--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে যি ফলাফল আশা কৰিছিল, সেই ফলাফল লাভ নকৰিলে।  । আনকি ৰাম মন্দিৰৰ বিষয়টোৱেও যেন বিজেপিক সহায় নকৰিলে। এইবাৰ ৪০০ পাৰ হোৱাৰ শ্লোগান দিয়া বিজেপিয়েএতিয়া ৩০০ৰ ঘৰো অতিক্ৰম কৰিব পাৰিব নে নাই তাকেলৈ সন্দেহ হৈছে।  এই নিৰ্বাচনত আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দলটোৱে  যিটো  বিষয়ক লৈ প্ৰচাৰ চলাই বিজয়ী হৈছিল সেই বিষয়টোৱে এইবাৰ যেন দলটোক সহায় নকৰিলে।  

২০১৯ চনত একেটা বিষয়কলৈয়েই  দেশত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল বিজেপি নেতৃত্বাধীন এন ডিএই। । এতিয়া নির্বাচনী প্রতিশ্রুতি পূর্ণ কৰাৰ পাছতো দলটোৱে যেন সেই ঠাইতে হাৰ মানিছে।  বিষয়টো হৈছে  অযোধ্যাৰ ৰাম মন্দিৰ। ফৈজাবাদ লোকসভা সমষ্টিৰ অন্তৰ্গত অযোধ্যাৰ ৰাম মন্দিৰ। নিৰ্বাচনৰ ঠিক আগে আগে  জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ আয়োজন কৰা হৈছিল। প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে বিশ্ব হিন্দু পৰিষদে আনকি দেশৰ প্ৰতিটো পৰিয়াললৈ  পূজাৰ চাউল পঠিয়াইছিল। এনে লাগিল যেন দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰবল ঢৌ  বিয়পি পৰিছে। অৱশ্যে নিৰ্বাচনৰ ফলাফলত  এক বেলেগ ছবি দেখা গ’ল।ফৈজাবাদৰ আসনত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত সমাজবাদী পাৰ্টিৰ অৱদেশ প্ৰসাদ জয়ী হৈছে , হাৰি গৈছে বিজেপিৰ লাল্লু সিং । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু