--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ পাছতেই অযোধ্যাত নিৰ্মাণ হ'ব মছজিদ৷ অযোধ্যাত ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰা হ'বলগীয়া অতি বিতৰ্কিত ভূমিত এই বছৰ মছজিদৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব বুলি আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে প্ৰকাশ কৰিছে৷ 

মুছলমান ধৰ্মাৱলম্বী লোকসকলে আশা কৰে যে মছজিদৰ এই পুনৰ্নিৰ্মাণে এক ৰক্তক্ষয়ী, দশকজোৰা বিবাদৰ পাছত এক নতুন দিনৰ আৰম্ভণি কৰিব। মছজিদ প্ৰকল্পৰ তত্বাৱধান কৰি থকা ভাৰত-ইছলামিক সাংস্কৃতিক ফাউণ্ডেশ্যনৰ (আইআইচিএফ) উন্নয়ন সমিতিৰ মুৰব্বী হাজী আৰফাত শ্বেইখে শেহতীয়াকৈ কয় যে পবিত্ৰ ৰমজান মাহৰ পাছত মে' মাহত নিৰ্মাণকাৰ্য আৰম্ভ হ'ব আৰু মছজিদনিৰ্মাণত তিনিৰ পৰা চাৰি বছৰ সময়ৰ প্ৰয়োজন হ'ব৷

উল্লেখযোগ্য যে বাবৰি মছজিদৰ পতনৰ ফলত সমগ্ৰ দেশতে ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল, যাৰ ফলত কমেও ২,০০০ লোকৰ মৃত্যু হৈছিল৷ ২০১৯ চনত উচ্চতম ন্যায়ালয়ে মছজিদ ধ্বংস কৰাটো বেআইনী বুলি উল্লেখ কৰিছিল।

আইআইচিএফৰ সভাপতি জুফাৰ আহমেদ ফাৰুকীয়ে কয়, পুঁজিৰ বাবে আমি কাৰো কাষ চাপি যোৱা নাছিলো৷ বা ইয়াৰ বাবে কোনো ৰাজহুৱা আন্দোলনো হোৱা নাছিল৷

আইআইচিএফৰ সচিব আথাৰ হুছেইনে কয় যে মছজিদ প্ৰকল্পটো বিলম্বিত হৈছৈ, কিয়নো মিনাৰৰ দৰে গাঁথনিটোত অধিক পৰম্পৰাগত উপাদান যোগ দিবলৈ কিছুসময়ৰ প্ৰয়োজন হৈছিল। বিশাল কমপ্লেক্সটোত ৫০০ বিচনাযুক্ত এখন চিকিৎসালয়ৰো পৰিকল্পনা কৰা হৈছে। আগন্তুক সময়ত এটা ক্ৰাউড-ফাণ্ডিং ৱেবছাইট মুকলি কৰা হ'ব বুলি আশা কৰা হৈছে বুলি শ্বেইখে উল্লেখ কৰে৷

শ্বেইখে লগতে কয়, আমাৰ প্ৰয়াস হৈছে মানুহৰ মাজত শত্ৰুতা, ঘৃণাক ইজনে সিজনৰ প্ৰেমলৈ পৰিৱৰ্তন কৰা আৰু ৰূপান্তৰ কৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক