--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উদ্‌ঘাটন কৰা হ’ল বহু প্ৰতীক্ষিত ৰাম মন্দিৰ৷উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ অন্তত সোমবাৰে ১১ দিনীয়া উপবাস ভংগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

গোবিন্দ দেৱ গিৰি মহাৰাজে প্ৰধানমন্ত্ৰীক ‘চৰণামৃত’  খুৱাই দিয়াৰ পাছত তেওঁ ব্ৰত ভংগ কৰে৷প্ৰধানমন্ত্ৰী মোদীয়ে ১২ জানুৱাৰীত ঘোষণা কৰিছিল যে অযোধ্যাত ৰাম লল্লাৰ অভিষেক অনুষ্ঠানলৈকে ১১ দিনীয়া বিশেষ অনুষ্ঠান আৰম্ভ কৰিব। নিজৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ কৰা এক অডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে৷প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে- "ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা'ৰ বাবে মাত্ৰ ১১ দিন বাকী আছে। অভিষেকৰ সময়ত ভাৰতবাসীক প্ৰতিনিধিত্ব কৰিবলৈ ভগৱানে মোক সৃষ্টি কৰিছে। এই কথা মনত ৰাখি আজিৰ পৰা ১১ দিনৰ বাবে এক বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ।" 

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠান কৰাৰ পাছতে ৰাম লল্লাৰ মুখ উন্মোচিত হয়। ৰাম মন্দিৰৰ গৰ্ভগৃহত উপস্থিত হোৱাৰ পাছতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰীয়ে অভিষেক অনুষ্ঠান আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন