--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐক্যৰ মাজত পুনৰবাৰ বিভাজনৰ ৰাজনীতি আজমলৰ৷ঐতিহাসিক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সভাপতি বদৰুদ্দিন আজমলে ২০ৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত মুছলমানসকলক ঘৰতে থাকিবলৈ কয়। কেৱল এয়াই নহয় আজমলে ভাৰতীয় জনতা পাৰ্টীক মুছলমান বিৰোধী আখ্যা দিয়ে। এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে কয় যে বিজেপি আমাৰ ধৰ্মৰ শত্ৰু।

এক সমাৱেশত ভাষণ দি আজমলে কয় যে ২০ৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত মুছলমানসকল ঘৰতে থাকিব লাগে আৰু ৰাম লাল্লাৰ অভিষেকৰ সময়ত ৰে’লযোগে যাত্ৰা কৰাটো এৰাই চলিব লাগে। শেহতীয়াকৈ আজমলৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

গিৰিৰাজ সিঙে কয়- বিজেপিয়ে মুছলমানক ঘৃণা নকৰে। আমি 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস' মন্ত্ৰৰে কাম কৰোঁ।" তদুপৰি সিঙে কয় যে অযোধ্যা ভূমি বিবাদ গোচৰৰ প্ৰাক্তন বিবাদী ইকবাল আনছাৰীক ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁ প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰিব। 

বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেছিৰ দৰে লোকে সমাজত ঘৃণা বিয়পাইছে আৰু বিজেপিয়ে সকলো ধৰ্মকে সন্মান কৰে বুলি অভিযোগ উত্থাপন কৰে সিঙে।

উল্লেখযোগ্য যে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আয়োজন কৰা হ’ব। উত্তৰ প্ৰদেশৰ অযোধ্যাত ইয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অনুষ্ঠানৰ বাবে নিমন্ত্ৰণী পত্ৰও প্ৰেৰণ কৰা হৈছে। বাবৰি মছজিদৰ অধিবক্তা ইকবাল আনছাৰীকো ৰাম লাল্লাৰ অভিষেকৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰদান কৰা হৈছে। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত আৰ এছ এছৰ কৰ্মীসকলে আনছাৰীক আমন্ত্ৰণ জনাইছিল।আনছাৰীৰ কন্যা ছামা পাৰবীনে এই তথ্য দিয়ে। ৰামপথৰ নিজা বাসগৃহত নিমন্ত্ৰণ পত্ৰ লাভ কৰা বুলি ছামাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে প্ৰায় ৮০০০ অতিথিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, বলীউডৰ তাৰকা আৰু বহু সাধু-সন্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু