--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা সমাৰোহ। ইয়াকে লৈ অতিকৈ সুখী দেশৰ সাধু-সন্ত সমাজ। 

দীৰ্ঘ ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ সাফল্যৰ এই পৰ্যায় প্ৰত্যক্ষ কৰিবলৈ সুখী মনেৰে অপেক্ষা কৰিছে সাধু-সন্ত সমাজে। কিন্তু ব্যতিক্ৰমীভাৱে দেশৰ এগৰাকী আগশাৰীৰ ধৰ্মগুৰু এই সময়ত‌ অসন্তুষ্ট। ওড়িশাৰ জগন্নাথ পুৰী মঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতী এগৰাকী অগ্ৰণী ধৰ্মগুৰু। স্বামী নিশ্চলানন্দ এতিয়া অতিকৈ অসন্তুষ্ট ৰাম মন্দিৰৰ অভিষেকক লৈ। প্ৰাণ প্ৰতিষ্ঠা সমাৰোহলৈ নাযায় বুলি তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে। 

দৰাচলতে ধৰ্মগুৰুগৰাকীৰ অসন্তুষ্টিৰ কাৰণ হৈছে প্রধানমন্ত্রী মোদী। প্রধানমন্ত্রী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰাটোক লৈ তেওঁ মুঠেও সন্তুষ্ট নহয়। মোদীৰ ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা প্ৰত্যক্ষ কৰাটো ধৰ্মগুৰু হিচাপে নিজৰ পক্ষে অসন্মানজনক বুলি গণ্য কৰিছে স্বামী নিশ্চলানন্দই। আনকি ধৰ্মীয় সভাত মুকলিকৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গুৰু গৰাকীয়ে। 

এখন হিন্দু জাগৰণ সন্মিলনত ভাগ লৈ স্বামী নিশ্চলানন্দ সৰস্বতীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। প্রধানমন্ত্রী মোদীয়ে ৰামলালা স্থাপন কৰিব আৰু তাত হাতচাপৰি বজাবলৈকে তেওঁ কিয় যাব। এই বুলি সভাখনত ক্ষোভ প্ৰকাশ কৰে নিশ্চলানন্দই। এই অনুষ্ঠানত গ'লে তেওঁৰ মান-মর্যদা হানি বুলিও সভাখনৰ জনতাৰ আগত উল্লেখ কৰে ধৰ্মগুৰু গৰাকীয়ে। শ্ৰীৰাম মন্দিৰ তীৰ্থ ক্ষেত্র ন্যাসে নিশ্চলানন্দলৈ নিমন্ত্রণ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু ইয়াৰ পাছত কোনোধৰণৰ যোগাযোগ কৰা নাই বুলিও অসন্তুষ্টি প্ৰকাশ কৰিছে নিশ্চলানন্দই। 

প্ৰকৃততে এগৰাকী ৰাজনৈতিক নেতাই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাত অসন্তুষ্টি নিশ্চলানন্দৰ। এগৰাকী ধৰ্মগুৰুৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে সুখী হ’লহেঁতেন ধৰ্মগুৰুগৰাকী। ৰাম মন্দিৰৰ ধৰ্মীয় কাৰ্য ধৰ্মগুৰুৱে কৰাটো মনেপ্ৰাণে কামনা কৰে নিশ্চলানন্দই। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ আগভাগ লোৱাত স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছে ধৰ্মগুৰুগৰাকী। যাৰ বাবে তেওঁ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই অসন্তুষ্টিৰ জৰিয়তে ধৰ্মগুৰুগৰাকীয়ে এক প্ৰকাৰ প্ৰত্যাহ্বানো জনাইছে মোদীক। ইয়াৰ জৰিয়তে নিশ্চলানন্দই এইটোয়ে বাৰ্তা দিছে যে মোদীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যক দেশৰ সকলো ধৰ্মগুৰুৱে সমৰ্থন আগবঢ়োৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক