--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐক্যৰ মাজত পুনৰবাৰ বিভাজনৰ ৰাজনীতি আজমলৰ৷ঐতিহাসিক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সভাপতি বদৰুদ্দিন আজমলে ২০ৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত মুছলমানসকলক ঘৰতে থাকিবলৈ কয়। কেৱল এয়াই নহয় আজমলে ভাৰতীয় জনতা পাৰ্টীক মুছলমান বিৰোধী আখ্যা দিয়ে। এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে কয় যে বিজেপি আমাৰ ধৰ্মৰ শত্ৰু।

এক সমাৱেশত ভাষণ দি আজমলে কয় যে ২০ৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত মুছলমানসকল ঘৰতে থাকিব লাগে আৰু ৰাম লাল্লাৰ অভিষেকৰ সময়ত ৰে’লযোগে যাত্ৰা কৰাটো এৰাই চলিব লাগে। শেহতীয়াকৈ আজমলৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

গিৰিৰাজ সিঙে কয়- বিজেপিয়ে মুছলমানক ঘৃণা নকৰে। আমি 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস' মন্ত্ৰৰে কাম কৰোঁ।" তদুপৰি সিঙে কয় যে অযোধ্যা ভূমি বিবাদ গোচৰৰ প্ৰাক্তন বিবাদী ইকবাল আনছাৰীক ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁ প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰিব। 

বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেছিৰ দৰে লোকে সমাজত ঘৃণা বিয়পাইছে আৰু বিজেপিয়ে সকলো ধৰ্মকে সন্মান কৰে বুলি অভিযোগ উত্থাপন কৰে সিঙে।

উল্লেখযোগ্য যে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আয়োজন কৰা হ’ব। উত্তৰ প্ৰদেশৰ অযোধ্যাত ইয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অনুষ্ঠানৰ বাবে নিমন্ত্ৰণী পত্ৰও প্ৰেৰণ কৰা হৈছে। বাবৰি মছজিদৰ অধিবক্তা ইকবাল আনছাৰীকো ৰাম লাল্লাৰ অভিষেকৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰদান কৰা হৈছে। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত আৰ এছ এছৰ কৰ্মীসকলে আনছাৰীক আমন্ত্ৰণ জনাইছিল।আনছাৰীৰ কন্যা ছামা পাৰবীনে এই তথ্য দিয়ে। ৰামপথৰ নিজা বাসগৃহত নিমন্ত্ৰণ পত্ৰ লাভ কৰা বুলি ছামাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে প্ৰায় ৮০০০ অতিথিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, বলীউডৰ তাৰকা আৰু বহু সাধু-সন্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ