--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ এতিয়া ৰামময়  হৈ পৰিছে। ঘৰে-বাহিৰে-দোকানে-পোহাৰে উৰিছে ৰামৰ ছবি সম্বলিত পতাকা। ৰাম মন্দিৰৰ বিশাল উদ্বোধনৰ উৎসাহ কেৱল অযোধ্যাই নহয়, সমগ্ৰ দেশৰ লগতে  বাৰাণসীতো দখা পোৱা গৈছে।  বাৰাণসীত এতিয়া  পাৰ্কিং স্থানসমূহ সম্পূৰ্ণ ভৰি পৰিছে, বিমানবন্দৰত ব্যক্তিগত জেট পাৰ্কিঙৰ স্থান সম্পূৰ্ণৰূপে পূৰ্ণ হৈছে, দোকানত সোণ আৰু সোণ খটোৱা  ব্যয়বহুল ৰাম মূৰ্তিবোৰ ইমানেই বিক্ৰী  হৈছে যে তেনে সোণৰ মূতিৰো নাটনি হৈছে।

 অতি চ’ৰা দামত বিক্ৰী হৈছ তেনে মূৰ্তি। অযোধ্যাত ৰাম মন্দিৰৰ বাবেই এবছৰত মাটিৰ মূল্য নবাৰ বৃদ্ধি পাইছে।প্ৰাণ প্ৰতিষ্ঠাৰ ৰামৰ  ছবি থকা পতাকা, টুপী আৰু টি-চাৰ্টৰ বহু ঠাইত নাটনি হোৱা দেখা গৈছে। উল্লেখ্য কাইলৈ অৰ্থাৎ ২২ জানুৱাৰীত অযোধ্যাত  ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীক লৈ সমগ্ৰ দেশতে উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব। ৰাম মন্দিৰৰ উদ্বোধনী উৎসৱৰ সৈতে সংগতি ৰাখি বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)কে ধৰি বহুতো দল- সংগঠনে দেশত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি আছে। এই কাৰ্যসূচী কেতবোৰত  মুছলমান লোকসকলকো সামৰি লোৱাৰ চেষ্টা চলোৱা  হৈছে।

 বিজেপিৰ সংখ্যালঘু মৰ্চাই ৰাম মন্দিৰৰ উদ্বোধনীৰ দিনা দেশৰ  দৰগাহত দেৱালী কাৰ্যসূচী পালন কৰিবলৈ মুছলমান লোকসকলক আহ্বান জনাইছে। আৰু আৰ এছ এছৰ মুছলমান মঞ্চৰ সদস্যসকলেও  মুছলমানসকললৈ একতাৰ বাৰ্তা প্ৰেৰণ কৰি সেই দিনটোত আবতৰীয়া দীপাৱলী পালনৰ আহ্বান জনাইছে। বিজেপিৰ সংখ্যালঘু শাখাই এক  অভিযান আৰম্ভ কৰিব য'ত ঐতিহাসিক জামা মছজিদ আৰু নিজামুদ্দিন আউলিয়া দৰগাহকে ধৰি দিল্লীৰ দৰগাহ আৰু মছজিদত চাকি জ্বলোৱা হ'ব।

 মৰ্চাৰ মুৰব্বী জামাল চিদ্দিকীয়ে পূৰ্বে কৈছিল   যে শাখাটোৱে এনে ধৰণৰ ৩৬ টা পবিত্ৰ স্থান বাছনি কৰিছে।চিদ্দিকীয়ে কৈছিল "সেই বিশেষ দিনটো উদযাপন কৰিবলৈ আমি জামা মছজিদ, নিজামুদ্দিন দৰগাহ, কুতুব মিনাৰকে  ধৰি সমগ্ৰ দিল্লীৰ ৩৬ টা  দৰগাহ আৰু বিখ্যাত মছজিদত দেৱালী উদযাপনৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছো। এই অভিযান ১২ ৰ পৰা ২২ জানুৱাৰীলৈ চলিব আৰু সমগ্ৰ দেশতে চাকি জ্বলোৱাৰ কাৰ্যসূচীও  থাকিব।তেওঁ লগতে কৈছিল "বহু ৰাজ্যৰ পৰা মুছলমান মঞ্চৰ সদস্যসকলে ৰাম মন্দিৰ চাবলৈ আহি আছে। তেনেদৰে  বেছিভাগ লোক মধ্য প্ৰদেশৰ পৰা অহা লোক হ’ব, আনহাতে জম্মু-কাশ্মীৰৰ বহু মুছলমান  লোকেও  যোগদান কৰিব’’।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement