--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ৷ ৰাম মন্দিৰ মুকলিৰ প্ৰাকক্ষণত  ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বাৰাণসী ভ্ৰমণলৈ আহিছে৷তামাঙে কয় "মই বাৰাণসী ভ্ৰমণলৈ আহিছো। উত্তৰ প্ৰদেশ বহুত সলনি হৈছে, প্ৰতিদিনে লাখ লাখ পৰ্যটক ইয়ালৈ আহে।’’ এই সময়ছোৱাত তেওঁ অযোধ্যাৰ কথাও উল্লেখ কৰে৷ 

কোটি কোটি লোকৰ বিশ্বাসৰ প্ৰতীক ৰাম মন্দিৰ শীঘ্ৰেই উদ্বোধন হ'বলৈ গৈ আছে। উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২০২৪ চনৰ ২২ জানুৱাৰীত অভিষেকৰ তাৰিখ ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব। এনে সময়তে ছিকিমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক এক বিশেষ অনুৰোধ কৰিছে৷  মুখ্যমন্ত্ৰী তামাঙে অযোধ্যাত তেওঁৰ বাবে ওডোখৰ ভূমি বিচাৰিছে৷  

মুখ্যমন্ত্ৰী তামাঙে কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা উত্তৰ-পূবত যথেষ্ট উন্নয়ন হৈছে, পৰিৱৰ্তন হৈছে। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে লগতে কয় যে আমি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক অযোধ্যাত এডোখৰ সৰু ভূমি  আৱণ্টন কৰিবলৈও অনুৰোধ জনাইছো। আমি পৰ্যটনৰ বিকাশৰ বাবে তাত এটা অতিথিশালা নিৰ্মাণ কৰিব বিচাৰিছো৷

উল্লেখ্য জানুৱাৰীত শ্ৰী ৰাম মন্দিৰত অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ পূৰ্বেই অযোধ্যা জিলাত বিমান পৰিবহন সেৱা আৰম্ভ হ'ব। প্ৰথম খন বিমান উদ্বোধনৰ বাবে ৩০ ডিচেম্বৰত অযোধ্যাত  উপস্থিত হ'ব উত্তৰ প্ৰদেশৰ  মুখ্যমন্ত্ৰী যোগী আৰু অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া তথা মন্ত্ৰী   ভি কে সিং৷  অযোধ্যাৰ  বিমানবন্দৰটোৰ  ২,২০০ মিটাৰ দৈৰ্ঘ্য আৰু ৪৫  মিটাৰ প্ৰস্থৰ ৰানৱেৰ কাম ইতিমধ্যে  সম্পূৰ্ণ হৈছে। ২৩ জানুৱাৰীৰ পৰা, সকলো ৰাম ভক্তই ভগৱান ৰাম লাল্লাৰ বিশাল মন্দিৰ দৰ্শন কৰিবলৈ সক্ষম হ'ব। অভিষেকৰ পিছত  মন্দিৰলৈ অহা প্ৰতিজন ৰাম ভক্তই যাতে সুন্দৰভাবে মন্দিৰ দৰ্শন কৰিব পাৰে  তাৰ সকলো ব্যৱস্থা কৰা হ'ব। ১.৫ লাখৰ পৰা ২.৫ লাখ লোকে দৈনিক ভগৱান ৰাম লাল্লাক দৰ্শন  কৰিবলৈ সক্ষম হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক