--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত বিশাল ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অহা বছৰৰ  ২২ জানুৱাৰীত ৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব। ইফালেঅল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি শ্বাহবুদ্দিন ৰাজভি বাৰেলভিয়ে কৈছে  যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলাল্লাৰ অভিষেকৰ লগতে প্ৰস্তাৱিত ভূমিত এটা নতুন মছজিদ নিৰ্মাণৰ ভেটিও স্থাপন কৰিব লাগে। 

উল্লেখ্য  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অযোধ্যাৰ  আন এটা ঠাইত মছজিদ নিৰ্মাণৰ বাবে পাঁচ একৰ ভূমি দিয়া হৈছে৷ কিন্তু সেই ভূমিত  মছজিদ নিৰ্মাণকৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। মৌলানা শ্বাহবুদ্দিন ৰাজৱীয়ে কয়  যে মুছলমানসকলে কেন্দ্ৰীয় ৱাকফ বোৰ্ডৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। আমি কাবা শ্বৰীফৰ ইমামৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে  মছজিদৰ ভেটি স্থাপন কৰিব বিচাৰো। সেয়েহে ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে সময় উলিয়াই  নতুন  মছজিদ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব লাগে।
মৌলানা ৰাজভি বাৰেলভিয়ে কয়  যে উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদৰ সলনি মৌজা ধনীপুৰ জিলা ফৈজাবাদত ৫ একৰ ভূমি প্ৰদান কৰিছিল। কিন্তু মছজিদ নিৰ্মাণৰ বাবে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই। আনহাতে, ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত ইয়াক উদ্বোধন কৰিব৷

মৌলানাগৰাকীয়ে কয়  যে মুছলমানসকলে চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ডৰ ওপৰত বিশ্বাস হেৰুৱাইছে। এই ৱাকফ বোৰ্ডক  আৰু বিশ্বাস কৰিব নোৱাৰি। সেয়েহে মছজিদৰ ভেটিৰ আধাৰশিলা স্থাপনৰ  বাবে  কাবা শ্বৰীফৰ ইমামৰ পৰিৱৰ্তে  প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিব লাগে বুলিও তেওঁ কয়৷ 

মৌলানাগৰাকীয়ে  কয় যে বহু বছৰ পাৰ হোৱাৰ পাছতো মছজিদ নিৰ্মাণৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই, বৰঞ্চ মছজিদৰ নামত দান কৰিবলৈ আবেদন জনাই থকা  হৈছে৷ এনেবোৰ কথাই ভাৰতৰ মুছলমানসকলৰ মনত আঘাত দিয়া বুলিও তেওঁ কয়৷ 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক