--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে যি ফলাফল আশা কৰিছিল, সেই ফলাফল লাভ নকৰিলে।  । আনকি ৰাম মন্দিৰৰ বিষয়টোৱেও যেন বিজেপিক সহায় নকৰিলে। এইবাৰ ৪০০ পাৰ হোৱাৰ শ্লোগান দিয়া বিজেপিয়েএতিয়া ৩০০ৰ ঘৰো অতিক্ৰম কৰিব পাৰিব নে নাই তাকেলৈ সন্দেহ হৈছে।  এই নিৰ্বাচনত আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দলটোৱে  যিটো  বিষয়ক লৈ প্ৰচাৰ চলাই বিজয়ী হৈছিল সেই বিষয়টোৱে এইবাৰ যেন দলটোক সহায় নকৰিলে।  

২০১৯ চনত একেটা বিষয়কলৈয়েই  দেশত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল বিজেপি নেতৃত্বাধীন এন ডিএই। । এতিয়া নির্বাচনী প্রতিশ্রুতি পূর্ণ কৰাৰ পাছতো দলটোৱে যেন সেই ঠাইতে হাৰ মানিছে।  বিষয়টো হৈছে  অযোধ্যাৰ ৰাম মন্দিৰ। ফৈজাবাদ লোকসভা সমষ্টিৰ অন্তৰ্গত অযোধ্যাৰ ৰাম মন্দিৰ। নিৰ্বাচনৰ ঠিক আগে আগে  জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ আয়োজন কৰা হৈছিল। প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে বিশ্ব হিন্দু পৰিষদে আনকি দেশৰ প্ৰতিটো পৰিয়াললৈ  পূজাৰ চাউল পঠিয়াইছিল। এনে লাগিল যেন দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰবল ঢৌ  বিয়পি পৰিছে। অৱশ্যে নিৰ্বাচনৰ ফলাফলত  এক বেলেগ ছবি দেখা গ’ল।ফৈজাবাদৰ আসনত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত সমাজবাদী পাৰ্টিৰ অৱদেশ প্ৰসাদ জয়ী হৈছে , হাৰি গৈছে বিজেপিৰ লাল্লু সিং । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ