰে।

কোৰনাৰ  নতুন ভেৰিয়েন্ট JN.1 বিশ্বৰ বহু দেশত দ্ৰুতগতিত বিয়পি পৰিছে। ছিংগাপুৰত এই ভেৰিয়েন্টৰ বাবে মানুহক পুনৰ মাস্ক পিন্ধিবলৈ কোৱা হৈছে। খবৰ অনুসৰি ছিংগাপুৰত এসপ্তাহৰ ভিতৰতে কৰ’না সংক্ৰমণৰ সংখ্যা ৭৫ শতাংশ বৃদ্ধি পাইছে।এই সংক্ৰমণৰ অধিকাংশই জেএন.১ ভেৰিয়েণ্টৰ।কৰ্ণাটক চৰকাৰে কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক বাধ্যতামূলক কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক