--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহি পালে বহুপ্ৰতীক্ষিত সেই ক্ষণ৷ সুদীৰ্ঘ সময়ৰ বুৰঞ্জীৰ বাট গচকি অৱশেষত কাইলৈ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰোৱা হ’ব৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহক কেন্দ্ৰ কৰি দেশত এতিয়া উৎসৱমুখৰ পৰিবেশ৷ কাইলৈৰ দিনটোত দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ ওপৰত৷ ৰাম মন্দিৰৰ এছোৱা ইতিহাসৰ সৈতে নিবিড়ভাৱে জড়িত লালকৃষ্ণ আদৱানী৷

কাইলৈ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাম জন্মভূমি আন্দোলনৰ নেতৃত্ব দিয়া বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ উপস্থিতি এসপ্তাহ পূৰ্বে নিশ্চিত কৰিছিল বিশ্ব হিন্দু পৰিষদৰ এজন নেতাই। কিন্তু, দেওবাৰে নিশাপৰ্যন্ত এল কে আদৱানীৰ অযোধ্যা গমন সন্দৰ্ভত কোনো আনুষ্ঠানিক খবৰ ৰাজহুৱা হোৱা নাই৷

আদৱানীৰ উপৰিও ভিএইচপিয়ে ডিচেম্বৰত বিজেপিৰ আন এগৰাকী প্ৰবীণ নেতা মুৰলী মনোহৰ যোশীকো অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু সেই সময়ৰ মন্দিৰ ট্ৰাষ্টে কৈছিল যে বিজেপিৰ নেতাসকল তেওঁলোকৰ স্বাস্থ্যজনিত কাৰণত অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা কম।

লালকৃষ্ণ আদৱানীয় ১৯৯০ চনত তেওঁৰ ৰাম ৰথযাত্ৰাৰ জৰিয়তে  মাটি মুকলি কৰি দিছিল অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে। গুজৰাটৰ সোমনাথৰ পৰা পবিত্ৰ অযোধ্যা নগৰলৈ ১০ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি বৃহৎসংখ্যক হিন্দুক আকৰ্ষণ কৰা যাত্ৰাৰে একপ্ৰকাৰ আলোড়ন তুলিছিল আদৱানীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু