--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ৷ ৰাম মন্দিৰ মুকলিৰ প্ৰাকক্ষণত  ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বাৰাণসী ভ্ৰমণলৈ আহিছে৷তামাঙে কয় "মই বাৰাণসী ভ্ৰমণলৈ আহিছো। উত্তৰ প্ৰদেশ বহুত সলনি হৈছে, প্ৰতিদিনে লাখ লাখ পৰ্যটক ইয়ালৈ আহে।’’ এই সময়ছোৱাত তেওঁ অযোধ্যাৰ কথাও উল্লেখ কৰে৷ 

কোটি কোটি লোকৰ বিশ্বাসৰ প্ৰতীক ৰাম মন্দিৰ শীঘ্ৰেই উদ্বোধন হ'বলৈ গৈ আছে। উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২০২৪ চনৰ ২২ জানুৱাৰীত অভিষেকৰ তাৰিখ ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব। এনে সময়তে ছিকিমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক এক বিশেষ অনুৰোধ কৰিছে৷  মুখ্যমন্ত্ৰী তামাঙে অযোধ্যাত তেওঁৰ বাবে ওডোখৰ ভূমি বিচাৰিছে৷  

মুখ্যমন্ত্ৰী তামাঙে কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা উত্তৰ-পূবত যথেষ্ট উন্নয়ন হৈছে, পৰিৱৰ্তন হৈছে। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে লগতে কয় যে আমি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক অযোধ্যাত এডোখৰ সৰু ভূমি  আৱণ্টন কৰিবলৈও অনুৰোধ জনাইছো। আমি পৰ্যটনৰ বিকাশৰ বাবে তাত এটা অতিথিশালা নিৰ্মাণ কৰিব বিচাৰিছো৷

উল্লেখ্য জানুৱাৰীত শ্ৰী ৰাম মন্দিৰত অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ পূৰ্বেই অযোধ্যা জিলাত বিমান পৰিবহন সেৱা আৰম্ভ হ'ব। প্ৰথম খন বিমান উদ্বোধনৰ বাবে ৩০ ডিচেম্বৰত অযোধ্যাত  উপস্থিত হ'ব উত্তৰ প্ৰদেশৰ  মুখ্যমন্ত্ৰী যোগী আৰু অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া তথা মন্ত্ৰী   ভি কে সিং৷  অযোধ্যাৰ  বিমানবন্দৰটোৰ  ২,২০০ মিটাৰ দৈৰ্ঘ্য আৰু ৪৫  মিটাৰ প্ৰস্থৰ ৰানৱেৰ কাম ইতিমধ্যে  সম্পূৰ্ণ হৈছে। ২৩ জানুৱাৰীৰ পৰা, সকলো ৰাম ভক্তই ভগৱান ৰাম লাল্লাৰ বিশাল মন্দিৰ দৰ্শন কৰিবলৈ সক্ষম হ'ব। অভিষেকৰ পিছত  মন্দিৰলৈ অহা প্ৰতিজন ৰাম ভক্তই যাতে সুন্দৰভাবে মন্দিৰ দৰ্শন কৰিব পাৰে  তাৰ সকলো ব্যৱস্থা কৰা হ'ব। ১.৫ লাখৰ পৰা ২.৫ লাখ লোকে দৈনিক ভগৱান ৰাম লাল্লাক দৰ্শন  কৰিবলৈ সক্ষম হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক