--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আকৌ এবাৰ দখল কৰিছে সংবাদ শিৰোনাম৷ ধোনীৰ সৈতে সংঘটিত হৈছে এটা প্ৰৱঞ্চনাৰ ঘটনা৷ ধোনীক তেওঁৰেই ঘনিষ্ঠ বন্ধুৰ দ্বাৰা ১৫ কোটি টকাতকৈও অধিক ধনৰ প্ৰবঞ্চনা কৰা হৈছে। এই সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় অধিনায়কজনে ৰাঁচীৰ এখন আৰক্ষী চকীত এটা অপৰাধমূলক গোচৰ ৰুজু কৰিছে। 

প্ৰতিবেদন অনুসৰি, ধোনীয়ে আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে। দিবাকৰ ধোনীৰ ঘনিষ্ঠ বন্ধু আৰু এজন প্ৰাক্তন অনূৰ্ধ্ব-১৯ খেলুৱৈও। 

সামাজিক মাধ্যমত আছে তেওঁলোক দুয়োৰে বহুতো পুৰণি ফটো। দুয়ো অতীতত ব্যৱসায়িক অংশীদাৰ আছিল। দৰাচলতে, ধোনীয়ে ২০১৭ চনত মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ মালিকানাধীন কোম্পানী আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। চুক্তিৰ অধীনত, বিশ্বৰ বহুতো ডাঙৰ চহৰত ক্ৰিকেট একাডেমী খোলাৰ পৰিকল্পনা আছিল। চুক্তি অনুসৰি, মিহিৰ দিবাকৰে ধোনীক ফ্ৰেঞ্চাইজি মাচুল পৰিশোধ কৰাৰ কথা আছিল আৰু চুক্তি অনুসৰি লাভ ভাগ-বটোৱাৰা কৰাৰ কথা আছিল। কিন্তু দিবাকৰে চুক্তিত উল্লেখ কৰা চৰ্তাৱলী মানি চলিবলৈ অস্বীকাৰ কৰিছিল।

যাৰ পাছত ধোনীয়ে ২০২১ৰ ১৫ আগষ্টত আৰ্কা স্পৰ্টছৰ পৰা অনুমোদন পত্ৰ প্ৰত্যাহাৰ কৰে আৰু পৰিশোধৰ বাবে আইনী জাননীও প্ৰেৰণ কৰে। কিন্তু তৎসত্ত্বেও মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। অৱশেষত, ধোনীয়ে আৰ্কা স্পৰ্টছত প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে আৰু দাবী কৰে যে ইয়াৰ ফলত তেওঁ ১৫ কোটিৰো অধিক লোকচান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক