--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ অভিষেকক লৈ উখল-মাখল হৈ পৰিছে৷ এফালে আধ্যাত্মিকতাৰ সমাহাৰ৷ আনফালে ৰামৰ নাম লৈ দেশত একাংশই মেলিছে প্ৰবঞ্চনাৰ জাল৷ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ মাজত মাত্ৰ এটা দিন বাকী৷ প্ৰস্তুতি সম্পূৰ্ণ অযোধ্যাত৷ 

কিন্তু, ৰামভক্তিৰ নামত সংগোপনে চলিছে কি? একাংশ ভাৰতীয়ৰ তেজে তেজে বিয়পি থকা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈছে বহুজন৷ দুৰ্নীতি যে কেৱল প্ৰশাসনিক অথবা ৰাজনৈতিক ক্ষেত্ৰতে সংঘটিত হৈ আছে এনে নহয়৷ তৃণমূল পৰ্যায়ৰ পৰাই এডাল শিকলিৰ দৰে সমাজ ব্যৱস্থাক মেৰিয়াই ধৰিছে দুৰ্নীতিয়ে৷ আৰু সমাজত ব্যাধিৰ দৰে বিয়পি পৰিছে প্ৰতাৰণা আৰু প্ৰবঞ্চনা৷ তাৰ বাবে দুষ্ট প্ৰবৃত্তিৰ লোকসকলৰ সহজ আশ্ৰয়েই হ’ল ধৰ্ম৷ ধৰ্মৰ নামত ব্যৱসায় সহজ হৈ পৰিছে ভাৰতবৰ্ষত৷ 

‘টাইমছ অব্ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি, চাইবাৰ স্কেমাৰসকলে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নাম লৈ পুঁজি সংগ্ৰহ কৰি আছে৷ ইয়াৰ বাবে ৰামভক্তসকলক প্ৰতাৰণা কৰাৰ এক কৌশল হিচাপে ব্যৱহাৰ কৰিছে। ৰাম মন্দিৰৰ প্ৰসাদৰ নামত চলিছে ৰমৰমীয়া ব্যৱসায়! 

মোবাইলে মোবাইলে বিয়পিছে ৰাম মন্দিৰৰ প্ৰসাদ লাভ কৰাৰ ভুৱা অনলাইন লিংক৷ যদি আপুনিও পৱিত্ৰ অনুষ্ঠানটোৰ পৰা প্ৰসাদ লাভ কৰাৰ কোনো লিংক লাভ কৰে, তেন্তে সেই লিংক ক্লিক কৰাৰ পৰা বিৰত থাকক। 

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, স্কেমাৰসকলে যাদৃচ্ছিক নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰে আৰু অযোধ্যাৰ পৰা 'প্ৰসাদ' প্ৰদানৰ আশ্বাস দিয়ে। এই বাৰ্তাবোৰত প্ৰদান কৰা লিংকত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ বিৱৰণ ইনপুট কৰিবলৈ কোৱা হয়। তেওঁলোকৰ ফোন নম্বৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰায় লগে লগে, প্ৰৱঞ্চকসকলে লিংক কৰা বেংক একাউণ্টবোৰত প্ৰৱেশাধিকাৰ লাভ কৰে। আৰু কোনো এজন লোকৰ সঞ্চিত পুঁজি আত্মসাৎ কৰাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰয়োজন হয় মাত্ৰ কেইছেকেণ্ডমান সময়। 

গতিকে, আপুনিও হওক সাৱধান! ৰাম মন্দিৰৰ নামত দেশত আৰম্ভ হোৱা প্ৰতাৰণাৰ জালখনত ভৰি দি সৰ্বস্বান্ত নহ’বলৈ আৰক্ষী-প্ৰশাসনেও আহ্বান জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক