--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰত পুনৰ ক্ষমতা দখলৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ তথা ইণ্ডিয়া মিত্ৰজোঁটে। কিন্ত শেষ পৰ্যন্ত  চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ২৭২ খন আসন লাভ নকৰিলে ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ আশা পূৰণ নহ’ব। সেইবাবেই এনডিএৰ দুই মিত্ৰ দলৰ সৈতে যোগাযোগ স্থাপন কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইণ্ডিয়া ব্লকে এন ডি এৰ দুই অংশীদাৰক প্ৰলোভিত কৰিবলৈ কৌশলগত প্ৰস্তাৱ আগবঢ়াইছে। তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু জনতা দল (ইউনাইটেড)ৰ নেতৃত্বক ইণ্ডিয়া মিত্ৰজোঁটে দুটা প্ৰস্তাৱ আগবঢ়োৱা বুলি বাতৰিত প্ৰকাশ। 

সেই অনুসৰি নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ আগবছোৱাৰ লগতে  অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে খবৰ প্ৰকাশ কৰিছে।  ৰাষ্ট্ৰীয় জনতা দলে বিহাৰত সৰ্বাধিক ভোটৰ অংশীদাৰিত্ব লাভ কৰি মুঠ ভোটৰ ২৩% লাভ কৰিছে।২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিহাৰত এন ডি এয়ে আধিপত্য বিস্তাৰ কৰি ৪০খন আসনৰ ভিতৰত ৩৯খন আসন লাভ কৰিছিল। 

বিজেপিয়ে ১৭খন আসন, জেডিইউয়ে ১৬খন, আৰু এলজেপিয়ে ৬খন আসন দখল কৰিছিল। কংগ্ৰেছে মাত্ৰ এখন আসনত জয়লাভ কৰিছিল।  তেজস্বী যাদৱৰ নেতৃত্বত থকা আৰজেডিয়ে কোনো এখন আসনতে জয়ী  হোৱা নাছিল।২০১৪ চনৰ নিৰ্বাচনে পিছে বেলেগ ছবি এখন  দাঙি ধৰিছে।  সেয়ে জেডিইউ আৰু তেলেগু দেশম পাৰ্টি (টিডিপি)ক হাত কৰি হ’লেও ইণ্ডিয়া মিত্ৰজোঁটে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ চেষ্টা চলাব বুলি চৰ্চা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ