--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে  অযোধ্যাত ৰাম মন্দিৰৰ শুভাৰম্ভৰ হোৱাৰ দৃশ্য দেশ তথা বিদেশৰ কোটি কোটি লোকে টিভিৰ পৰ্দাত হ’লেও চাবলৈ সক্ষম হৈছে৷  ভগৱান ৰাম লাল্লাৰ মূৰ্তি স্থাপনৰ  এই অনুষ্ঠানত অযোধ্যাত উপস্থিত থাকে দেশ বিদেশৰ কেইবা শতাধিক আমন্ত্ৰিত ব্যক্তি৷  সমগ্ৰ পৃথিৱীৰ ভক্তসকলে আজিৰ এই পবিত্ৰ মুহূৰ্তটো চাবলৈ সক্ষম হৈছে৷ 

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে  ৰামৰ পাঁচ বছৰ বয়সৰ মূৰ্তি ৰামলালাৰ। ৰামলালাৰ মূৰ্তিটোত আছে  হিন্দু ধৰ্মৰ দশাৱতাৰৰ চিহ্ন। ৰামলালাৰ এই মূৰ্তিটো ৫ বছৰীয়া শিশুৰ ৰূপত নিৰ্মাণ কৰা হৈছে, য'ত ৰামলালাৰ শিশু ৰূপটো শিলেৰে নিৰ্মিত পদুমৰ ওপৰত বহি থকা দেখুওৱা হৈছে।

 মূৰ্তিটোত বিষ্ণু, ওম, স্বস্তিকা, শংখ-চক্ৰৰ  আদিৰ লগতে দশ অৱতাৰ আছে।  ভগৱান শ্ৰী ৰাম ভগৱান বিষ্ণুৰ অৱতাৰ আছিল। সেয়েহে, ভগৱান বিষ্ণুৰ সৈতে সম্পৰ্কিত এই প্ৰতীকবোৰ ৰামলালাত অন্তৰ্ভুক্ত কৰা হৈছে।  সেই দশাৱতাৰে ভগৱান শ্ৰী ৰামৰ মূৰ্তিক অধিক বিশাল কৰি তুলিছে।  

শ্ৰী ৰাম এজন সূৰ্যবংশী আছিল আৰু তেওঁৰ জন্ম দুপৰীয়া ১২ বজাত হৈছিল বুলি কোৱা হয়। সেই সময়ত   সূৰ্যৰ তীব্ৰতা শীৰ্ষত আছিল।ৰামলালাৰ ওপৰত সেয়ে সূৰ্যৰ পোহৰ পৰাৰ ব্যৱস্থা ৰখা হৈছে।  ৰামলালাত থাকিব- স্বস্তিক,ঔম, চক্ৰ, গদা,দশ অৱতাৰ ক্ৰমে-মৎস্য,কুৰ্ম ,বৰাহ,নৰসিংহ,বামন,পৰশুৰাম,ৰাম, কৃষ্ণ,বুদ্ধ,কল্কি। ইয়াৰোপৰি ৰামলালাত থাকিব পদুম ফুলৰ চিহ্ন,হনুমান,গৰুড়। ৰামলালাৰ  ওজন প্ৰায় ২ কুইণ্টল আৰু মূৰ্তিটো ৪.৪ ফুট ওখ। 

৪০ মিনিটৰ অনুষ্ঠানটো দুপৰীয়া ১২.২০  বজাত আৰম্ভ হয় । জানিব পৰা মতে অযোধ্যাৰ ৰাম মন্দিৰত আমন্ত্ৰিত লোকসকলক বিতৰণ কৰা  প্ৰসাদৰ বাকচত সাতবিধ  সামগ্ৰী অন্তৰ্ভুক্ত আছে৷ সেইবোৰ হৈছে৷১. আলুৰ চিপচ,২. ৰাম দানা লাড়ু,৩. তিল গুৰ ৰেভেৰী,৪. কাজু,৫. বাদাম,৬. কিচমিচ,৭. মাখানা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক