--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহি পালে বহুপ্ৰতীক্ষিত সেই ক্ষণ৷ সুদীৰ্ঘ সময়ৰ বুৰঞ্জীৰ বাট গচকি অৱশেষত কাইলৈ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰোৱা হ’ব৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহক কেন্দ্ৰ কৰি দেশত এতিয়া উৎসৱমুখৰ পৰিবেশ৷ কাইলৈৰ দিনটোত দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ ওপৰত৷ ৰাম মন্দিৰৰ এছোৱা ইতিহাসৰ সৈতে নিবিড়ভাৱে জড়িত লালকৃষ্ণ আদৱানী৷

কাইলৈ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাম জন্মভূমি আন্দোলনৰ নেতৃত্ব দিয়া বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ উপস্থিতি এসপ্তাহ পূৰ্বে নিশ্চিত কৰিছিল বিশ্ব হিন্দু পৰিষদৰ এজন নেতাই। কিন্তু, দেওবাৰে নিশাপৰ্যন্ত এল কে আদৱানীৰ অযোধ্যা গমন সন্দৰ্ভত কোনো আনুষ্ঠানিক খবৰ ৰাজহুৱা হোৱা নাই৷

আদৱানীৰ উপৰিও ভিএইচপিয়ে ডিচেম্বৰত বিজেপিৰ আন এগৰাকী প্ৰবীণ নেতা মুৰলী মনোহৰ যোশীকো অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু সেই সময়ৰ মন্দিৰ ট্ৰাষ্টে কৈছিল যে বিজেপিৰ নেতাসকল তেওঁলোকৰ স্বাস্থ্যজনিত কাৰণত অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা কম।

লালকৃষ্ণ আদৱানীয় ১৯৯০ চনত তেওঁৰ ৰাম ৰথযাত্ৰাৰ জৰিয়তে  মাটি মুকলি কৰি দিছিল অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে। গুজৰাটৰ সোমনাথৰ পৰা পবিত্ৰ অযোধ্যা নগৰলৈ ১০ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি বৃহৎসংখ্যক হিন্দুক আকৰ্ষণ কৰা যাত্ৰাৰে একপ্ৰকাৰ আলোড়ন তুলিছিল আদৱানীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement