--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ পাছতেই অযোধ্যাত নিৰ্মাণ হ'ব মছজিদ৷ অযোধ্যাত ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰা হ'বলগীয়া অতি বিতৰ্কিত ভূমিত এই বছৰ মছজিদৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব বুলি আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে প্ৰকাশ কৰিছে৷ 

মুছলমান ধৰ্মাৱলম্বী লোকসকলে আশা কৰে যে মছজিদৰ এই পুনৰ্নিৰ্মাণে এক ৰক্তক্ষয়ী, দশকজোৰা বিবাদৰ পাছত এক নতুন দিনৰ আৰম্ভণি কৰিব। মছজিদ প্ৰকল্পৰ তত্বাৱধান কৰি থকা ভাৰত-ইছলামিক সাংস্কৃতিক ফাউণ্ডেশ্যনৰ (আইআইচিএফ) উন্নয়ন সমিতিৰ মুৰব্বী হাজী আৰফাত শ্বেইখে শেহতীয়াকৈ কয় যে পবিত্ৰ ৰমজান মাহৰ পাছত মে' মাহত নিৰ্মাণকাৰ্য আৰম্ভ হ'ব আৰু মছজিদনিৰ্মাণত তিনিৰ পৰা চাৰি বছৰ সময়ৰ প্ৰয়োজন হ'ব৷

উল্লেখযোগ্য যে বাবৰি মছজিদৰ পতনৰ ফলত সমগ্ৰ দেশতে ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল, যাৰ ফলত কমেও ২,০০০ লোকৰ মৃত্যু হৈছিল৷ ২০১৯ চনত উচ্চতম ন্যায়ালয়ে মছজিদ ধ্বংস কৰাটো বেআইনী বুলি উল্লেখ কৰিছিল।

আইআইচিএফৰ সভাপতি জুফাৰ আহমেদ ফাৰুকীয়ে কয়, পুঁজিৰ বাবে আমি কাৰো কাষ চাপি যোৱা নাছিলো৷ বা ইয়াৰ বাবে কোনো ৰাজহুৱা আন্দোলনো হোৱা নাছিল৷

আইআইচিএফৰ সচিব আথাৰ হুছেইনে কয় যে মছজিদ প্ৰকল্পটো বিলম্বিত হৈছৈ, কিয়নো মিনাৰৰ দৰে গাঁথনিটোত অধিক পৰম্পৰাগত উপাদান যোগ দিবলৈ কিছুসময়ৰ প্ৰয়োজন হৈছিল। বিশাল কমপ্লেক্সটোত ৫০০ বিচনাযুক্ত এখন চিকিৎসালয়ৰো পৰিকল্পনা কৰা হৈছে। আগন্তুক সময়ত এটা ক্ৰাউড-ফাণ্ডিং ৱেবছাইট মুকলি কৰা হ'ব বুলি আশা কৰা হৈছে বুলি শ্বেইখে উল্লেখ কৰে৷

শ্বেইখে লগতে কয়, আমাৰ প্ৰয়াস হৈছে মানুহৰ মাজত শত্ৰুতা, ঘৃণাক ইজনে সিজনৰ প্ৰেমলৈ পৰিৱৰ্তন কৰা আৰু ৰূপান্তৰ কৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু