--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰত পুনৰ ক্ষমতা দখলৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ তথা ইণ্ডিয়া মিত্ৰজোঁটে। কিন্ত শেষ পৰ্যন্ত  চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ২৭২ খন আসন লাভ নকৰিলে ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ আশা পূৰণ নহ’ব। সেইবাবেই এনডিএৰ দুই মিত্ৰ দলৰ সৈতে যোগাযোগ স্থাপন কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইণ্ডিয়া ব্লকে এন ডি এৰ দুই অংশীদাৰক প্ৰলোভিত কৰিবলৈ কৌশলগত প্ৰস্তাৱ আগবঢ়াইছে। তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু জনতা দল (ইউনাইটেড)ৰ নেতৃত্বক ইণ্ডিয়া মিত্ৰজোঁটে দুটা প্ৰস্তাৱ আগবঢ়োৱা বুলি বাতৰিত প্ৰকাশ। 

সেই অনুসৰি নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ আগবছোৱাৰ লগতে  অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে খবৰ প্ৰকাশ কৰিছে।  ৰাষ্ট্ৰীয় জনতা দলে বিহাৰত সৰ্বাধিক ভোটৰ অংশীদাৰিত্ব লাভ কৰি মুঠ ভোটৰ ২৩% লাভ কৰিছে।২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিহাৰত এন ডি এয়ে আধিপত্য বিস্তাৰ কৰি ৪০খন আসনৰ ভিতৰত ৩৯খন আসন লাভ কৰিছিল। 

বিজেপিয়ে ১৭খন আসন, জেডিইউয়ে ১৬খন, আৰু এলজেপিয়ে ৬খন আসন দখল কৰিছিল। কংগ্ৰেছে মাত্ৰ এখন আসনত জয়লাভ কৰিছিল।  তেজস্বী যাদৱৰ নেতৃত্বত থকা আৰজেডিয়ে কোনো এখন আসনতে জয়ী  হোৱা নাছিল।২০১৪ চনৰ নিৰ্বাচনে পিছে বেলেগ ছবি এখন  দাঙি ধৰিছে।  সেয়ে জেডিইউ আৰু তেলেগু দেশম পাৰ্টি (টিডিপি)ক হাত কৰি হ’লেও ইণ্ডিয়া মিত্ৰজোঁটে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ চেষ্টা চলাব বুলি চৰ্চা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু