--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত বিশাল ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অহা বছৰৰ  ২২ জানুৱাৰীত ৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব। ইফালেঅল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি শ্বাহবুদ্দিন ৰাজভি বাৰেলভিয়ে কৈছে  যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলাল্লাৰ অভিষেকৰ লগতে প্ৰস্তাৱিত ভূমিত এটা নতুন মছজিদ নিৰ্মাণৰ ভেটিও স্থাপন কৰিব লাগে। 

উল্লেখ্য  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অযোধ্যাৰ  আন এটা ঠাইত মছজিদ নিৰ্মাণৰ বাবে পাঁচ একৰ ভূমি দিয়া হৈছে৷ কিন্তু সেই ভূমিত  মছজিদ নিৰ্মাণকৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। মৌলানা শ্বাহবুদ্দিন ৰাজৱীয়ে কয়  যে মুছলমানসকলে কেন্দ্ৰীয় ৱাকফ বোৰ্ডৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। আমি কাবা শ্বৰীফৰ ইমামৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে  মছজিদৰ ভেটি স্থাপন কৰিব বিচাৰো। সেয়েহে ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে সময় উলিয়াই  নতুন  মছজিদ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব লাগে।
মৌলানা ৰাজভি বাৰেলভিয়ে কয়  যে উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদৰ সলনি মৌজা ধনীপুৰ জিলা ফৈজাবাদত ৫ একৰ ভূমি প্ৰদান কৰিছিল। কিন্তু মছজিদ নিৰ্মাণৰ বাবে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই। আনহাতে, ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত ইয়াক উদ্বোধন কৰিব৷

মৌলানাগৰাকীয়ে কয়  যে মুছলমানসকলে চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ডৰ ওপৰত বিশ্বাস হেৰুৱাইছে। এই ৱাকফ বোৰ্ডক  আৰু বিশ্বাস কৰিব নোৱাৰি। সেয়েহে মছজিদৰ ভেটিৰ আধাৰশিলা স্থাপনৰ  বাবে  কাবা শ্বৰীফৰ ইমামৰ পৰিৱৰ্তে  প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিব লাগে বুলিও তেওঁ কয়৷ 

মৌলানাগৰাকীয়ে  কয় যে বহু বছৰ পাৰ হোৱাৰ পাছতো মছজিদ নিৰ্মাণৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই, বৰঞ্চ মছজিদৰ নামত দান কৰিবলৈ আবেদন জনাই থকা  হৈছে৷ এনেবোৰ কথাই ভাৰতৰ মুছলমানসকলৰ মনত আঘাত দিয়া বুলিও তেওঁ কয়৷ 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক