--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আকৌ এবাৰ দখল কৰিছে সংবাদ শিৰোনাম৷ ধোনীৰ সৈতে সংঘটিত হৈছে এটা প্ৰৱঞ্চনাৰ ঘটনা৷ ধোনীক তেওঁৰেই ঘনিষ্ঠ বন্ধুৰ দ্বাৰা ১৫ কোটি টকাতকৈও অধিক ধনৰ প্ৰবঞ্চনা কৰা হৈছে। এই সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় অধিনায়কজনে ৰাঁচীৰ এখন আৰক্ষী চকীত এটা অপৰাধমূলক গোচৰ ৰুজু কৰিছে। 

প্ৰতিবেদন অনুসৰি, ধোনীয়ে আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে। দিবাকৰ ধোনীৰ ঘনিষ্ঠ বন্ধু আৰু এজন প্ৰাক্তন অনূৰ্ধ্ব-১৯ খেলুৱৈও। 

সামাজিক মাধ্যমত আছে তেওঁলোক দুয়োৰে বহুতো পুৰণি ফটো। দুয়ো অতীতত ব্যৱসায়িক অংশীদাৰ আছিল। দৰাচলতে, ধোনীয়ে ২০১৭ চনত মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ মালিকানাধীন কোম্পানী আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। চুক্তিৰ অধীনত, বিশ্বৰ বহুতো ডাঙৰ চহৰত ক্ৰিকেট একাডেমী খোলাৰ পৰিকল্পনা আছিল। চুক্তি অনুসৰি, মিহিৰ দিবাকৰে ধোনীক ফ্ৰেঞ্চাইজি মাচুল পৰিশোধ কৰাৰ কথা আছিল আৰু চুক্তি অনুসৰি লাভ ভাগ-বটোৱাৰা কৰাৰ কথা আছিল। কিন্তু দিবাকৰে চুক্তিত উল্লেখ কৰা চৰ্তাৱলী মানি চলিবলৈ অস্বীকাৰ কৰিছিল।

যাৰ পাছত ধোনীয়ে ২০২১ৰ ১৫ আগষ্টত আৰ্কা স্পৰ্টছৰ পৰা অনুমোদন পত্ৰ প্ৰত্যাহাৰ কৰে আৰু পৰিশোধৰ বাবে আইনী জাননীও প্ৰেৰণ কৰে। কিন্তু তৎসত্ত্বেও মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। অৱশেষত, ধোনীয়ে আৰ্কা স্পৰ্টছত প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে আৰু দাবী কৰে যে ইয়াৰ ফলত তেওঁ ১৫ কোটিৰো অধিক লোকচান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু