--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ অভিষেকক লৈ উখল-মাখল হৈ পৰিছে৷ এফালে আধ্যাত্মিকতাৰ সমাহাৰ৷ আনফালে ৰামৰ নাম লৈ দেশত একাংশই মেলিছে প্ৰবঞ্চনাৰ জাল৷ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ মাজত মাত্ৰ এটা দিন বাকী৷ প্ৰস্তুতি সম্পূৰ্ণ অযোধ্যাত৷ 

কিন্তু, ৰামভক্তিৰ নামত সংগোপনে চলিছে কি? একাংশ ভাৰতীয়ৰ তেজে তেজে বিয়পি থকা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈছে বহুজন৷ দুৰ্নীতি যে কেৱল প্ৰশাসনিক অথবা ৰাজনৈতিক ক্ষেত্ৰতে সংঘটিত হৈ আছে এনে নহয়৷ তৃণমূল পৰ্যায়ৰ পৰাই এডাল শিকলিৰ দৰে সমাজ ব্যৱস্থাক মেৰিয়াই ধৰিছে দুৰ্নীতিয়ে৷ আৰু সমাজত ব্যাধিৰ দৰে বিয়পি পৰিছে প্ৰতাৰণা আৰু প্ৰবঞ্চনা৷ তাৰ বাবে দুষ্ট প্ৰবৃত্তিৰ লোকসকলৰ সহজ আশ্ৰয়েই হ’ল ধৰ্ম৷ ধৰ্মৰ নামত ব্যৱসায় সহজ হৈ পৰিছে ভাৰতবৰ্ষত৷ 

‘টাইমছ অব্ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি, চাইবাৰ স্কেমাৰসকলে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নাম লৈ পুঁজি সংগ্ৰহ কৰি আছে৷ ইয়াৰ বাবে ৰামভক্তসকলক প্ৰতাৰণা কৰাৰ এক কৌশল হিচাপে ব্যৱহাৰ কৰিছে। ৰাম মন্দিৰৰ প্ৰসাদৰ নামত চলিছে ৰমৰমীয়া ব্যৱসায়! 

মোবাইলে মোবাইলে বিয়পিছে ৰাম মন্দিৰৰ প্ৰসাদ লাভ কৰাৰ ভুৱা অনলাইন লিংক৷ যদি আপুনিও পৱিত্ৰ অনুষ্ঠানটোৰ পৰা প্ৰসাদ লাভ কৰাৰ কোনো লিংক লাভ কৰে, তেন্তে সেই লিংক ক্লিক কৰাৰ পৰা বিৰত থাকক। 

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, স্কেমাৰসকলে যাদৃচ্ছিক নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰে আৰু অযোধ্যাৰ পৰা 'প্ৰসাদ' প্ৰদানৰ আশ্বাস দিয়ে। এই বাৰ্তাবোৰত প্ৰদান কৰা লিংকত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ বিৱৰণ ইনপুট কৰিবলৈ কোৱা হয়। তেওঁলোকৰ ফোন নম্বৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰায় লগে লগে, প্ৰৱঞ্চকসকলে লিংক কৰা বেংক একাউণ্টবোৰত প্ৰৱেশাধিকাৰ লাভ কৰে। আৰু কোনো এজন লোকৰ সঞ্চিত পুঁজি আত্মসাৎ কৰাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰয়োজন হয় মাত্ৰ কেইছেকেণ্ডমান সময়। 

গতিকে, আপুনিও হওক সাৱধান! ৰাম মন্দিৰৰ নামত দেশত আৰম্ভ হোৱা প্ৰতাৰণাৰ জালখনত ভৰি দি সৰ্বস্বান্ত নহ’বলৈ আৰক্ষী-প্ৰশাসনেও আহ্বান জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু