--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা সমাৰোহ। ইয়াকে লৈ অতিকৈ সুখী দেশৰ সাধু-সন্ত সমাজ। 

দীৰ্ঘ ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ সাফল্যৰ এই পৰ্যায় প্ৰত্যক্ষ কৰিবলৈ সুখী মনেৰে অপেক্ষা কৰিছে সাধু-সন্ত সমাজে। কিন্তু ব্যতিক্ৰমীভাৱে দেশৰ এগৰাকী আগশাৰীৰ ধৰ্মগুৰু এই সময়ত‌ অসন্তুষ্ট। ওড়িশাৰ জগন্নাথ পুৰী মঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতী এগৰাকী অগ্ৰণী ধৰ্মগুৰু। স্বামী নিশ্চলানন্দ এতিয়া অতিকৈ অসন্তুষ্ট ৰাম মন্দিৰৰ অভিষেকক লৈ। প্ৰাণ প্ৰতিষ্ঠা সমাৰোহলৈ নাযায় বুলি তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে। 

দৰাচলতে ধৰ্মগুৰুগৰাকীৰ অসন্তুষ্টিৰ কাৰণ হৈছে প্রধানমন্ত্রী মোদী। প্রধানমন্ত্রী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰাটোক লৈ তেওঁ মুঠেও সন্তুষ্ট নহয়। মোদীৰ ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা প্ৰত্যক্ষ কৰাটো ধৰ্মগুৰু হিচাপে নিজৰ পক্ষে অসন্মানজনক বুলি গণ্য কৰিছে স্বামী নিশ্চলানন্দই। আনকি ধৰ্মীয় সভাত মুকলিকৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গুৰু গৰাকীয়ে। 

এখন হিন্দু জাগৰণ সন্মিলনত ভাগ লৈ স্বামী নিশ্চলানন্দ সৰস্বতীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। প্রধানমন্ত্রী মোদীয়ে ৰামলালা স্থাপন কৰিব আৰু তাত হাতচাপৰি বজাবলৈকে তেওঁ কিয় যাব। এই বুলি সভাখনত ক্ষোভ প্ৰকাশ কৰে নিশ্চলানন্দই। এই অনুষ্ঠানত গ'লে তেওঁৰ মান-মর্যদা হানি বুলিও সভাখনৰ জনতাৰ আগত উল্লেখ কৰে ধৰ্মগুৰু গৰাকীয়ে। শ্ৰীৰাম মন্দিৰ তীৰ্থ ক্ষেত্র ন্যাসে নিশ্চলানন্দলৈ নিমন্ত্রণ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু ইয়াৰ পাছত কোনোধৰণৰ যোগাযোগ কৰা নাই বুলিও অসন্তুষ্টি প্ৰকাশ কৰিছে নিশ্চলানন্দই। 

প্ৰকৃততে এগৰাকী ৰাজনৈতিক নেতাই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাত অসন্তুষ্টি নিশ্চলানন্দৰ। এগৰাকী ধৰ্মগুৰুৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে সুখী হ’লহেঁতেন ধৰ্মগুৰুগৰাকী। ৰাম মন্দিৰৰ ধৰ্মীয় কাৰ্য ধৰ্মগুৰুৱে কৰাটো মনেপ্ৰাণে কামনা কৰে নিশ্চলানন্দই। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ আগভাগ লোৱাত স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছে ধৰ্মগুৰুগৰাকী। যাৰ বাবে তেওঁ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই অসন্তুষ্টিৰ জৰিয়তে ধৰ্মগুৰুগৰাকীয়ে এক প্ৰকাৰ প্ৰত্যাহ্বানো জনাইছে মোদীক। ইয়াৰ জৰিয়তে নিশ্চলানন্দই এইটোয়ে বাৰ্তা দিছে যে মোদীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যক দেশৰ সকলো ধৰ্মগুৰুৱে সমৰ্থন আগবঢ়োৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু