--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কেন্দ্ৰৰ ৰোষত পৰিছে প্ৰতিষ্ঠিত কোম্পানী আমাজন৷ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰসাদ বুলি ঘোষণা কৰি ‘বিভ্ৰান্তি’ থকা মিঠাই বিক্ৰীৰ সন্দৰ্ভত ই-কমাৰ্চ কোম্পানী আমাজনক কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই জাননী জাৰি কৰিছে।


কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, মুখ্য আয়ুক্ত ৰোহিত কুমাৰ সিঙৰ নেতৃত্বত গঠিত চিচিপিএই আমাজন চেলাৰ চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ‘শ্ৰী ৰাম মন্দিৰ অযোধ্যা প্ৰসাদ’ নামেৰে মিঠাই বিক্ৰী সন্দৰ্ভত www.amazon.in ত জাননী জাৰি কৰা হৈছে।


মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, "আমাজনে 'শ্ৰী ৰাম মন্দিৰ অযোধ্যাৰ প্ৰসাদ'ৰ নামত মিঠাই বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰি সৰ্বভাৰতীয় ব্যৱসায়ী কনফেডাৰেচন (CAT)ৰ প্ৰতিনিধিত্বৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।"


ইয়াৰ উপৰিও কোৱা হৈছে যে, ‘চিচিপিএই জাননী জাৰি কৰাৰ সাত দিনৰ ভিতৰত আমাজনৰ পৰা সঁহাৰি বিচাৰিছে, যিটো ব্যৰ্থ হ’লে গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ বিধান অনুসৰি তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’


মন্ত্ৰালয়ে বিবৃতিটোত কয় যে, গ্ৰাহক সুৰক্ষা আইন ২০১৯ৰ ধাৰা ২(২৮)ৰ অধীনত সংজ্ঞায়িত ‘বিভ্ৰান্তিকৰ বিজ্ঞাপন’ এনেকুৱা একপ্ৰকাৰৰ বিজ্ঞাপন যিয়ে এনে সামগ্ৰী বা সেৱাক ভুলকৈ উপস্থাপন কৰে, বা ভুৱা নিশ্চয়তা দিয়ে, বা গ্ৰাহকক বিপথে পৰিচালিত কৰে৷ এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমাজনে এক বিবৃতিৰ জৰিয়তে জনাইছে, 'আমি কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ পৰা কিছুমান বিক্ৰেতাৰ বিভ্ৰান্তিকৰ সামগ্ৰীৰ দাবীৰ সন্দৰ্ভত যোগাযোগ পাইছো আৰু আমি এই নীতি উলংঘাৰ তদন্ত কৰি আছোঁ। আমি আমাৰ নীতি অনুসৰি এনে তালিকাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু