--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে বিস্ফোৰণৰ ভাবুকি আহিছিল। ৰাম মন্দিৰ উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দি এজন ব্যক্তিয়ে নিজকে দাউদ ইব্ৰাহিমৰ কনিষ্ঠ ভাতৃ শ্বাকিল বুলি দাবী কৰে।  অৱশেষত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

সংবাদ সংস্থা পিটিআইৰ খবৰ অনুসৰি শনিবাৰে বিহাৰ আৰক্ষীয়ে ফোন লাভ কৰে। ১১২ নম্বৰত ডায়েল কৰি ব্যক্তিজনে নিজকে ডাউদৰ ওচৰত বুলি দাবী কৰে। তেওঁ আৰক্ষীক জনায় যে তেওঁৰ নাম ছোটা শকীল। আৰু ২২ জানুৱাৰী সোমবাৰে ৰাম মন্দিৰ মুকলিৰ দিনা তেওঁ উৰুৱাই দিব। আৰক্ষীয়ে এনে সতৰ্কবাণীক সহজভাৱে লোৱা নাছিল। ছোটা শকীল বুলি দাবী কৰা ব্যক্তিজনৰ সন্ধান লগে লগে আৰম্ভ হয়। অৱশেষত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

বিহাৰ আৰক্ষীৰ তথ্য অনুসৰি ধৃত লোকজনৰ নাম ইণ্টেখাব আলম। শনিবাৰে নিশা বিহাৰৰ বালুৱা কলিয়াগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। ফোনৰ ভিত্তিত অভিযুক্তৰ ঘৰত উপস্থিত হয় তদন্তকাৰী। বিহাৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে তেওঁলোকে নিশ্চিত যে এনে ভাবুকিমূলক ফোন কেৱল ভয় দেখুৱাবলৈহে কৰা হৈছে। অৱশ্যে বিষয়টোৰ গুৰুত্ব বিচাৰ কৰি লগে লগে তদন্ত আৰম্ভ হয়। কিছু সময়ৰ পিছত সফলতা লাভ কৰা হয়।

ফোন কল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয়। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে অভিযুক্তৰ পূৰ্বৰ কোনো অপৰাধজনিত অভিলেখ নাই। কিন্তু তেওঁৰ মানসিক স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু যি ফোনৰ পৰা ভাবুকি দিয়া হৈছিল, সেই ফোনত অভিযুক্তৰ পিতৃৰ নামত চিম কাৰ্ডৰ পঞ্জীয়ন আছে। প্ৰয়োজন হ’লে আৰক্ষীয়েও তেওঁক সোধা-পোছা কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement