--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বাদ-বিবাদৰ পিছত আদালতৰ ৰায়ৰ ভিত্তিত অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰ  ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব । সেই দিনটোতে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত স্থাপন কৰা হ’ব ৰামলালাৰ মূৰ্তি। ইয়াৰ সমান্তৰালভাবে  অযোধ্যাই লাভ কৰিব প্ৰথমটো বিমানবন্দৰ ।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে চহৰখনত ৰোড শ্ব' অনুষ্ঠিত কৰাৰ লগতে   শ্ৰী ৰাম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু অযোধ্যা ৰে'ল ষ্টেচনো উদ্বোধন কৰিব। 

 সেইমৰ্মে ২৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে অয়োধ্যাত ৩,২৮৪ কোটি  টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। সংবাদমাধ্যমৰ  সৈতে বাৰ্তালাপ কৰি অযোধ্যাৰ আয়ুক্ত গৌৰৱ দয়ালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ অযোধ্যা  ভ্ৰমণৰ সময়ত এটি ৰোড শ্ব' আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। ৰাম মন্দিৰ উদ্বোধন  মহোৎসৱৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু পৌৰাণিক অনুষ্ঠানৰ মাজেৰে দীৰ্ঘপ্ৰতীক্ষিত ৰাম মন্দিৰৰ শুভ উদ্বোধন হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ। অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে। 

বহুতে ভাবিছে ৰামলালাৰ প্ৰতিমূৰ্তি কিমান বজাত স্থাপন কৰা হ’ব? পণ্ডিতসকলে তিথি-নক্ষত্ৰলৈ চাই মাত্ৰ ৮৪ ছেকেণ্ডৰ এটা শুভ মুহূৰ্তটো ঠিক কৰিছে। অৰ্থাৎ ৰামলালাৰ জীৱন প্ৰতিষ্ঠা কৰাত ৮৪ ছেকেণ্ড অতি তাৎপৰ্যপূৰ্ণ। এই ৮৪ ছেকেণ্ডৰ ভিতৰতে ৰামলালা সিংহাসনত বহোৱা হ’ব আৰু প্ৰাণ প্ৰতিষ্ঠা হ’ব।

ৰামলালা মূৰ্তি স্থাপনৰ বাবে আটাইতকৈ শুভ সময় হ’ব ৮৪ ছেকেণ্ড। এই শুভ মুহূৰ্ত ২২ জানুৱাৰীৰ পৰা নিশা ১২:২৯:৪০ বজাৰ পৰা ১২:৩০:৩২ বজালৈ আৰম্ভ হয়। জ্যোতিষীসকলৰ মতে এই সময়ত বিশ্বব্ৰহ্মাণ্ডত ৬টা গ্ৰহ অনুকূল অৱস্থাত থাকিব। কাশীৰ জ্যোতিষী পণ্ডিত গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিদে এই মুহূৰ্তটোক আটাইতকৈ শুভ ৰূপত বাছি লৈছে। এই মুহূৰ্তটো ৰামলালাৰ জীৱন প্ৰতিষ্ঠা কৰাৰ সময় হিচাপে বাছি লোৱা হৈছে। ভূমি পূজাৰ শুভ সময় নিৰ্ধাৰণ কৰিছিল জ্যোতিষী পণ্ডিত গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিদাই। ৰামমন্দিৰ থিৰথক্ষেত্ৰ ট্ৰাষ্টে সমগ্ৰ দেশৰ পণ্ডিত আৰু জ্যোতিষীসকলক ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ সময় নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক